
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেয়া হৰমুজ প্ৰণালীত চীন দেশৰ নৌ সুৰক্ষা ব্যৱস্থাৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– আকাশেৰে MI-28 হেলিকপ্তাৰেৰে ৰাছিয়াই আৰু যুদ্ধ জাহাজেৰে সাগৰত ইৰাণক সুৰক্ষা দি আছে চীনে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ৰ ১৩ ফেচবুকত এই দৃশ্যৰটোৰ এটা খণ্ডচিত্ৰ আপলোড কৰি Chinese Navy has grown a lot বুলি লিখা দেখিলোঁ। বুজিলোঁ যে দৃশ্যটো এতিয়াৰ নহয়, পুৰণি।

একেই সময়তে ইনষ্টাগ্ৰামতো সেই ভিডিঅ’টো আপলোড কৰি সেয়া চীন দেশৰ নৌসেনাৰ এক শক্তি য়ানানৰ দৃশ্য বুলি প্ৰকাশ কৰা হৈছে।

২০২৫ৰ ২৯ নৱেম্বৰত China Military Bugle ত Training with patience and passion… শীৰ্ষক ভিডিঅ’টোত এই দৃশ্যটো দেখিলোঁ।

তদুপৰি চীন দেশৰ ইউটিউৱ চেনেল QSY ত ল ২০২৫ৰ ৫ ফেব্ৰুৱাৰীত এই দৃশ্যটো 这一分钟的压迫感是万吨大驱055给的 (The sheer pressure felt in this moment comes courtesy of the Type 055—the 10,000-ton destroyer. )বুলি আপলোড কৰা হৈছিল। অৰ্থাত এয়া চীন দেশৰ নৌসেনাৰ এক সামৰিক শক্তিৰ প্ৰদৰ্শন।

ইয়াৰ পৰাই প্ৰমাণ হয় যে চীনা নৌসেনাৰ এক সামৰিক শক্তিৰ প্ৰায় এবছৰ পুৰণি এটা ভিডিঅ’কে শেহতীয়াকৈ হৰমুজ প্ৰণালীত চীনা প্ৰতিৰক্ষা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


