Artificial Sun: এই ভিডিঅ’টো চীনে তৈয়াৰ কৰা মানৱ-নিৰ্মিত সূৰ্যৰ নেকি?

Uncategorized

জানুৱাৰী ২০২২ত, চীনে এটা কৃত্ৰিম সূৰ্য উৎক্ষেপণ কৰা বুলি দাবীৰে এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে উক্ত ভিডিঅ’টোৱে লাখ লাখ দৰ্শন লাভ কৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰিছে আৰু দাবী কৰিছে যে এইয়া চীনে উৎক্ষেপণ কৰা এটা কৃত্ৰিম সূৰ্য হয় । অসমতো উক্ত ভিডিঅ’টো বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা আপলোড কৰা হৈছে । উক্ত ফেচবুক পোষ্টবোৰ বহুল ভাৱে শ্বেয়াৰ কৰা হৈছে  ফলত ভিডিঅ’টো ভাইৰেল হৈ পৰিছে । 

Facebook Post | Facebook Post | Archived Link

আমি আমাৰ হোৱাটছএপ ফেক্টলাইন নম্বৰ 904 905 3770ত তথ্যটো প্ৰমাণিত কৰিবলৈ একাধিক অনুৰোধ পাইছিলো। Archived Link

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই অনুসন্ধানৰ পাছত দাবীটো মিছা বুলি নিশ্চিত কৰিছে । এই ভিডিঅ’টোত চীনৰ দ্বাৰা উৎক্ষেপণ কৰা কৃত্ৰিম সূৰ্য দেখুওৱা হোৱা নাই। এইটো মাত্ৰ এটা ৰকেট উৎক্ষেপণৰ ভিডিঅ’। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুকত চাৰ্চ কৰিলোঁ আৰু এই ভিডিঅ’টোৰ দৰে বহুতো ভিডিঅ’ আমি দেখা পালোঁ । আপুনি তলত উক্ত ১৬ মাৰ্চ, ২০২০ তাৰিখে সম্প্ৰচাৰিত ভিডিঅ’টো চাব পাৰে।

Long March 7A (লং মাৰ্চ 7এ ) ৰকেটটো চীনৰ ৱেনচাং মহাকাশ উৎক্ষেপণ স্থানত নিশা ৯:৩৪ বজাত উৎক্ষেপণ কৰা হৈছিল । ভিডিঅ’টোৰ সৈতে থকা তথ্যত লিখা আছে।

আমি উ লেই নামৰ এটা পৃষ্ঠাত ভাইৰেল ভিডিঅ’টোৰ একেধৰণৰ ভিডিঅ’ পাইছিলো। ভিডিঅ’টো কেইদিনমান আগতে ২৪ ডিচেম্বৰত সম্প্ৰচাৰিত হৈছিল। প্ৰদান কৰা তথ্য অনুসৰি, এইটো ভিডিঅ’ ২৩ ডিচেম্বৰত এক ৰকেট উৎক্ষেপণৰ সময়ৰ হয় । 

এই পৃষ্ঠাটো স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে ইয়াৰ অপাৰেটৰে চীনত কেইবাটাও ৰকেট উৎক্ষেপণ আৰু মহাকাশ অভিযানৰ প্ৰতিবেদন দিছে। খবৰ অনুসৰি তেওঁ এজন সাংবাদিক।

সেয়েহে, তাৰ পৰা, আমি অনুমান কৰিছিলো যে ওপৰোক্ত ভিডিঅ’টো চীনে কৰা এক ৰকেট উৎক্ষেপণৰ আছিল। অনুসন্ধানৰ পিছত, আমি দেখিছিলো যে কেইদিনমান আগতে, ২৩ ডিচেম্বৰত, চীনে লং মাৰ্চ 7এ উৎক্ষেপণ কৰিছিল ।

তলৰ তুলনামূলক ছবিখনত আপুনি ভিডিঅ’ দুটাৰ সৈতে সাদৃশ্য থকা দৃশ্যটো চাব পাৰে।

চীনৰ কৃত্ৰিম সূৰ্যৰ ঘটনা কি?

কিছুমান ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক এই ভুল শিৰোনামৰ ভিডিঅ’টোৰ দ্বাৰা গ্ৰহণ কৰাৰ এটা কাৰণ হ’ল চীনে সঁচাকৈয়ে এক তথাকথিত “কৃত্ৰিম সূৰ্য” বিকশিত কৰিছে। এই প্ৰকল্পটোত ‘এইচএল-2এম’ টোকামাক নামৰ এক পাৰমাণৱিক ফিউজন সঁজুলি আছে যি ১২৫ নিযুত ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক অতিউত্তপ্ত প্লাজমা সৃষ্টি কৰিবলৈ সক্ষম। অৱশ্যে, এই ডিভাইচটো মহাকাশলৈ মুকলি কৰা হোৱা নাই। ই চীনৰ চিচুয়ান প্ৰদেশৰ দক্ষিণ-পশ্চিম পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত অৱস্থিত। 

ফলাফল

তথ্যবোৰ পৰীক্ষা কৰাৰ পিছত, আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো ভুল। এইটো ৰকেট উৎক্ষেপণৰ এটা ভিডিঅ’। চীনে সৃষ্টি কৰা কুত্ৰিম সূৰ্যৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Avatar

Title:Artificial Sun: এই ভিডিঅ’টো চীনে তৈয়াৰ কৰা মানৱ-নিৰ্মিত সূৰ্যৰ নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *