
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৫৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে দুহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮৬ জনৰ মৃত্যু হৈছে । অসমতো ২৪জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ ৰোগৰ লগত সম্বন্ধ থকা বিভিন্ন ভুৱা মেছেজ হোৱাটচ এপ্পৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।
এনে এক ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ডৰ মতে ‘জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়’ নামৰ এক বিভাগৰ পৰা এক জাননী দিয়া হৈছে যে ৪ মাৰ্চ, ২০২০ৰ পৰা প্ৰতিটো ফোন কল ৰেকৰ্ডিং কৰা হব আৰু সকলোৰে মোবাইলবোৰ পোনে পোনে মন্ত্ৰীৰ ব্যৱহাৰ সৈতে সংযোজিত হব । ইয়াৰ বাদেও আৰু আন বহুতো ঘোষণা উক্ত জাননীখনত আছে ।
সঁচাকৈ এনে কোনো জাননী চৰকাৰে প্ৰকাশ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু অসমৰ জনসংযোগ বিভাগে ফেচবুকৰ অফিচিয়েল পেজৰ পৰা এই সম্পৰ্কে এক স্পষ্টীকৰণ দিয়া আমাৰ দৃষ্টিগোচৰ হয়। তেওঁলোকে লিখিছে যে, “#diprassamFakeNewsAlert: সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা তলৰ পোষ্টটো আমাৰ দৃষ্টিগোচৰ হৈছে। আমি সাধাৰণ জনতাক জনাব বিচাৰিছোঁ যে এইটো এটা অপপ্ৰচাৰহে। এনেকুৱা কোনোধৰণৰ ভুৱা বাতৰিত, উৰা-বাতৰিত বা অপপ্ৰচাৰত ৰাইজক ভোল নাযাবলৈ আহ্বান জনাইছো।”

আমি আৰু দেখিলোঁ যে এই সম্পৰ্কে অসম পুলিচৰ ফালৰ পৰাও টুইটাৰত এক স্পষ্টীকৰণ দিয়া হৈছে যে উক্ত ভাইৰেল মেছেজটো ভুৱা হয় আৰু এনে ধৰণৰ কোনো চৰকাৰৰ বিভাগ নাই আৰু এনে কোনো জাননী ঘোষণা কৰা হোৱা নাই । এই সম্পৰ্কে পঢ়ক ইয়াত ।

ইয়াৰ পাছত আমি এই সম্পৰ্কে অসম চৰকাৰৰ অফিচিয়েল ৱেবচাইটত চাৰ্ছ কৰিলোঁ আৰু ‘জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়’ নামৰ কোনো বিভাগ বিচাৰি নাপালোঁ । এই সম্পৰ্কে ইয়াত পঢ়ক ।

ফলাফল
ভাইৰেল মেছেজটো ভুৱা হয় আৰু অসম চৰকাৰৰ ‘জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়’ বুলি কোনো বিভাগ নাই আৰু এনে কোনো জাননীও চৰকাৰৰ ফালৰ পৰা প্ৰচাৰ কৰা হোৱা নাই । এনে ধৰণৰ ভাইৰেল ভুৱা মেছেজৰ ফলত সাধাৰণ মানুহৰ মাজত অনাহকত আতংকৰ সৃষ্টি হৈছে ।

Title:চাৰি মাৰ্চৰ পৰা প্ৰতিটো ফোন কল ৰেকৰ্ডিং কৰা হব বুলি ‘জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়’ৰ জাননীখন ভুৱা হয়!
Fact Check By: Manjori BorkotokyResult: False