ভাইৰেল হোৱা ভিডিঅ’টোত দেখা মুৰ্তিটো মা কামাখ্যাৰ নহয়।

False Social
kamakhyafbassam.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

হিন্দু আখ্যানৰ শক্তিপীঠসমুহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীত অৱস্থিত মা কামাখ্যাৰ মন্দিৰ। ইয়াৰ ৰহস্যময় শক্তিৰ বাবেই ই জনাজাত। সেইবাবেই প্ৰতি বছৰে দেশ বিদেশৰ লক্ষ লক্ষ ভক্ত আকৰ্শিত হয় শক্তিপীঠখনৰ প্ৰতি। এই শক্তিপীঠখন সন্দৰ্ভত বহুতো জনশ্ৰুতি আৰু আখ্যান আছে, যি সমুহ সকলোৱে জানে আৰু কিছুমান কিছু বিশেষ লোকে হে কব পাৰে।  

তেনেকুৱা এটা কথায়ে শেহতীয়াভাবে প্ৰচাৰ হৈছে এটা ভিদিওত। যত দেখা গৈছে যে এজন লোকে এটা মুৰ্তিৰ সমুখত আৰতি কৰি আছে আৰু ভিডিওটোত লিখা হৈছে যে সেয়া মা কামাখ্যাৰ মুৰ্তি, যিটো ১৫বছৰত এবাৰ হে দেখা পোৱা যায়। এই পোষ্টটো শ্বেয়াৰ কৰা হৈছিল হীৰামনি দাস নামৰ ফেচবুক ব্যৱহাৰকাৰী এগৰাকীৰ দ্বাৰা ২০২০ চনৰ চেপ্তেম্বৰৰ ২৮ তাৰিখে বিয়লি ৩ বাজি ৫৪ মিনিটত। তাত কেপছন দিয়া হৈছিল-

“কামাখ্যা দেৱী।

“জয় মা কামাখ্যা”।

মাৰ মুখ খন সদায় ফুলেৰে ঢাকি থোৱা থাকে আৰু প্ৰতি ১৫ বছৰৰ মূৰে মূৰে খোলে।অবিশ্বাস্য হ’লেওঁ সত্য যে মাৰ চকু দুটা সেই সময়ত দেখা যায় মানুহৰ চকুৰ দৰে উজ্বল।”

ভিডিওটোত দেখা মুৰ্তিটো সচাকৈয়ে মা কামাখ্যাৰ মুৰ্তি হয়নে। আহক সত্যতা পৰীক্ষা কৰো। 

প্ৰনালী

প্ৰথমতে কেইটামান প্ৰাসংগিক শব্দ লৈ গুগল চাৰ্ছ কৰি দেখা গল যে কামাখ্যা মন্দিৰৰ ৱিকিপেডিয়া পেজ অনুসৰি মা কামাখ্যাৰ কোনো মুৰ্তি নাই। তাত লিখা আছিল যে কামাখ্যাধামত সতীৰ যোনীখন হে আছে। ভগবান শিৱই সতীৰ মৃত্যুৰ পিছত তেওঁ শৰীৰটো কান্ধত লৈ শিৱ তাণ্ডৱ কৰোতে বিষ্ণুৱে সতীৰ শৰীৰটো বিভিন্ন অংশত কাটিছিল আৰু সতীৰ যোনী আহি পৰিছিল তাত। 

kamakhyawiki.png

আমি কামাখ্যা মন্দিৰৰ এটা ৱেবচাইটো পালো। অসম পৰ্যটন নিগমৰ অফিচিয়েল লগো লগোৱা আছিল। তাতো লিখা আছিল যে কামাখ্যা ধামত মা কামাখ্যাৰ যোনী পূজা কৰা হয় আৰু মা কামাখ্যাৰ কোনো মুৰ্তি বা প্ৰতিমা নাই। 

kamakhyaidol.png

ইয়াৰ পিছত ফেক্ট ক্ৰেচেণ্ডোৰ তৰফৰ পৰা কামাখ্যা দেৱালয় কমিটিৰ সম্পাদক ভূপেশ শৰ্মাৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ নিশ্চিতি প্ৰদান কৰিছিল যে মা কামাখ্যাৰ কোনো প্ৰতিমা নাই আৰু তাত কেৱল দেৱীৰ জৰায়ুৰ হে পূজা কৰা হয়। তেওঁ তদুপৰি কয় যে ১৫ বছৰত এবাৰ মা কামাখ্যাৰ মুখ দেখা কোনো পৰম্পৰা বিৰাজ নকৰে। তেওঁ শেষত কয় যে সেই ভিডিওটো ভুৱা। 

ফলাফল

সেই প্ৰৱন্ধ আৰু দেৱালয়ৰ সম্পাদকৰ পৰা স্পষ্ট হৈ পৰে যে মা কামাখ্যাৰ কোনো প্ৰতিমা বা মুৰ্তি নাই। ই স্পষ্ট কৰি দিয়ে যে ১৫ বছৰত এবাৰ মা কামাখ্যাৰ মুৰ্তি দৰ্শনৰ কথাটো মিছা। ভাইৰেল ভিডিওত কৰা দাবীটো ভুৱা দাবী। 

Avatar

Title:ভাইৰেল হোৱা ভিডিঅ’টোত দেখা মুৰ্তিটো মা কামাখ্যাৰ নহয়।

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *