২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ। 

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২১ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ২০ এপ্ৰিল ২০২৬ত জাপানত ৭.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  কালি জাপানত 7’4ৰিখটাৰ স্কেলত বিধ্বংসী ভুমিকম্প। আজি পুৱা বৰষুণৰ মাজতে অসমত 5’2 ৰিঃ ভুমিকম্প। ৰাজনীতিৰ নেতাৰ ঘৃণা ভৰা ভাষণৰ বিশৃংখলতা সৃষ্টিত। মানুহে মনৰ পৰা পৃথিবীখনৰ অৱস্হিতিকেই হেৰাইছে। জাপানত কালি অহা 7’4ৰিখটাৰস্কেলৰ  ভুমিকম্পটোত সমগ্ৰ দেশ কঁপি উঠে। বছৰি পোন্ধৰশৰ অধিকে কঁপাই যোৱা জাপানত শতাধিক অগ্নিগিৰিও আছে। ভুমিকম্প হোৱাৰ পাছত সাগৰত তিনি মিটাৰ লহৰ উঠে। জাপান চৰকাৰে ছুনামীৰ আশংকাত হাইএলাৰ্ট জাৰি কৰিছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ৬ জানুৱাৰী ২০২৪ত জাপানত ৭.৬ প্ৰাবল্যত অহা ভূমিকম্প সন্দৰ্ভত জি নিউজে পৰিবেশন কৰা এটা বাতৰিত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ এটা খণ্ডচিত্ৰ সংলগ্ন কৰা দেখিলোঁ। আমি অনুমান কৰিলোঁ যে এয়া এক পুৰণি দৃশ্য।

ইয়াৰ লগতে আমি ৫ জানুৱাৰী ২০২৪ত এনডিটিভিয়ে জাপানৰ ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ বিষয়ক কৰা বাতৰিতো সেই খণ্ডচিত্ৰ দেখিলোঁ। 

তদুপৰি ৪ জানুৱাৰী ২০২৪ত নিউজ এইটিনে জাপানৰ সেই ভূমিকম্প সন্দৰ্ভত পৰিবেশন কৰা বাতৰিতো আমি উল্লিখিত দৃশ্য দেখিলোঁ। এই বাতৰিসমূহত কোৱা হৈছে যে ২০২৪ৰ পহিলা জানুৱাৰীতেই জাপানৰ ইশ্বিকাৱা আৰু অন্য প্ৰান্তত কেইবাটিও ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰে ভিতৰত ৭.৬ প্ৰাবল্যৰ এক জোকৰণিয়ে অঞ্চলটোত আতংকময় পৰিবেশ সৃষ্টি কৰে। 

৭ জানুৱাৰী ২০২৪ত ইউটিউৱত আপলোড কৰা এটা ভিডিঅ’ত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোত থকা প্ৰতিটো দৃশ্য দেখিলোঁ। এইটো ভিডিঅ’ত টেক্সট ওভাৰলে’ কৰি সেয়া ২০২৪ৰ জাপানৰ ভূমিকম্প বুলি উল্লেখ কৰা হৈছে। 

 

আমাৰ অনুসন্ধানত আমি ২ জানুৱাৰী ২০২৪ত  চিএনএনৰ ইউটিউৱ চেনেলত আপলোড কৰা Videos capture violent shaking during huge earthquake in Japan শীৰ্ষক এটা বাতৰিত এই সকলোবোৰ দৃশ্যয়ে দেখিলোঁ। 

ইয়াৰ পৰাই প্ৰমাণ হয় যে এয়া ২১ এপ্ৰিল ২০২৬ত জাপানত অহা ভূমিকম্পৰ দৃশ্য নহয়। এয়া ২০২৪ৰ জানুৱাৰীত জাপানত অহা ৭.৬ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্যহে। দাবীটো বিভ্ৰান্তিকৰ।     

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *