
নীট আৰু চিবিএছই পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২০২৬ চনৰ ২৮ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে বৈজ্ঞানিক তথা সামাজিক কৰ্মী ছোনম ৱাংচুকে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ছোনম ৱাংচুকে কৈছে এইবুলি, “চীনে যদি লাডাখেদি ভাৰত আক্ৰমণ কৰে তেন্তে আমি চীনক বাধা নিদিওঁ বৰং দেশৰ ভিতৰলৈ সোমাই আহিবলৈ বাট দেখুৱাই দিম”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু লগতে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত ২০২৪ চনৰ ১২ মাৰ্চত এই ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ আপলোড হোৱা দেখিলোঁ। ১:৩৭ টাইমষ্টেম্পৰ পৰা ছোনম ৱাংচুকে কয়, “ইয়াত এজন বিখ্যাত কমেডিয়ান আছে যিয়ে কয় যে ‘যেতিয়া চীন সোমায়, লাডাখৰ জনসাধাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁলোকক বাধা দিয়ে। কিন্তু এতিয়া, যদি ভাৰত চৰকাৰে লাডাখৰ জনসাধাৰণৰ বাবে একো নকৰে, পৰৱৰ্তী সময়ত যদি চীনে লাডাখৰ মাজেৰে ভাৰত আক্ৰমণ কৰে, আমি তেওঁলোকক বাট দেখুৱাই দিম, বাধা নিদিওঁ। যদি আমাক সুৰক্ষাই দিয়া নহয়, আমি আমাৰ প্ৰাণ কিয় দিম।’…ছোনম ৱাংচুকে পুনৰ কয়, “দূতক হত্যা নকৰিব, সমস্যাটো সমাধান কৰক। মানুহে নিজৰ হতাশা ব্যক্ত কৰিছে। সমস্যা সমাধান কৰিব পাৰিলে ভাল। চৰকাৰে এই সকলোবোৰ কথা অতি গুৰুত্বসহকাৰে ল’ব লাগে…।”
কেপশ্বন অনুসৰি এই ভিডিঅ’টো ছোনম ৱাংচুকৰ “জলবায়ু অনশন”ৰ সপ্তম দিনৰ।
একেটা ভিডিঅ’ আমি ছোনম ৱাংচুকৰ অফিচিয়েল ফেচবুক পেজত ২০২৪ চনৰ ১২ মাৰ্চত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ভিডিঅ’টো ছোনম ৱাংচুকৰ জলবায়ু অনশনৰ সপ্তম দিনৰ। প্ৰায় ৫০০ লোক সেইদিনা গোট খাইছিল। এই স্পৰ্শকাতৰ সীমান্ত অঞ্চলৰ জনসাধাৰণক আৰু অধিক বিচ্ছিন্ন কৰাতকৈ সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কেপশ্বনত উল্লেখ কৰা হৈছিল।
ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে ছোনম ৱাংচুকে চীনে লাডাখৰ মাজেৰে ভাৰত আক্ৰমণ কৰিলে তেওঁলোকক বাট দেখুৱাই দিম বুলি কোৱা নাছিল বৰং এগৰাকী কমেডিয়ানৰ উদ্ধৃতি দিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ছোনম ৱাংচুকে চীনক বাট দেখুৱাই ভাৰত আক্ৰমণ কৰাত সহায় কৰিব বুলি কোৱা নাছিল। মূল ভিডিঅ’টোত এজন কমেডিয়ানৰ উদ্ধৃতি দি তেওঁ কয় যে ৰাইজে নিজৰ হতাশাৰ কথা ব্যক্ত কৰিছে। এই সকলোবোৰ কথা চৰকাৰে গুৰুত্বসহকাৰে লোৱা উচিত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


