পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।  

False Social

শেহতীয়াভাৱে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ ঘোষণাৰ পাছতেই এটা টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামত তেওঁৰ এক্স (টুইটাৰ)ৰ স্ক্ৰীণশ্বট এটা দিয়া হৈছে। ভাৰতত কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ এক CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক লৈ লিখা হৈছে সেই টুইটত। লগতে টুইটটোত লিখা আছে যে ভাৰতত অত্যাচাৰ কৰা মুছলমানক পাকিস্তানী নাগৰিকত্ব দিয়া হ’ব। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই টুইটটোক সঁচা বুলি বিবেচনা কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁলোকে লগতে দাবী কৰিছে যে এতিয়া পাকিস্তানতো চৰকাৰে ভাৰতীয় CAA ৰ দৰেই একেধৰণৰ আইন আনিবলৈ ওলাইছে, যিটো কেৱল ভাৰতীয় মুছলমানৰ বাবেহে কাৰ্যকৰী হ’ব। ফেচবুকত শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টত লিখা হৈছে- পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে যে “আমিও পাকিস্তানত CAA আইন ৰূপায়ণ কৰিছো। যিসকল মুছলমানে অনুভৱ কৰে যে ভাৰতত তেওঁলোকক অত্যাচাৰ কৰা হৈছে আৰু ভাৰতত থাকিবলৈ উপযুক্ত নহয়, সেই মুছলমানসকল পাকিস্তানলৈ আহক, আমি তেওঁলোকক তৎক্ষণাত পাকিস্তানী নাগৰিকত্ব প্ৰদান কৰিম।”

এয়া হে কথা…ইনশ্বাল্লাহ!!

Facebook LinkArchived Link  

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এক্স হেণ্ডেলত চাৰ্চ কৰি টুইটটোৰ সন্ধান কৰিলোঁ। কিন্তু আমি শ্বাহবাজ শ্বৰীফৰ অফিচিয়েল হেণ্ডেলত তেনে কোনো টুইট পোৱা নাছিলোঁ। ১৬ মাৰ্চত তেওঁৰ অফিচিয়েল একাউণ্টৰ পৰা শেহতীয়াকৈ দিয়া টুইটটো হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান আল ছাউদৰ টেলিফোন কলৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা এটা টুইট। লগতে টুইট কৰা হৈছে দুটা মছজিদৰ ৰক্ষক ৰজা ছলমান বিন আব্দুল আজিজৰ সুস্বাস্থ্যৰ বাবে শুভেচ্ছা জ্ঞাপন আৰু মংগল প্ৰাৰ্থনা কৰি দিয়া টুইট। ইয়াৰ উপৰিও এইচ আৰ এইচ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজৰ ভ্ৰাতৃত্ববোধক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ কথা টুইট কৰা হৈছে।

ইয়াৰ পূৰ্বে ১০ মাৰ্চৰ বিয়লি তেওঁ মালদ্বীপৰ প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Archived Link

তাৰ বাহিৰে আমি ভাইৰেল হোৱা টুইটটো নাপালোঁ। আমি পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰিও পৰীক্ষা কৰিলোঁ যদিও পাকিস্তানত কা বলৱৎ কৰাৰ কোনো খবৰ নাপালোঁ। তাৰ পৰাই আমি নিশ্চিত হৈছোঁ যে ভাইৰেল টুইটো সম্পাদনা কৰা আৰু ভূৱা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল টুইটটো শ্বাহবাজ শ্বৰীফৰ নামত আন কোনোবাই সম্পাদনা কৰা আৰু সম্পূৰ্ণ ভুৱা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *