
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ জোতা চাফা কৰি দিছে। ভিডিঅ’টোত ব্যৱহাৰকাৰীয়ে নিজ মুখে সেই কথা কোৱা আৰু সেই দৃশ্যটো সংলগ্ন কৰা দেখা গৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই সেই ভিডিঅ’টোৰ সৈতে জড়িত দাবীটো পৰীক্ষা কৰিবলৈ গুগলত বিভিন্ন প্ৰাসংগিক কী-ৱৰ্ড দি সেই তথ্য বিচাৰি চালোঁ । কিন্তু এই দাবী নিশ্চিত কৰিব পৰা কোনো সংবাদ মাধ্যমৰ প্ৰামাণিক বা বিশ্বাসযোগ্য প্ৰতিবেদন পোৱা নাছিলোঁ।
তাৰ পাছত আমি ভাইৰেল ভিডিঅ’টোৰ আৰম্ভণিৰে পৰা এটা কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৬ চনৰ ১৫ মে’ত প্ৰধানমন্ত্ৰী মোদীৰ অফিচিয়েল ইউটিউব চেনেলত একেটা ভিডিঅ’ৰ দীঘলীয়া সংস্কৰণটো পালোঁ। তাত আমি এটা প্ৰায় ১০ মিনিট, এটা ৫ মিনিট ৩ ছেকেণ্ড আৰু আন এটা ২ মিনিট ১১ ছেকেণ্ডৰ ভিডিঅ’ পালোঁ। মোদীৰ ইউএই ভ্ৰমণৰ সবিশেষ সেই ভিডিঅ’কেইটাত আছিল। তাৰে দুটা ভিডিঅ’ আছিল দুই দেশৰ মুৰব্বীৰ সাক্ষাতৰ LIVE দৃশ্যাৱলী।
আমি যেতিয়া ভাইৰেল ক্লিপটোক মূল ভিডিঅ’টোৰ সৈতে তুলনা কৰি চালোঁ। তেতিয়া তাত ক’তো জোতা চাফা কৰি দিয়া দৃশ্য দেখা নাছিলোঁ। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ মূল আৰু ভাইৰেল ভিডিঅ’সমূহৰ তীক্ষ্ণ পৰীক্ষাত কেইবাটাও চকুত পৰা অমিল উন্মোচিত হয়। ফলত মূল ভিডিঅ’টোৰ কিছুমান অংশ এআই বা অন্য প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা বুলি সন্দেহ হয়।

অধিক পৰীক্ষণৰ বাবে আমি ভাইৰেল ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিবলৈ বিভিন্ন AI Detection Tool ব্যৱহাৰ কৰিলোঁ। Video Detector নামৰ এআই ভিডিঅ’ ডিটেক্টৰ সঁজুলি অনুসৰি ভিডিঅ’টো এআইৰ দ্বাৰা সৃষ্টি কৰাৰ সম্ভাৱনাৰ ৬৯%।

একেদৰে Detect VideoAI নামৰ এআই সঁজুলিটোৱেও ইয়াৰ বিশ্লেষণত ইংগিত দিছিল যে ভাইৰেল ভিডিঅ’টো এআইৰ সহায়ত সৃষ্টি কৰা হৈছে।

Hive Moderation ৰ বিশ্লেষণ অনুসৰি জোতা চাফা কৰি থকা ভিডিঅ’টো AI বা deepfake হোৱাৰ সম্ভাৱনা ৮৯.৯%।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতিৰ জোতা চাফা কৰি দিয়া বুলি দাবী কৰা হৈছে, সেইটো আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত AI Generated.
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


