
এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়।
Original Link-Facebook | Archived Link
কিন্তু সেইয়া সঁচাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইভিএমৰ সমুখত প্ৰাৰ্থনা কৰি আছে নে? ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে সেই ফটোখন আন এখন ফটোৰে সৈতে মৰ্ফ কৰা হৈছে।
সত্যতা নিৰূপন পদ্ধতি
আমি প্ৰথমে ভাইৰেল হোৱা ফটোখনেৰে গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু দেখিলো যে হেডলাইন ইংলিছ নামৰ নিউজ ৱেবচাইটটোৱে আচৰতিভাৱে সাদৃশ্য থকা এখন ফটো ব্যৱহাৰ কৰিছে। বাতৰিটো প্ৰকাশ হৈছিল ২০২০চনৰ ২৮ মে’ত আৰু শিৰোনাম দিছিল “Veer Savarkar’s 137th Birth Anniversary: PM Modi pays tribute on Twitter”(বীৰ চাৱাৰকাৰৰ ১৩৭সংখ্যক জন্মজয়ন্তী: প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত দিলে শ্ৰদ্ধাঞ্জলী)
Screenshot, Article, Headline English
Original Link- Headline English | Archived Link
আমি দুয়োখন ফটো তুলনা কৰি চালো আৰু দেখিলো যে মূল ফটোখনত ইভিএমৰ সলনি স্বাধীনতা সংগ্ৰামী বীৰ চাৱাৰকাৰৰ পুস্পাবৃত ফটো এখন হে আছে। বাকী সকলোখিনি একেই। আনকি পোহৰৰ ব্যৱস্থাৰ পৰা মোডীয়ে পিন্ধা কাপোৰলৈকে।
Left: Viral Image from Facebook Right: Image used in Headline English Report
আমি প্ৰাসংগিক কিছু শব্দৰে গুগলত ছাৰ্চ কৰি চালো, যাতে সেই অনুষ্ঠানৰ আৰু বেলেগ বেলেগ স্থানৰ পৰা লোৱা আন ফটো দেখা পাওঁ। আমি ইণ্ডিয়া পোষ্ট নামৰ ৱেবচাইটটোৱে ২০২০চনৰ ২৮মে’ত “PM pays tribute to Savarkar on birth anniversary “(প্ৰধানমন্ত্ৰী মোডীয়ে চাৱাৰকাৰৰ জন্মজয়ন্তীত দিলে শ্ৰদ্ধাঞ্জলী) শিৰোনামেৰে প্ৰকাশ কৰা বাতৰি এটা পালো। Original Link: India Post | Archived Link
ইয়াতো ইভিএমৰ সলনি স্বাধীনতা সংগ্ৰামীগৰাকীৰ ফটো থকা একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে, যিটোৱে প্ৰমান কৰিলে যে সেই ফটোখন মৰ্ফ কৰা।
সিদ্ধান্ত
ভাইৰেল ফটোখন মৰ্ফ কৰা। মূল ফটোখনত প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী বীৰ চাৱাৰকাৰৰ ফটোত শ্ৰদ্ধা নিবেদন কৰা দেখা গৈছে। ইভিএমটো পিছত হে মৰ্ফ কৰি লগাই দিয়া হৈছে। উক্ত পোষ্টটো ব্যংগাত্মকভাৱে প্ৰকাশ কৰা হৈছে কিন্তু ই কিছু লোকক বিপথে পৰিচালিত কৰিব পাৰে যি ইয়াক সঁচা বুলি ভাবিব পাৰে ।

Title:ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!
Fact Check By: Manjori BorkotokyResult: Satire