সঁচাকৈয়ে হৈ যোৱা পৰীক্ষা চাই মেট্ৰিকৰ ৰিজাল্ট দিব নেকি ছেবাই?

False Social

অতি শেহতীয়া ভাবে অসমৰ চ’ছিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে হৈ যোৱা পৰীক্ষা চাই ৰিজাল্ট দিব ছেবাই। মেট্ৰিক পৰীক্ষাৰ্থীলৈ ভাল খবৰ বুলি লিখি এই ফটোখন বিশেষকৈ শ্বেয়াৰচেটৰ দৰে চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। 

Archived link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে শ্বেয়াৰচেটত ভাইৰেল হোৱা সেই ফটোখন ভালকৈ পৰীক্ষা কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰি চালোঁ। আমি অনুৰূপ কোনো ধৰণৰ ঘোষণাৰ লিংক লাভ নকৰিলোঁ। ছেবাৰ ৱেবচাইট তথা গুগলতো আমি এই বিষয়ত কী-ৱৰ্ড ছাৰ্চ কৰি তেনেকুৱা কোনো ধৰণৰ ঘোষণাৰ বাতৰি লাভ নকৰিবলোঁ। আমি এই কথাটো সম্পৰ্কত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ সৈতে ফোনযোগে কথা পতাত তেখেতে ইতিমধ্যেই উল্লেখ কৰিছিল যে চলিত বৰ্ষৰ মেট্ৰিকৰ দুখন প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিটত সেই দুখন প্ৰশ্ন কাকতৰ পৰীক্ষা নতুনকৈ আয়োজন কৰা হ’ব। কিন্তু সকলো পৰীক্ষা বাতিল কৰা বা অন্য ধৰণে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কোনো ঘোষণা কৰা হোৱা নাই। 

ইয়াৰ ওপৰিও মেট্ৰিকৰ সকলো পৰীক্ষা বাতিল কৰি সকলো পৰীক্ষাৰ্থীকে পাছ কৰাই দিয়া সন্দৰ্ভত আমি এক সত্যতা নিৰূপন ইতিমধ্যেই কৰি থৈছিলোঁ। যত আমি লাভ কৰিছিলোঁ যে সকলো পৰীক্ষা বাতিল কৰি সকলো পৰীক্ষাৰ্থীকে পাছ কৰাই দিয়া বুলি ওলোৱা খবৰটো মিছা। ইয়াত  পঢ়ক। 

কেৱল ইমানেই নহয়। ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভতো আমি সত্যতা নিৰূপন কৰি লাভ কৰিছিলোঁ যে ভূগোলৰ প্ৰশ্নকাকত বাতিল হোৱা নাই। সেয়া পুৰণি প্ৰশ্নকাকত এডিট কৰি ভাইৰেল কৰা হৈছিল। ইয়াত পঢ়ক।

তদুপৰি আমি শিক্ষামন্ত্ৰী ডা. ৰনোজ পেগুৰ টুইটাৰ হেণ্ডেলত এটা টুইট লাভ কৰিলোঁ। যিটোত তেওঁ শিক্ষক, অভিভাৱক, শিক্ষাৰ্থী আদি সকলো পক্ষকে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত যিকোনো তথ্য লাভ কৰিলেই সংশ্লিষ্ট বিষয়া কথা আৰক্ষীৰ কাষ চাপিবলৈ অনুৰোধ কৰিছে। তদুপৰি চৰকাৰে নিকাভাৱে পৰীক্ষা আয়োজন কৰিবলৈ যতপৰোনাষ্টি চেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি সকলো পক্ষকে সহায় কৰিবলৈ আহ্বান জনাইছে। 

Archive Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে চলিত বৰ্ষৰ ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেৱল গণিত আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত দুখনহে ফাদিল হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত নতুনকৈ পৰীক্ষা আয়োজন কৰা হব। লগতে ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা খবৰটোও অসত্য। পূৰ্বৰ পৰীক্ষাৰ ফলাফল চাই মেট্ৰিকৰ ফলাফল দিয়া বুলি ওলোৱা খবৰটো মিছা

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে হৈ যোৱা পৰীক্ষা চাই মেট্ৰিকৰ ৰিজাল্ট দিব নেকি ছেবাই?

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *