
হাথৰাছ গণধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া চোছিয়েল মিডিয়া উত্তাল হৈ আছে। ভাইৰেল হৈ পৰা পোষ্টসমুহৰ ভিতৰত গোলাপী বৰণৰ পোচাক পৰিধান কৰি এখন পথাৰত থিয় হৈ থকা এগৰাকী যুৱতীক হাথৰাছত গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া ভুক্তভোগী যুৱতীগৰাকী বুলি প্ৰচাৰ কৰা হৈছে। চোছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সেই যুৱতীগৰাকীকে হাথৰাছৰ ভুক্তভোগী বুলি ভুল চিনাক্ত কৰি আছে।
ফেক্ট ক্ৰেছেণ্ডোৱে এই দাবীসমুহ মিছা বুলি তথ্য লাভ কৰিছে। এই ফটোখন হাথৰাছৰ ভুক্তভোগী যুৱতীগৰাকীৰ নহয়।
তেনেকুৱা এটা পোষ্ট “The Tinsukia Times” নামৰ এটা ফেচবুক পেজেও এটা বাতৰি আৰু এটা ভিডিওৰ সৈতে হাথৰাছ গণধৰ্ষণৰ বাতৰি হিচাপে প্ৰচাৰ কৰি আপলোড কৰিছিল। যত তেওঁলোকে সেই যুৱতীগৰাকীৰ হাথৰাছৰ ভুক্তভোগী যুৱতী বুলি প্ৰকাশ কৰিছে।

তাত লিখা হৈছে “LEKHAPANI PROTEST
উত্তৰ প্ৰদেশৰ ***** ধৰ্ষণ আৰু হত্যাকাণ্ড৷ সমগ্র দেশৰ লগতে অসমতো তীব্ৰ প্ৰতিবাদ।“ সেই ভিডিওটো ২০২০ চনৰ ৩ অক্টোবৰত ১২ বাজি ৩১ মিনিটত পোষ্ট কৰা হৈছিল।
প্ৰণালী:
ভাইৰেল হৈ পৰা ফটোখনৰ যুৱতীগৰাকীৰ প্ৰকৃত পৰিচায় উদ্ধাৰ কৰিবলৈ আমি তেনেকুৱা বিভিন্ন চোছিয়েল মিডিয়া পোষ্ট পৰীক্ষা কৰিছিলো। আমি তেনেকুৱা বহুকেইটা ফেচবুক পোষ্ট লাভ কৰিছিলো যত উল্লেখ কৰা হৈছিল যে সেই ফটোখন হাথৰাছৰ ভুক্তভোগী যুৱতীগৰাকীৰ নহয়।
বিপিন তিৱাৰী নামৰ এগৰাকী ফেচবুক ইউজাৰে নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰিছিল যে সেই যুৱতীগৰাকী তেওঁৰ বন্ধু অজয়ৰ ভগ্নী। বিগত বৰ্ষত তেওঁ চণ্ডিগড়ৰ এখন হাস্পতালত নিহত হৈছিল।
ইয়াৰ পৰা এক শুংসুত্ৰ লাভ কৰি আমি অজয় জিতু যাদৱ নামৰ লোকজনৰ ফেচবুক প্ৰোফাইল লাভ কৰিলো। যোৱা ২৯ চেপ্তেম্বৰত তেওঁ এইবিষয়ে দিয়া এটা ফেচবুক পোষ্ট লাভ কৰিলো, যত তেওঁ ভাইৰেল ফটোখন সম্পৰ্কত লিখিছিল আৰু কৈছিল যে সেই কথাবোৰ মিছা।
“হাথৰাছ কাণ্ডৰ সৈতে জৰিত কৰি শ্বেয়াৰ কৰি থকা ফটোখন আচলতে মোৰ ভনীৰ হে। তাই ডাক্তৰৰ অৱহেলাৰ কাৰণে চণ্ডিগড়ৰ এখন হাস্পতালত মৃত্যু মুখত পৰিছিল। যেতিয়া হাস্পতালখনৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ গ্ৰহন কৰিবলৈ অশ্বীকাৰ কৰিছিল আমি এক চোছিযেল মিডিয়া কেম্পেইন আৰম্ভ কৰিছিলো। সেই গোচৰটো এতিয়াও চণ্ডিগড়ত চলিয়ে আছে। মই মোৰ ভনীৰ ফটো হাথৰাছৰ ভুক্তভোগীগৰাকী বুলি প্ৰচাৰ কৰি শ্বেয়াৰ নকৰিবলৈ সকলোকে অনুৰোধ কৰিলো।,” অজয়ে নিজৰ ভনীয়েকৰ ফটো ভুলকৈ ব্যৱহাৰ কৰা সম্পৰ্কত পোষ্টটোত এইদৰে লিখিছিল।

