AI Generated ভিডিঅ’ৰে গুজৰাটত গণেশ ভগবানৰ দৰে শিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুজৰাটৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাই কোলাত এটি শিশু লৈ আছে আৰু শিশুটিৰ নাকটো হাতীৰ শুঁৰৰ দৰে। ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে গুজৰাটত এইদৰে গণেশ ভগবানৰ ৰূপৰ দৰে এটি শিশুৰ জন্ম হৈছে।  

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি কিছুমান বিসংগতি ধৰা পেলালোঁ। আমি মন কৰিলোঁ যে ভিডিঅ’টোত দেখা  শিশুটিৰ নাকটো অস্বাভাৱিক। তদুপৰি শিশুটিক কোলাত লৈ থকা মহিলাগৰাকীৰ হাতখন, আঙুঠিটো, পিছফালৰ দেৱালৰ সজ্জা আদি স্বাভাৱিক নহয়। সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বা ভিডিঅ’ত যিধৰণৰ অস্বাভাৱিক মসৃণতা দেখা যায়, সেয়া আমি এই ভিডিঅ’টোত দেখিছিলোঁ।

প্ৰাথমিকভাৱে এই ভিডিঅ’টো এআই জেনেৰেটেড(AI Generated) বা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি সন্দেহ হ’ল। ইতিপূৰ্বেও আমি এইধৰণ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছোঁ। 

আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম হেণ্ডেলত পালোঁ। সেই ভিডিঅ’টোৰ উপৰিও অন্য ধৰণৰ অস্বাভাৱিক কিছুমান ভিডিঅ’ও আমি সেই হেণ্ডেলটোতে দেখিলোঁ। উদাহৰণ স্বৰূপে দুটাকৈ একেধৰণৰ মুৰ থকা কইনা, দুটাকৈ একেধৰণৰ মুৰ থকা যুৱক, কঁপালত চকু থকা কণমানি শিশু, দাড়ি গজা বয়সস্থ মহিলা ইত্যাদি।

সেই ইনষ্টাগ্ৰাম হেণ্ডেলটোত আমি ব্যৱহাৰকাৰীগৰাকীৰ নাম Rachid EL Maslouhi Cherif বুলি লিখা দেখিলোঁ। 

সেই নামটোৰে সন্ধান আগবঢ়াই নিওতে আমি ব্যক্তিগৰাকীৰ ফেচবুক একাউণ্টটো লাভ কৰিলোঁ। আমি দেখিলোঁ যে ZOHYRCHERIF নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত থকা এই অস্বাভিৱক ভিডিঅ’বোৰৰ আৰৱী ভাষাৰ বৰ্ণনা দি থকা ব্যক্তগৰাকীয়েই সেইগৰাকী ব্যক্তি। 

তেওঁৰ ফেচবুক একাউণ্টটোতেই আমি তেওঁৰ Rachid Cherif নামৰ ফেচবুক পেজটো সংযোগ হৈ থকা দেখিলোঁ। তেওঁ নিজকে কমেডিয়ান বুলি পৰিচয় দিয়াৰ লগতে বায়’ত আৰৱী ভাষাত লিখা আছিল এইদৰে- صفحة ترفيهية كوميدية। ইয়াৰ অসমীয়া অৰ্থ হৈছে- এটা কমেডী মনোৰঞ্জনৰ পেজ। 

ফেচবুক পেজটোতেই আমি সত্যতা নিৰূপণ কৰি থকা এই ভিডিঅ’টো পালোঁ। লগতে তেওঁৰ ZOHYRCHERIF নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত থকা আন আন ভিডিঅ’বোৰো ইয়াত আমি দেখা পালোঁ।   

এইখিনিতেই আমি নিশ্চিত হওঁ যে এই ভিডিঅ’টো কোনোপধ্যেই গুজৰাটৰ হ’ব নোৱাৰে। কাৰণ যি দুটা সামাজিক মাধ্যমত এই ভিডিঅ’টো লাভ কৰিলোঁ, সেই দুটাৰ ব্যৱহাৰকাৰীগৰাকী গুজৰাটৰ তো নহয়েই, ভাৰতীয়য়ে নহয়। আমি তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি তেওঁলৈ মেছেজ কৰি সেই ভিডিঅ’ আৰু তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ।  মেছেজৰ উত্তৰত তেওঁ আমাক জানিবলৈ দিয়ে যে তেওঁ মৰক্কোৰ এগৰাকী ডি়জি়টেল ক্ৰিয়েটৰ তথা কমেডীয়ান। তেওঁ হাস্যৰস সৃষ্টিৰ বাবে এইধৰণৰ এআই(AI) ভিডিঅ’সমূহ সৃষ্টি কৰে আৰু আপলোড কৰে। 

ইয়াৰ লগে লগেই আমি এই সিদ্ধান্তত উপনীত হওঁ যে যিটো ভিডিঅ’ গুজৰাটত গণেশ ভগবানৰ দৰে এটি কণমানি শিশুৰ জন্ম হোৱা বুলি দাবী কৰি আপলোড কৰা হৈছে, সেইটো আচলতে মৰক্কোৰ এগৰাকী কমেডিয়ানে এআই(AI)ৰ জৰিয়তে সৃষ্টি কৰা ভিডিঅ’।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ গুজৰাটত গণেশ ভগবানৰ দৰে এটি কণমানি শিশুৰ জন্ম হোৱা বুলি দাবী কৰি আপলোড কৰা হৈছে, সেইটো আচলতে মৰক্কোৰ এগৰাকী কমেডিয়ানে এআই(AI)ৰ জৰিয়তে সৃষ্টি কৰা ভিডিঅ’।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated ভিডিঅ’ৰে গুজৰাটত গণেশ ভগবানৰ দৰে শিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *