
সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । অসমৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা-মন্ত্ৰীয়েও ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগাত পৰিছে । স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালেও প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হৈছে ।
ইয়াৰ মাজতেই ছচিয়েল মিডিয়াৰ জৰিয়তে অসমৰ এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফটোখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এটুকুৰা ওখ ঠাইৰ পৰা এডাল চিৰিৰে নামিবলৈ চেষ্টা কৰা দেখা গৈছে । এই ফটোখনৰ বিৱৰণত লিখা হৈছে যে তেওঁ এইদৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদকাৰীৰ পৰা পলাইছে ।
হিংমিনাছি এইখৈই নামৰ এটা ফেচবুক পেজত উক্ত ফটোখন ১৪ ডিচেম্বৰ, ২০১৯ তাৰিখে দিনৰ ১১:৫৩ বজাত উক্ত ফটোখন আপলোড হৈছে য’ত লগতে লিখা হৈছে “অসমৰ মুখ্যমন্ত্ৰী প্ৰতীবাদকাৰীৰ পৰা পলাইছে । এইটো এটা শিক্ষা যে মুখ্যমন্ত্ৰীৰ পাৱাৰ কাৰো প্ৰাইভেট প্ৰপাৰ্টি নহয়…” । উক্ত পোষ্টটো ফেচবুকত ৮৬৪ বাৰ শ্বেয়াৰ হৈছে আৰু ১.৪ হাজাৰ মানুহে লাইক কৰিছে আৰু ১৩২টা কমেণ্টছ আছে ।
ইয়াৰ উপৰিয়ো ফেচবুকত বিভিন্ন প্ৰফাইলৰ পৰা উক্ত ফটোখন আৰু তেনে ধৰণৰ বিৱৰণৰ সৈতে বিভিন্ন পোষ্ট আপলোড হৈছে আৰু বহুল ভাৱে শ্বেয়াৰ হৈছে ।

কিন্তু এইয়া সঁচানে? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি দেখিলোঁ যে ফটোখনত অসমীয়া নিউজ চেনেল প্ৰাগ নিউজৰ ল’গ’ লাগি আছে আৰু ফটোখন প্ৰাগ নিউজৰ কোনো বাতৰিৰ পৰা লোৱা স্ক্ৰীনশ্বট যেন লাগিছে । আমি সেইবাবে প্ৰাগ নিউজৰ ইউটিউব চেনেলত গৈ ফটোখনৰ লগত সংগতি থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু মূল ভিডিঅ’টো বিচাৰি পালোঁ । যোৱা ১ মে’, ২০১৯ তাৰিখে আপলোড হোৱা ভিডিঅ’টোত আমি ভাইৰেল হোৱা ফটোখনৰ লগত হুবহু মিল থকা একেটা ফ্ৰেম দেখা পোৱা গ’ল । ভিডিঅ’টোৰ পৰা আমি গম পালোঁ যে মুখ্য মন্ত্ৰীজন আচলতে গুৱাহাটীস্থ জাইকা নামৰ পানী যোগান আঁচনি এটাহে পৰিদৰ্শন কৰিব গৈছিল আৰু বৰ্তমানৰ আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই ।
আমি আৰু অনুসন্ধান কৰি পালোঁ যে এপ্ৰিল ৩০, ২০১৯ তাৰিখে মুখ্যমন্ত্ৰীজনে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই পৰিদৰ্শনৰ বিষয়ে লিখিছে আৰু কিছু ফটো আপলোড কৰিছে । ফটোবোৰ মিলাই আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীজন আৰু লগত থকা আন বিষয়া সকলে ভাইৰেল ফটোখনত দেখা পোৱা পোছাকবোৰেই পিন্ধি আছে আৰু একে দিনাৰেই ফটো হয় ।

আমি এই সম্পৰ্কে মুখ্যমন্ত্ৰীজনৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ লগত যোগাযোগ স্থাপন কৰিলোঁ । তেখেতে নিশ্চিত কৰিলে যে ভাইৰেল হোৱা ফটোখন মুখ্যমন্ত্ৰীৰ জাইকা পানী যোগান আঁচনি পৰিদৰ্শন কৰা সময়ৰ হয় আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই ।
ফলাফল
ভাইৰেল ফটোখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জাইকা পানী যোগান আঁচনি পৰিদৰ্শন কৰা সময়ৰ হয় আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই । মুখ্যমন্ত্ৰীজনে প্ৰতিবাদকাৰীৰ পৰা পলাব ধৰোঁতে তোলা ফটো বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:অসমৰ মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা এনে ধৰণেই পলাইছিল নেকি?
Fact Check By: Manjori BorkotokyResult: False