আমি অজয় জিতু যাদৱৰ ফেচবুক একাউন্টটো পৰীক্ষা কৰিছিলো আৰু তেওঁৰ ভগ্নীৰ মৃত্যুৰ সম্পৰ্কীয় বহুতো ফটো লাভ কৰিলো।
সেই সময়ৰ বহুতেইটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ ভগ্নীক ২০১৮চনৰ জুলাই মাহত পেটৰ অসহ্য বিষৰ বাবে চণ্ডিগড়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাইক অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু অস্ত্ৰোপচাৰৰ তিনিদিন পিছত তাই মৃত্যুমুখত পৰিছিল।

Original Post- Facebook
তাইৰ পৰিয়ালে ইয়াৰ বাবে ডাক্তৰৰ অৱহেলাকে জগৰীয়া কৰিছিল। তেওঁলোকে আনকি হাস্পতালখনৰ বিৰুদ্ধে এক অৱস্থান ধৰ্মঘট প্ৰতিবাদো সাব্যস্ত কৰিছিল।
তাইৰ বহুতো বন্ধু-বান্ধৱী আৰু পৰিয়াল পৰিজনে তাইৰ পৰিয়াৰ এই প্ৰতিবাদ চোছিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল। তেওঁলোকে আনকি অভিযোগ কৰিছিল যে পোষ্টমোৰ্টেম ৰিপোৰ্টটোও খেলিমেলি কৰা হৈছিল।
২০১৮ চনৰ ২৪ জুলাইত অজয় জিতু যাদৱে তেওঁৰ ভগ্নীৰ শেষ যাত্ৰাৰ ফটোও শ্বেয়াৰ কৰিছিল। তাৰেই এটা ফটো সেই গোলাপী পোচাক পৰিধান কৰা ফটোখনো আছিল, যিখন এতিয়া হাথৰাছৰ গণধৰ্ষণৰ ভুক্তভোগী যুৱতী বুলি চোছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আমি অজয় জিতু যাদৱৰ সৈতে যোগাযোগ কৰিছো আৰু এই সম্পৰ্কত তেওঁৰ প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছত আমি এই লেখাৰ পৰৱৰ্তী অংশ প্ৰকাশ কৰিম।
ইতিমধ্যে আজটকে ভুক্তভোগীৰ ভাতৃৰ সৈতে যোগাযোগ কৰি নিশ্চিত কৰিছে যে ভাইৰেল হৈ পৰা ফটোখন হাথৰছ কাণ্ডৰ ভুক্তভোগীৰ নহয়।
ফলাফল
এইটো নিশ্চিত যে ২০১৮চনতে চণ্ডিগড়ৰ এখন হাস্পতালত মৃত্যু ঘটা এগৰাকী বেলেগ যুৱতীৰ এখন ফটো হাথৰাছৰ ভুক্তভোগী যুৱতীৰ ফটো বুলি প্ৰচাৰ কৰি থকা হৈছে।

Title:ভিন্ন যুৱতীৰ অসংলগ্ন ফটোৰে হাথৰাছ গণধৰ্ষণৰ ভুক্তভোগী বুলি ভুলকৈ প্ৰকাশ।
Fact Check By: Manjori BorkotokyResult: False