
শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । আন্দোলনৰ অংশ হিচাবে প্ৰতিবাদকাৰীয়ে ঠাইয়ে ঠাইয়ে ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন আন পথবোৰ বন্ধ কৰি দিছিল আৰু বিভিন্ন সময়ত সাধাৰণ নাগৰিক বা যাত্ৰীৰ লগত খণ্ড যুদ্ধতও লিপ্ত হৈছিল ।
ইয়াকে লৈ এখন বিশেষ ফটো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ভাষাত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিল য’ত লিখা আছে – “অসমত CAA প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰিছিল এখন ট্ৰেইন কিন্তু এই সাহসী মহিলা পাইলত গৰাকীয়ে ট্ৰেইনখন কৌশলতাৰে আগুৱাই লৈ যায় আৰু প্ৰায় ১৫০০ যাত্ৰীৰ জীৱন ৰক্ষা কৰে… Salute!” ফটোখনত এগৰাকী মহিলা ট্ৰেইন ড্ৰাইভাৰক কৰ্মৰত অৱস্থাত দেখা গৈছে । অসমতো এই ফটোখন হোৱাটচ এপ্পৰ জৰিয়তে প্ৰচাৰ হৈছে বুলি আমালৈ খবৰ আহিছে ।
এই মহিলা গৰাকী কোন? সঁচাকৈ তেওঁ ভাইৰেল ফটোখনত লিখাৰ দৰে ১৫০০ যাত্ৰীৰ জীৱন ৰক্ষা কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
পোন প্ৰথমেই আমি এন এফ ৰেলৱেৰ মুখ্য জন সম্পৰ্কীয় বিষয়া সুভানন চন্দাৰ সৈতে যোগাযোগ কৰিছিলোঁ । তেখেতে নিশ্চিত কৰিলে যে এনে কোনো ঘটনা উত্তৰ পূবত ঘটা নাই আৰু এইয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন ।
ইয়াৰ পাছতেই আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু একেখন ফটো টেলিগ্ৰাফ নিউজ পেপাৰত প্ৰকাশ হোৱা এক বাতৰিৰ সৈতে বিচাৰি পালোঁ । ২০১৪ চনতে প্ৰকাশ পোৱা এই বাতৰিটো ভাৰতৰ ইষ্ট কৌষ্ট ৰেলৱেত কৰ্মৰত ৩০ গৰাকী মহিলা ট্ৰেইন পাইলতৰ বিষয়ে লিখা হৈছে । মহিলাবোৰেও যে এতিয়া দক্ষতাৰে এনেকুৱা চেলেঞ্জিং চাকৰিত পুৰুষৰ সমানেই ফেৰ মাৰিছে সেই বিষয়ে ৰিপৰ্টটো লিখা হৈছে । বাতৰিটো পঢ়ি আমি আৰু গম পালোঁ যে ফটোখনত দেখা মহিলা গৰাকীৰ নাম স্বাগতিকা প্রিয়দর্শনী আৰু তেওঁ প্ৰত্যেক দিনা কেনেকৈ দক্ষতাৰে এই চাকৰি কৰি আহিছে ।

আমি ইয়াৰ পাছত গুগলত চাৰ্ছ কৰি ভাইৰেল হোৱা দাবীটোৰ বিষয়ে বিচাৰ খোচাৰ কৰি চালোঁ কিন্তু আমি ক’তো অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ লগত উক্ত মহিলাগৰাকীৰ কোনো সম্পৰ্ক দেখা নাপালোঁ ।
স্বাগতিকাৰ সৈতে আমি এই সম্পৰ্কে যোগাযোগ স্থাপন কৰিছিলোঁ আৰু নিশ্চিত হলোঁ যে অসমত তেওঁ কৰ্মৰত নহয় বৰঞ্চ তেওঁ উৰিষ্যাত ট্ৰেইনৰ পাইলত হিচাবে চাকৰি কৰি আছে । তেওঁ আমাক লগতে জনালে যে অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সময়ত তেওঁ বহু যাত্ৰীৰ প্ৰাণ বচাইছে বুলি অসমত যি বাতৰি ওলাইছে সেইয়া সম্পূৰ্ণ উৰা বাতৰি আৰু ভিত্তিহীন ।
ফলাফল
আমি নিশ্চিত হলোঁ যে অসমত এনে কোনো ঘটনা ঘটা নাই আৰু ভাইৰেল ফটোখনত দাবী কৰা কথাবোৰ সম্পূৰ্ণ ভুৱা আৰু মনেসজা ।

Title:অসমৰ কা বিৰোধী আন্দোলনৰ সময়ত এই ট্ৰেইন পাইলত গৰাকীয়ে ১৫০০ যাত্ৰীৰ প্ৰাণ বচাইছিল নেকি?
Fact Check By: Manjori BorkotokyResult: False