
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ১৮ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ১৭ এপ্ৰিল ২০২৬,শুকুৰবাৰে ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। লেবাননৰে ইজৰাইলৰ যুদ্ধবিৰতিত সন্তুষ্ট হৈ ইৰাণে এইদৰে হৰমুজ প্ৰণালী মুকলি কৰি দিয়া বুলি ভিডিঅ’টোত টেক্স্ট ওভাৰলে’ কৰা দেখা গৈছে। দৃশ্যটোত লিখিছে– ‘ষ্ট্ৰেইট অৱ হৰমুজ’ সম্পুৰ্ণকৈ মুকলি কৰি দিলে ইৰাণে। শুকুৰবাৰ আবেলিৰ পৰা জাহাজৰ বাবে পথ এৰি দিলে। বিশ্বৰ ২০%তেল-২২%গেছ-৩০%ফাৰ্টিলাইজৰ পৰিবাহী জাহাজ এই পথেৰে আহযাহ কৰে-যাৰ অন্য বিকল্প নাই।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ২৩ ফেব্ৰুৱাৰী ২০২৬ত এই দৃশ্যটো এক্সত আপলোড কৰি থোৱা দেখিলোঁ। তেতিয়াই অনুমান কৰিলোঁ যে দৃশ্যটো শেহতীয়া নহয়।

তদুপৰি ৭ ফেব্ৰুৱাৰী ২০২৬ত ফেচবুকত আৰৱী ভাষাৰ কেপছন লিখি এই দৃশ্যটো আপলোড কৰিছে। কেপছনটোৰ অসমীয়া অনুবাদ হৈছে- #চাওক | ইৰাণৰ দিশে আগবাঢ়িছে আমেৰিকাৰ সামৰিক বাহিনী আৰু জাহাজ।

ইয়াৰ পাছত আমি সেই একেটা দৃশ্যকে আন এটা এক্স হেণ্ডেলত ২০২৬ ৰ ১৮ জানুৱাৰীত আপলোড কৰা দেখিলোঁ।

আমাৰ সন্ধান আগুৱাই নি আমি এই দৃশ্যটো ২০২২ চনৰ ১৩ মে’ত এটা ফেচবুক পেজত আপলোড কৰি থোৱা দেখিলোঁ। সেই পোষ্টটোত ভিডিঅ’ৰ সৌজন্য এটা ইনষ্টাগ্ৰাম হেণ্ডলক দিয়া আমি দেখিলোঁ।

সেই ইনষ্টাগ্ৰাম একাউণ্টটোৰ সন্ধান কৰোতে সেয়া JD Davis II নামৰ আমেৰিকাৰ নৌসেনাৰ এগৰাকী সৈনিকৰ একাউণ্ট বুলি জানিব পাৰিলোঁ।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এই দৃশ্যটো ষ্টেইট অৱ হৰমুজৰ ২০২৬ৰ ১৭ এপ্ৰিলৰ নহয়। সেয়া ২০২২ চনৰে পৰা ইণ্টাৰনেটত উপলবদ্ধ আমেৰিকাৰ নৌসেনাৰ এটা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


