২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি?

False Social

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৯ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

এনে এক হোৱাটচ এপ্প ফৰৱাৰ্ড সম্প্ৰতি অসমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে শ্বেয়াৰ কৰি আছে । ফেচবুকটো উক্ত ফটোখন ভাইৰেল হৈ পৰিছে । ফটোখনত দাবী কৰা হৈছে যে ২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব । 

internet 3.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

internet 4.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ফটোখন ভালকৈ লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে ইয়াত অসমৰ নিউজ চেনেল নিউজ লাইভৰ ল’গ’ লাগি আছে আৰু ফটোখন আচলতে নিউজ লাইভৰ নিউজ ভিডিঅ’ৰ এক স্ক্ৰীনশ্বট হয় । 

internet 1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

ইয়াৰ পাছত আমি নিউজ লাইভৰ ফেচবুক পেজলৈ গ’লো আৰু দেখিলোঁ যে তাত এইবিষয়ে তেওঁলোকে এক স্পষ্টীকৰণ দি থৈছে যে উক্ত ফটোখন ভুৱা হয় আৰু তেওঁলোকৰ ভিডিঅ’ৰ পৰা স্ক্ৰীনশ্বট তুলি এডিত কৰি এই ভুৱা ফটোখন বনোৱা হৈছে । তাত আৰু লিখা আছে যে এনে ধৰণৰ কোনো ইণ্টাৰনেট বন্ধ দিয়া হোৱা নাই আৰু তেওঁলোকে এই ভুৱা ফটোখনৰ বিৰুদ্ধে ৰাইজক পুলিচৰ ওচৰত ৰিপৰ্ট দাখিল কৰিবলৈ অনুৰোধ জনাইছে । নিউজ লাইভৰ ফালৰ পৰা এক এফআইআৰ ইতিমধ্যে দাখিল কৰা হৈছে বুলি তেওঁলোকে স্পষ্ট কৰিছে । 

ইয়াৰ উপৰিয়ো আমি এই বিষয়ে আন লোকেল মিডিয়াত বিচাৰিলোঁ আৰু পালোঁ যে নিয়মীয়া বাৰ্তা নামৰ অসমৰ দৈনিক বাতৰি কাকতখনে এই বিষয়ে ইতিমধ্যে নিউজ কৰিছে । এই বিষয়ে পঢ়ক ইয়াত । 

internet 2.png

ফলাফল

অসমত কোনো ইণ্টাৰনেট বন্ধ ঘোষণা কৰা নাই । ভাইৰেল ফটোখন ভুৱা হয় আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে । 

Avatar

Title:২৬ মাৰ্চৰ দিনৰ দুটা বজাৰ পৰা ৪৫ দিনলৈ ইণ্টাৰনেট বন্ধ হৈ পৰিব নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *