
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য বিহাৰৰ। দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ দেখা গৈছিল বিহাৰত । ১৭ নৱেম্বৰ ২০২৫ত কৰা পোষ্টটোত লিখিছেঃ- সীমাহীন প্ৰতিবাদী মিচিল | নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ

অনুৰূপ দাবী এই ফেচবুক পোষ্টটোতো কৰা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি প্ৰাসংগিক শব্দ লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ যদিও শেহতীয়াকৈ বিহাৰত এনে কোনো বৃহৎ পৰিসৰৰ প্ৰতিবাদ সন্দৰ্ভত কোনো বিশ্বাসযোগ্য খবৰ পোৱা নাছিলোঁ।
তাৰ পাছত আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ইয়াৰ ফলত আমি এটা ইনষ্টাগ্ৰাম হেণ্ডেলত ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত সেই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। কেপছন অনুসৰি ভিডিঅ’টোত দেখা গৈছে প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ অসমৰ গুৱাহাটীত হোৱা শেষ যাত্ৰা।

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই ভিডিঅ’টো বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বৰে।
আমি আন এটা প্ৰাসংগিক শব্দৰ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তাৰ ফলত জুবিন গাৰ্গৰ গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ যোৱা শেষ যাত্ৰাৰ আন আন ভিডিঅ’বোৰ পোৱা গ’ল।
ভাইৰেল ভিডিঅ’টোত আমি জুবিন গাৰ্গৰ মৃতদেহ কঢ়িয়াই অনা বাহনখনলৈ লক্ষ্য কৰিলোঁ৷

আমি ভাইৰেল ভিডিঅ’টোত থকা ঠাইখন জিঅ’লকেট কৰিলোঁ। ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু গুগল মেপছৰ ছবিৰ তুলনা তলত চাব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাত থকা তেওঁৰ ঘৰলৈ লৈ যোৱা শেষ যাত্ৰাৰ দৃশ্য দেখা গৈছে। এয়া বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পাছৰ ৰাইজৰ প্ৰতিবাদৰ দৃশ্য নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এয়া বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পাছৰ ৰাইজৰ প্ৰতিবাদৰ দৃশ্য নহয়। এয়া গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰাস্থিত ঘৰলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহৰ শেষ যাত্ৰাৰ দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ দৃশ্যকে বিহাৰৰ প্ৰতিবাদ বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


