প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

False Political
SB.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে, বিশেষকৈ বিৰোধী দল কংগ্ৰেছে লাধাখৰ পৰিস্থিতিৰ বাবে মোডীক জগৰীয়া কৰি বিভিন্ন ধৰণে সমালোচনা কৰিছে । 

এনে সময়তে এখন বিশেষ ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । ফটোখনত প্ৰাক্তন কংগ্ৰেছ নেতা আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক কিছু সৈন্যৰ আগত ভাষণ দি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এই ভাষণ ইন্দিৰা গান্ধীয়ে শেহতীয়াকৈ ভাৰত-চীন সংঘৰ্ষৰ সময়ত চৰ্চালৈ অহা ‘গলৱান’ নামৰ ঠাই টুকুৰাত দিছিল । বিভিন্নজনে আৰু দাবী কৰিছে যে মোদীয়ে ‘গলৱান’ক চীনৰ হাতত এৰি দিলে কিন্তু ইন্দিৰা গান্ধী প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ তাত ভাষণ দিছিল । 

WhatsApp Image 2020-06-23 at 14.32.44.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ অসমত হোৱাটচ এপ্পৰ যোগেদিও এই বিশেষ ফটোখন ভাইৰেল হৈ পৰিছে ।

সঁচাকৈ ভাইৰেল ফটোখন ‘গলৱান’ৰ নেকি? তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘গলৱান’ত ভাষণ দিছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি বিশেষ ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু art-sheep.com নামৰ এক ৱেবচাইটত উক্ত ভাইৰেল ফটোখন ইন্দিৰা গান্ধীৰ বিষয়ে এক লিখনিত সন্নিবিষ্ট থকা দেখিলোঁ । ফটোখনৰ কেপচনত লিখা আছে যে উক্ত ফটোখন ইন্দিৰা গান্ধীয়ে ‘লেহ’ত ১৯৭১ চনত জোৱান সকলক উদ্দেশ্যি ভাষণ দি থকাৰ সময়ত তোলা । 

SB1.png
SB2.png

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু ‘পিটিআই’ৰ আৰ্কাইভ চেক্সনত উক্ত ফটোখন পালোঁ । তেওঁলোকৰ মতেও উক্ত ফটোখন ১৯৭১ চনত লেহত তোলা । 

WhatsApp Image 2020-06-23 at 13.13.38.jpeg

‘লেহ’ ঠাইখন ‘গলৱান’ৰ পৰা কমেও দুশ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু লেহত ভাষণ দিলে সেইয়া গলৱান বুলি কোৱাৰ কোনো ভিত্তি নাই । 

ফলাফল

উক্ত ভাইৰেল ফটোখন ‘গলৱান’ত তোলা নহয় বৰঞ্চ ‘লেহ’ত তোলা হয় । প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘গলৱান’ত ভাষণ দিয়া নাছিল । 

Avatar

Title:প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *