
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৭৫ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৩৯.৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৫৯ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ১৯৮১ জনৰ মৃত্যু হৈছে । অসমতো ৫৯জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি হোৱাটচ এপ্প মেছেজৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে ।
এনে সময়তে আমালৈ এটা বিশেষ বাতৰিৰ নিউজ কাটিং ফটো হিচাবে পঠিওৱা হ’ল | বাতৰিটোত লিখা আছে যে ভাৰতত ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা মানুহৰ সংখ্যা ৫০ হাজাৰ পাৰ কৰিছে ।
বাতৰিটো টাইমছ অফ ইণ্ডিয়া নামৰ দেশৰ প্ৰতিষ্ঠিত বাতৰি কাকতখনত প্ৰকাশ পাইছে । ভাৰতৰ আন ঠাইৰ দৰে অসমতো উক্ত নিউজ পেপাৰ কাটিংটো যথেষ্ট শ্বেয়াৰ হৈছে ।
প্ৰণালী
আমি এই বাতৰিটোৰ বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে বাতৰিটো ‘টাইমছ অফ ইণ্ডিয়া’ৰ হাইদৰাবাদৰ পৰা প্ৰকাশিত কাকতখনত প্ৰকাশিত হৈছিল আৰু ‘টাইমছ অফ ইণ্ডিয়া’ৰ হাইদৰাবাদৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা ইতিমধ্যে এইয়া এক ভুল বুলি মানি পাঠকৰ ওচৰত ক্ষমা খোজা হৈছে । তেওঁলোকে টুইটটোত স্বীকাৰ কৰিছে যে ৫০ হাজাৰ মানুহ আক্ৰান্ত হৈছে বুলি নিলিখি, ভুলতে ৫০ হাজাৰ মানুহ মৃত্যু হোৱা বুলি তেওঁলোকে লিখিছে ।
ইয়াৰ পাছত আমি এই সম্পৰ্কে প্ৰচাৰ ভাৰতী নিউজ ছাৰ্ভিছেজ’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰাও এক টুইট কৰা দেখিলোঁ য’ত উল্লেখ কৰা হৈছে যে এইয়া মিছা আৰু আচলতে মে’ ৭, ২০২০ তাৰিখে ৰাতিপুৱা ৮ বজাত, ভাৰতত ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ ১৭৮৩জন মানুহহে মৃত্যু মুখত পৰিছে । উক্ত টুইটটো পিআইবি ফেক্ট চেকৰ টুইটাৰ হেণ্ডেলৰ পৰা ৰিটুইট কৰা হৈছে ।
আমি এই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ আৰু আমি লক্ষ্য কৰিলোঁ যে সেই সময়ত আচলতে ভাৰতত ক’ৰনা ভাইৰাছ ৰোগত আক্রান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছিল আৰু সেই বাতৰিটো পৰিবেশন কৰোঁতে হয়তো উক্ত বাতৰি কাকতখনৰ কিছু ভুল হৈছিল । ভাৰতত আক্রান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰা বিষয়ে ‘এনডিটিভি’য়ে পৰিবেশন কৰা এক বাতৰি চাওক ইয়াত ।
ইয়াৰ উপৰিয়ো ভৱিষ্যতে ভাৰতত ক’ৰনা ভাইৰাছ ৰোগত কিমান আক্ৰান্ত হৈছে, কিমানৰ মৃত্যু হৈছে বা কিমানজন আৰোগ্য হৈ উঠিছে, সেইয়া যিকোনো সময়ত জানিবলৈ ভাৰত চৰকাৰৰ আৰোগ্য এপ্পটো ডাউনল’ড কৰি লব পাৰে ।
ফলাফল
ভাৰতত ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা মানুহৰ সংখ্যা ৫০ হাজাৰ পাৰ কৰিছে বুলি টাইমছ অফ ইণ্ডিয়াৰ বাতৰিটো ভুল হয় আৰু তেওঁলোকে ইতিমধ্যে ক্ষমা খুজিছে । সেই সময়ত আচলতে ভাৰতত ক’ৰনা ভাইৰাছ ৰোগত আক্রান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছিল আৰু এই বাতৰিটো পৰিবেশন কৰোঁতে হয়তো উক্ত বাতৰি কাকতখনৰ কিছু ভুল হৈছিল ।

Title:ভাৰতত ক’ৰনা ভাইৰাছত ৫০ হাজাৰ মানুহ আক্ৰান্ত হৈছে বুলি নিলিখি ভুলতে ৫০ হাজাৰ মানুহ মৃত্যু হোৱা বুলি ‘টাইমছ অফ ইণ্ডিয়া’ই প্ৰকাশ কৰিছিল!
Fact Check By: Manjori BorkotokyResult: False