এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা নাই।

False Political

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ইন্দিৰা গান্ধীৰ এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত তেওঁ কিবা খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছিল যে ব্ৰাহ্মণ হৈয়ো তেওঁ সাগৰীয় (আমিষ) খাদ্য খাইছিল।

Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ চনৰ ২৫ ছেপ্টেম্বৰত দ্য হিন্দু ৱেবছাইটত আপলোড কৰা একেখন ফটো পালোঁ।লেখাটোত এজন প্ৰবীণ ফটোগ্ৰাফাৰ শ্ৰীধৰ নাইডুৰ মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ পাইছিল। ইন্দিৰা গান্ধীয়ে মাকৈ খোৱাৰ এই ফটোখন তোলা ফটোগ্ৰাফাৰ শ্ৰীধৰ নাইডু বুলিও উল্লেখ কৰা হৈছিল।

তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰাক্তন সহকাৰী সঞ্চালক শ্ৰীধৰ নাইডুৱে হায়দৰাবাদৰ ফাতেহ ময়দান ক্লাবত এই ছবিখন তুলিছিল। এই বিভাগত চাৰি দশকৰো অধিক সময় কাম কৰি শ্ৰীধন নাইডুৱে বহু ৰাজনীতিবিদৰ ফটো তুলিছিল। ইন্দিৰা গান্ধীয়ে মাকৈ খোৱাৰ ছবিখনেই আছিল তেওঁৰ আটাইতকৈ প্ৰশংসিত এক্ফক্লুচিভ ফটো।

Archived Link

তলত ভাইৰেল ফটোখন আৰু প্ৰকৃত ফটোখনৰ তুলনা চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য নহয় বৰং মাকৈহে খাই থকা দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা নাই।

Written By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *