
মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ পাছত চ’ছিয়েল মিডিয়াত বিভিন্ন বিভ্ৰান্তিকৰ তথ্য, ভুৱা খবৰ, বিসংগতিপূৰ্ণ দৃশ্য ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমি তেনেকুৱা বিভিন্ন ভুৱা খবৰৰ সত্যতাও নিৰূপণ কৰিছোঁ। ১৪চেপ্তেম্বৰ ২০২৩ ৰাতিপুৱাৰ ভাগত আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।

মৰক্কোৰ সেই বৰভূইকঁপৰ পূৰ্বে মৰক্কোৰ আকাশত ভয়ংকৰ বিজুলী ঢেৰেকনিৰ সৃষ্টি হৈছিল বুলি এক দাবীৰে সেই ভিডিঅ’টো অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰা আমাৰ দৃষ্টিগোচৰ হৈছিল।
কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো মৰক্কোৰ ভূমিকম্পৰ পূৰ্বৰ দৃশ্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথমে এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ। Spacelover.official নামৰ ফেচবুক পেজটোত ২০২১ চনৰ ১৪ মাৰ্চত দিয়া পোষ্টটোত সেইটো ভিডিঅ’ আপলোড কৰি লিখা হৈছিল- They’re here… Rate this artwork 1-10 , Artist: @jayhideaway
উল্লিখিত ফেচবুক পোষ্টটোত সেই ভিডিঅ’টোৰ সৃষ্টিকৰ্তা হিচাপে Jay Hideawayৰ নাম উল্লেখ কৰা দেখি আমি সেই নামটো বিচাৰি চাওতে Open Sea নামৰ এটা ৱেবচাইটত Jay Hideawayই তিনিটা তেনেকুৱা চিজিআই ভিডিঅ’ বিক্ৰীৰ বাবে উপলব্ধ কৰি থোৱা দেখিলোঁ। তাৰে The Visitor শীৰ্ষক ভিডিঅ’টোৱেই ভাইৰেল হোৱা ভিডিঅ’টো হিচাপে আমি চিনাক্ত কৰিবলৈ সক্ষম হ’লোঁ।

তদুপৰি আমি এক্স(পূৰ্বৰ টুইটাৰ)তো এটা টুইট পালোঁ। তাতো সেই সেই ভিডিঅ’টো সংলগ্ন কৰা হৈছে।
টুইটটোৰ মতে এণ্ডি ফৰ্টেনবাচাৰ নামৰ ব্যক্তিজনে সেই ভিডিঅ’টো সৃষ্টি কৰিছিল। তাত লিখিছে- বহুতে মোক এই ভাইৰেল ভিডিঅ’টোৰ বিষয়ে সুধিছিল। অৱশ্যে ই এটা মিছা ভিডিঅ’। কোনে কৰিলে? ক্ৰেডিটৰ সৈতে কেইবাটাও ক্ৰপ কৰা সংস্কৰণ আছে, মই ভাবো ইয়াক টিকটক ব্যৱহাৰকাৰী এণ্ডি ফৰ্টেনবাচাৰে সৃষ্টি কৰিছে। টুইটটোৰ পৰায়ে আমি জানিব পাৰিলোঁ যে এণ্ডি ফৰ্টেনবানচাৰে Jay Hideaway নামেৰে এই ভিডিঅ’টো সৃষ্টি কৰিছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এইটো শেহতীয়া মৰক্কো ভূমিকম্পৰ পূৰ্বে অহা বিজুলী ঢেৰেকনিৰ দৃশ্য নহয়। ২০২০চনতে এণ্ডি ফৰ্টেনবাচাৰ নামৰ লোকজনে চিজিআইৰ জৰিয়তে সৃষ্টি কৰা এটা ভিডিঅ’হে এইটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: মৰক্কোৰ ভূমিকম্পৰ পূৰ্বে আকাশত এনেকৈ বিজুলী ঢেৰেকনি অহা নাছিল।
Written By: Pranjal SharmaResult: False
