এল পি জি চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

আমেৰিকা, ইজৰাইল‌ আৰু ইৰাণৰ মাজৰ শেহতীয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰন্ধন গেছৰ নাটনি হ’ব পাৰে বুলি এক উৰাবাতৰি প্ৰচাৰ হৈছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে। পোষ্টটো এনেধৰণৰ, “●LPG বুকিঙৰ ক্ষেত্রত নতুন নিয়ম-

●ছিংগল চিলিণ্ডাৰ: যিসকল গ্ৰাহকৰ ওচৰত এটা চিলিণ্ডাৰ আছে, তেওঁলোকে ২৫ দিনৰ অন্তৰালতহে পৰৱৰ্তী বুকিং কৰিব পাৰিব। 

●ডাবল চিলিণ্ডাৰ: যিসকলৰ দুটা চিলিণ্ডাৰৰ সংযোগ আছে, তেওঁলোকৰ বাবে নতুন বুকিঙৰ সময়সীমা ৩৫ দিন নিৰ্ধাৰণ কৰা হৈছে। 

●উজ্জ্বলা আঁচনি: এই আঁচনিৰ অধীনত গেছ সংযোগ থকা গ্ৰাহকসকলে এতিয়াৰে পৰা প্ৰতি ৪৫ দিনৰ মূৰে মূৰেহে চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।”

Facebook Link | Facebook Link

Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া PIB ৰ ৱেবছাইটত ২০২৬ চনৰ ২৫ মাৰ্চৰ এক প্ৰেছ বিজ্ঞপ্তি পালোঁ। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ (Ministry of Petroleum and Natural Gas) এই প্ৰেছ বিজ্ঞপ্তিত ভাইৰেল দাবীটো খণ্ডন কৰি উল্লেখ কৰা হৈছে যে চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম বাহাল থাকিব। অৰ্থাৎ,

চহৰ এলেকাত ২৫ দিনৰ অন্তৰালত আৰু গ্ৰামাঞ্চলত ৪৫ দিনৰ অন্তৰালত চিলিণ্ডাৰ বুকিং উপলব্ধ হ’ব। 

Link

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ (Ministry of Petroleum and Natural Gas) অফিচিয়েল এক্স হেণ্ডেলতো ভাইৰেল দাবীটো খণ্ডন কৰা এটা টুইট আমি পালোঁ।

PIB Fact Check ৰ এক্স হেণ্ডেলতো আমি একেধৰণৰ টুইট এটা পালোঁ।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এল পি জি চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত কোনো নতুন নিয়ম ঘোষণা কৰা হোৱা নাই। চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম বাহাল থাকিব। অৰ্থাৎ, চহৰ এলেকাত ২৫ দিনৰ অন্তৰালত আৰু গ্ৰামাঞ্চলত ৪৫ দিনৰ অন্তৰালত চিলিণ্ডাৰ বুকিং উপলব্ধ হ’ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এল পি জি চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *