
এটা হোৱাটছএপ ভাইৰেল মেছেজে দাবী কৰিছে যে ইণ্ডিয়ান স্পেছ ৰিছাৰ্ছ অৰ্গেনাইজেশ্বন (ইছৰ’)য়ে এটা পৰ্টেল স্থাপন কৰিছে, যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰেডিঅ’ ষ্টেশ্বন যিকোনো স্থানৰ পৰা শুনিব পৰা যায়।
মেছেজটোত লিখা হৈছে, “এতিয়া আপুনি ইয়েৰফোন ব্যৱহাৰ নকৰাকৈয়ে বিশ্বৰ বিভিন্ন ৰেডিঅ’ ষ্টেশ্বন শুনিবলৈ সক্ষম হব। ইয়াৰ উদ্ভাৱন কৰিছে ইছৰ’ৱে। আপুনি লিংকটোত ক্লিক কৰাৰ লগে লগেই পৃথিৱীখন ঘুৰি থকা দেখা পাব। তাত বহুতো সেউজীয়া বিন্দু দেখিব, সেই বিন্দুত ক্লিক কৰি আপুনি সেই স্থানৰ লাইভ ৰেডিঅ’ শুনিব পাৰিব।”
ভাইৰেল মেছেজটোৰ সৈতে এটা লিংক শ্বেয়াৰ কৰা হৈছে আৰু সেই লিংকত ক্লিক কৰিলে এটা এনিমেটেড গ্লোব দেখা পোৱা যায়। ইউজাৰগৰাকীয়ে গ্লোৱটোৰ যিকোনো এটা স্থানতে ক্লিক কৰিব পাৰে আৰু তেতিয়াই তাত এটা অপছন আহে আৰু তাৰ পিছত সেই স্থানৰ স্থানীয় ৰেডিঅ’ ষ্টেশ্বনটো বাজিবলৈ আৰম্ভ হৈ যায়।
আমাৰ 24×7 ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যাসত্য নিৰূপনৰ বাবে এটা আহ্বান আহে। Archived Link
আমি জানিব পাৰিলো যে ইছৰ’য়ে এই পৰ্টেলটো ডেভেলপ কৰা বুলি কৰা দাবীটো ভূৱা।
সত্যতা নিৰূপন পদ্ধতি
আমাৰ অনুসন্ধানত, আমি প্ৰথমে ৰেডিঅ’ গাৰ্ডেন ৱেবচাইটটোলৈ গ’লো ইয়াৰ মূলটো বিচাৰিবৰ বাবে। ছাৰ্চ কৰি গম পালো যে নেডাৰলেণ্ডৰ আমষ্টাৰডামত ই অৱস্থিত
ৱেবচাইটটোৰ মতে,”এই এপটো আইওএছ আৰু এণ্ড্ৰয়ডৰ বাবে ২০১৬চনত আৰম্ভ কৰা হৈছে। আমি আমাৰ ইউজাৰসকলক তেওঁলোকৰ পছন্দৰ স্থানৰ ৰেডিঅ’ ষ্টেশ্বনটো শুনাৰ সুবিধা প্ৰদান কৰো। আমি ২০২০চনত ৰেডিঅ’ গাৰ্ডেন এপটো পুনৰ গঠনৰ কাম আৰম্ভ কৰিছো। ২০১৪চনত এক প্ৰদৰ্শনীমূলক প্ৰকল্প হিচাপে ইয়াক আৰম্ভ কৰা হৈছিল। ইয়াক সৃষ্টি আৰু বিকশিক কৰিছে ষ্টুডিঅ’ পনি এণ্ড মনিকাৰে।বিগত সময়ছোৱাত এই প্ৰকল্পটো চোৱাচিতা কৰাৰ পিছত জোনাথন পোকে ৰেডিঅ’ গাৰ্ডেনক এক স্বতন্ত্ৰ কোম্পানী হিচাপে আৰম্ভ কৰে ২০১৪চনত।”

Original Link- Radio Garden | Archived Link
আমি বিভিন্ন প্ৰাসংগিক শব্দ লৈ ইয়াৰ বাবে গুগল ছাৰ্চ কৰি চালো। আমি তেতিয়া পিআইবিৰ এটা টুইটাৰ পোষ্ট লাভ কৰিলো। পোষ্টটোত পিআইবিয়ে স্পষ্ট কৰি দিছে যে ইছৰ’ৱে বিভিন্ন স্থানৰ ৰেডিঅ’ ষ্টেশ্বন শুনিব পৰাকৈ ৰেডিঅ’ গৰ্ডেন নামৰ এপ এটা আৰম্ভ কৰা বুলি ওলোৱা মেছেজটো মিছা। ইছৰ’ৱে তেনেকুৱা কোনো এপ আৰম্ভ কৰা নাই।
#FakeAlert
— PIB Fact Check (@PIBFactCheck) April 10, 2021
A message claiming that @isro has developed a radio portal called "Radio Garden" that enables people to listen to stations from across the world is circulating on social media. #PIBFactCheck
This claim is #FAKE. No such radio portal has been developed by #ISRO. pic.twitter.com/v365ErbHGE
ফলাফল
আমাৰ অনুসন্ধানে দেখুৱালে যে ৰেডিঅ’ গৰ্ডেন কোম্পানীটো ২০১৬চনত ডাচ্ছ ষ্টুডিঅ’ পোক এণ্ড মনিকাৰে ডেভেলপ কৰিছিল। ইছৰ’য়ে ইয়াক স্থাপন কৰা বুলি কৰা দাবীটো মিছা।

Title:ইছৰ’য়ে সমগ্ৰ বিশ্বৰে ৰেডিঅ’ ষ্টেশ্বনসমুহ শুনিব পৰা সুবিধা থকাকৈ ৰেডিঅ’ গাৰ্ডেন পৰ্টেল স্থাপন কৰা নাই
Fact Check By: Manjori BorkotokyResult: False
