
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰকেট উৎক্ষেপণৰ এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ইৰাণৰ শেহতীয়া ICBM Missile ৰ ফটো। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#BreakingNews
ইৰাণৰ ১০০০০ কিলোমিটাৰ দূৰত্ব লৈ যাব
পৰা #ICBMৰ মিচাইলৰ পৰীক্ষা। উক্ত
শক্তিশালী মিচাইলৰ পৰীক্ষণৰ পিছতে
আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পৰিকল্পনা বাতিল।
আমেৰিকাৰ কেইবাখনো চহৰ উক্ত মিচাইলৰ
পৰিসৰত।”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ১৯ জুনত “আজ তক” ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া ২০২৫ চনৰ ১৯ জুনত ইৰাণে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ “চেজিল” (Sejjil)।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি ইউটিউব চেনেল এটাত ভাইৰেল ফটোখনত দেখাৰ নিচিনা একেধৰণৰ এক ক্ষেপণাস্ত্ৰৰ ভিডিঅ’ পালোঁ। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৫ চনৰ ১৯ জুনত।

বিৱৰণ অনুসৰি সেয়া ইৰাণে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা হাইপাৰচ’নিক ক্ষেপণাস্ত্ৰৰ দৃশ্য।
ভাৰতত থকা ইৰাণৰ দূতাবাসৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ভাইৰেল ফটোখনৰ সৈতে মিল থকা ফটো আপলোড কৰি উল্লেখ কৰা হৈছিল যে সেয়া ইৰাণৰ চেজিল (Sejjil) ক্ষেপণাস্ত্ৰ।

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।
বাতৰি অনুসৰি ইৰাণে দাবী কৰিছে যে ইৰাণে ICBM ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে যাৰ পৰিসৰ ১০০০০ কিলোমিটাৰ। কিন্তু ইয়াৰ সত্যতা সম্পৰ্কে এতিয়াও বিভিন্ন বিতৰ্ক চলি আছে।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন পুৰণি আৰু চেজিল ক্ষেপণাস্ত্ৰৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে ফটোখন ICBM ক্ষেপণাস্ত্ৰৰ নহয়। এই ফটোখনত ইৰাণে ২০২৫ চনৰ জুন মাহত ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা চেজিল (Sejjil) ক্ষেপণাস্ত্ৰহে দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ইৰাণৰ চেজিল ক্ষেপণাস্ত্ৰৰ ফটো ICBM ক্ষেপণাস্ত্ৰৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


