
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে দাঙি বাস্কেটত সোমোৱাই দিলে।অলপ সময়ৰ বাবে সকলো হতবাক। পাছত পৰিস্থিতি অনুধাৱন কৰি আৰু ৰেফাৰীৰ পুতৌ লগা অৱস্থা দেখি সকলো ফালে গিৰ্জনি মৰা হাঁহি। বাস্কেটবলত এনেকুৱা দৃশ্য আগতে কেতিয়াও দেখিবলৈ পোৱা নগৈছিল”। এই ভিডিঅ’টো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ৱেবছাইটত восьмое чудо света (The Eighth World Wonder) নামৰ এখন চিনেমা দেখিলোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ ক্লিপ আছিল।
এটা ইউটিউব চেনেলত ৰাছিয়ান ভাষাত থকা সম্পূৰ্ণ চিনেমাখন দেখা গ’ল। ভিডিঅ’টোৰ ৩৩:৩৬ মিনিটৰ টাইমষ্টেম্পত মহিলা বাস্কেটবল খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰাগৰাকীয়ে ৰেফাৰীক বাস্কেটবলৰ হুপত পেলাই দিয়া দেখা গৈছে।

আমি পুনৰ অনুসন্ধান কৰি জানিব পাৰিলোঁ যে The Eighth Wonder of the World নামৰ চিনেমাখন ১৯৮১ চনত মুক্তি লাভ কৰা এখন কমেডী চিনেমা আছিল। চিনেমাখনৰ কাহিনীভাগ হেৰা কাপৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোভিয়েট বাস্কেটবল খেলুৱৈসকলক কেন্দ্ৰ কৰিয়েই আছিল। ভ্লাদিমিৰ কাপিটান’ভস্কিয়ে ৰচনা কৰা এই ছবিখন পৰিচালনা কৰিছিল চেমছন চেমছনভে। ইয়াত লিয়া আখেজাকোভা আৰু টাটিয়ানা ক্ৰাভচেংকোকে ধৰি কেইবাজনো সুপৰিচিত অভিনেতাই অভিনয় কৰিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত দাবী কৰাৰ নিচিনাকৈ মহিলা বাস্কেটবল খেলুৱৈগৰাকীয়ে ৰেফাৰীক বাস্কেটত সুমুৱাই দিয়া ঘটনাটো সত্য ঘটনা নহয় বৰং সেয়া হৈছে এখন চিনেমাৰহে দৃশ্যাংশ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?
Fact Check By: FactCrescendo AssameseResult: False
