
ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এতিয়ালৈকে প্ৰায় ৭০ হাজাৰ মানুহ এই ৰোগত ভুগি মৃত্যু মুখত পৰিছে আৰু লাখ লাখ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতৰ দৰে বিশ্বৰ বহুতো দেশত ইতিমধ্যে লক ডাউন ঘোষণা কৰা হৈছে আৰু স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে । মানৱতাৰ চৰম দুৰ্যোগৰ এই ক্ষণত কিন্ত প্ৰকৃতিয়ে যেন এক নৱ জীৱন পাই সাৰ পাই উঠিছে । সাধাৰণতে চকুত নপৰা বিভিন্ন জীৱ-জন্তুবোৰ আকৌ দৃশ্যমান হৈছে আৰু নদী-পৰ্বত আদি মনমোহা হৈ জিলিকি উঠিছে । মানুহবোৰ ঘৰত সোমাই থকাৰ ফলত গাড়ী মটৰ, কাৰখানা আদি বন্ধ হৈ পৰাত প্ৰদূষণ কমি গৈছে আৰু প্ৰকৃতিৰ এক নতুন মনমোহা ৰূপ আমাৰ চকুৰ আগত ভাঁহি উঠিছে বুলি বিভিন্নজনে মন্তব্য দিছে ।
এনে সময়তে এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু টুইটাৰত বহুল ভাৱে শ্বেয়াৰ হোৱা ভিডিঅ’টোত এখন জাহাজৰ কাষত সাগৰৰ পানীত কেইবাটাও হুৱেইল দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া ভাৰতৰ বোম্বে হাইৰ (তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বৃহত্তম অফচ’ৰ অইল ফিল্ড) পৰা ৰেকৰ্ড কৰা ভিডিঅ’ হয় আৰু তাত এই হুৱেইলবোৰ শেহতীয়াকৈ দৃশ্যমান হৈছে । অসমতো এই ভিডিঅ’টো ভাইৰেল হব ধৰিছে আৰু সমুজ্জল কাশ্যপ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এপ্ৰিল ৪, ২০২০ তাৰিখে আবেলি ৬:৫৬ বজাত এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে য’ত মুম্বাইত হুৱেইল দেখা গৈছে বুলি তেওঁ লিখিছে আৰু লগতে তেওঁ উল্লেখ কৰিছে যে প্ৰকৃতিৰ ভালবোৰ আকৌ ঘূৰি আহিছে । উক্ত ভিডিঅ’টোত তেওঁ বিভিন্নজনক টেগ কৰিছে আৰু ভিডিঅ’টো ইতিমধ্যে ১.৯ হাজাৰবাৰ দৰ্শন কৰা হৈছে । তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টো প্ৰথমে সঞ্জয় ভূতিয়ানি নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে আৰু সেই ভিডিঅ’টো ১০৩ বাৰ শ্বেয়াৰ কৰা হৈছে ।
সঁচাকৈ এই ভাইৰেল ভিডিঅ’টো বোম্বে হাইৰ পৰা ৰেকৰ্ড কৰা নেকি? সঁচাকৈ তাত হুৱেইল ওলাইছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ জৰিয়তে বিচাৰিলোঁ আৰু পালোঁ যে উক্ত ভিডিঅ’টো আচলতে ইণ্ডোনেছিয়াৰ হয় আৰু বৰ্তমানৰ নহয় । আমি ইউটিউবত আগষ্ট ২০১৯ তাৰিখে একেটা ভিডিঅ’ৰে এক দীঘলীয়া সংস্কৰণ আপলোড হোৱা দেখা পালোঁ । ভিডিঅ’টোৰ শিৰোনামা মতে ভিডিঅ’টো ইণ্ডোনেছিয়াৰ বালি নামৰ ঠাখনৰ দক্ষিনপূব অঞ্চলৰ নুচা পেনিদা নামৰ এক দ্বীপৰ হয় ।
কীৱৰ্ডছ ব্যৱহাৰ কৰি আৰু চাৰ্ছ কৰাৰ পাছত আমি বিবিচি ইণ্ডোনেছিয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা আগষ্ট ২৯, ২০১৯ তাৰিখে প্ৰকাশ কৰা এক টুইট পালোঁ । ইয়াতো আমি একেটা ভিডিঅ’ দেখা পালোঁ য’ত, “ভিডিঅ’, হাম্পবেক হুৱেইলৰ এটা গ্ৰুপক কাৰীমুনজাৱা সাগৰ পাৰ হৈ যোৱা দেখা গৈছে যদিয়ো এইটো ইহঁতৰ বছৰেকীয়া প্ৰবজন পথ নহয় ।”
ইয়াৰ উপৰিয়ো আমি এই সম্পৰ্কে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ জ্যেষ্ঠ বিষয়া টিএছ গগৈৰ সৈতে যোগাযোগ কৰিলোঁ । তেওঁৰ বোম্বে হাই’ত কাম কৰাৰ বহু বছৰৰ অভিজ্ঞতা আছে । তেওঁ আমাক জনালে যে এই ভিডিঅ’টো বোম্বে হাইৰ পৰা ৰেকৰ্ড কৰা নহয় যিহেতু তালৈ কোনো লোককে মোবাইল নিবলৈ অনুমতি দিয়া নহয় ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো মুম্বাইৰ নহয় বৰঞ্চ ইণ্ডোনেছিয়াৰ হয় আৰু বৰ্তমানৰ লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই । বোম্বে হাই’লৈ কোনো লোককে মোবাইল নিবলৈ অনুমতি দিয়া নহয় ।

Title:ইণ্ডোনেছিয়াৰ হুৱেইলৰ ভিডিঅ’ বোম্বে হাই’ৰ ভিডিঅ’ বুলি ভাইৰেল হৈছে!
Fact Check By: Manjori BorkotokyResult: False