
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” নামৰ ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’পালোঁ। এই ভিডিঅ’টো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই।
ভিডিঅ’টোত থকা বৰ্ণনা অনুসৰি দক্ষিণ আফ্ৰিকাৰ ছাবি ছাবি ৰাষ্ট্ৰীয় উদ্যানত মেট টেম্পাৰলে (Matt Temperley) নামৰ ব্যক্তি এজনে এই ভিডিঅ’টো ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত দেখা সিংহটো হৈছে N’waswishaka মতা সিংহ। দক্ষিণ আফ্ৰিকাত অৱস্থিত এটা ব্যক্তিগত গেম ৰিজাৰ্ভ হৈছে ছাবি ছাবি ৰিজাৰ্ভ। য’ত পৰ্যটকে ছাফাৰী বাহনেৰে বন্যপ্ৰাণী চোৱাৰ ব্যৱস্থা আছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো অসমৰ কৰিমগঞ্জ জিলাৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰ ছাবি ছাবি ৰাষ্ট্ৰীয় উদ্যানৰহে আৰু লগতে ভিডিঅ’টো পুৰণিও।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
