ইজৰাইলৰ হাইফা বন্দৰৰ দুমাহ পুৰণি দৃশ্যকে ইৰাণৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰা হৈছে।

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফা বন্দৰত ইৰাণৰ মিছাইল আক্ৰমণৰ ফলত সংঘটিত হোৱা জুই বুলি দাবী কৰিছে। ঘটনাটো উল্লিখিত দিনটোৰ বুলি পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে।   

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইনষ্টাগ্ৰামত যোৱা ৩০ মাৰ্চ ২০২৬ত এই ভিডিঅ’টো the_news_now নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে আপলোড কৰি  Breaking: Thick black clouds fill the sky as Iran bombards Israel’s Haifa oil refinery বুলি লিখি থোৱা দেখিলোঁ।

আন এটা সংবাদ প্ৰতিষ্ঠানেও ৩০ মাৰ্চ ২০২৬ত একেটা ভিডিঅ’ ইনষ্টাগ্ৰামত Fire Erupts at Haifa Oil Refinery After Missile Strike Amid Escalating Iran-Israel Conflict  বুলি লিখি আপলোড কৰি থৈছিল। 

তদুপৰি New York Post ৰ ইউটিউৱ চেনেলত সেই ঘটনাটোৰ সবিশেষ উল্লেখ কৰি সম্পূৰ্ণ আৰু পৰিৱৰ্ধিত দৃশ্যাৱলীৰে বাতৰি পৰিবেশন কৰা আমি দেখিলোঁ। সেই বাতৰিও ৩০ মাৰ্চ,২০২৬ত কৰা হৈছিল।

আনহাতে অন্য এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে ৩০ মাৰ্চ ২০২৬ত পৰিবেশন কৰা  Iranian And Israeli Oil Facilities In Flames As Strikes Continue শীৰ্ষক এক বাতৰিতো আমি এই দৃশ্যটো দেখা পালোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ২০ মে’ ২০২৬ত আপলোড কৰি ইজৰাইলৰ হাইফা বন্দৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে, সেইটো আচলতে প্ৰায় দুমাহ পুৰণি এক ঘটনাৰহে দৃশ্য।   

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ইজৰাইলৰ হাইফা বন্দৰৰ দুমাহ পুৰণি দৃশ্যকে ইৰাণৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *