
যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা-
কি আছিল ঘটনাটো:
আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত এই অভিযান আৰম্ভ কৰা হৈছিল। এই অভিযানত এৰিয়েল চাৰ্ভেইলেঞ্চ (aerial surveillance) আৰু ট্ৰেকাৰ টিম (tracker team)ৰ সহায় লোৱা হৈছিল। পুৱতি নিশা নিৰাপত্তা বাহিনী আৰু আলফা (স্বাধীন)ৰ দলটোৰ মাজত গুলীয়াগুলী হয় আৰু এজন আলফা (স্বাধীন) কেডাৰৰ মৃত্যু হয়। নিহত কেডাৰজনক নিষিদ্ধ সংগঠনটোৰ স্বয়ম্ভূ চাৰ্জেণ্ট মেজৰ আইৱান অসম ওৰফে অভিকেশ মৰাণ বুলি চিনাক্ত কৰা হৈছে। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত কৰ্দৈগুৰি অঞ্চলত বুলি নিৰাপত্তা বাহিনীয়ে নিশ্চিত কৰিছে। নিহত আলফা কেডাৰজনৰ পৰা এটা HK ৰাইফল, এটা গ্ৰেনেড আৰু এটা বেগ উদ্ধাৰ কৰা হৈছে৷ বেগটোৰপৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত সেনাৰ শিবিৰত আক্ৰমণ চলোৱা আলফা (স্বাধীন)ৰ সাতজনীয়া দলৰ সদস্য আছিল নিহত কেডাৰজন। এই আক্ৰমণৰ পাছতে নিৰাপত্তাৰক্ষীৰপৰা হাত সাৰিবলৈ দলটোৱে অৰুণাচল সীমান্তৰ ফালে পলায়ন কৰা বুলি জানিব পৰা গৈছে। পাছত অসম-অৰুণাচলৰ সীমান্তৰ থাপাবাৰী টেঙাপানী ন দিহিঙ নদীৰ পাৰত উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা তেজৰ দাগ লগা, পৰিত্যক্ত বাহন এখন উদ্ধাৰ কৰা হয়। এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তোলে আৰু অৱশেষত নামছাইত আলফা (স্বাধীন)ৰ দলটোৰ সৈতে সংঘৰ্ষ হয়।
তিনিচুকীয়াৰ কাকপথাৰৰ সেনাৰ শিবিৰ আক্ৰমণ:
যোৱা ১৬ অক্টোবৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত সেনাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ কৰিছিল আলফা (স্বাধীন)ৰ এটা দলে। খবৰ অনুসৰি যোৱা ১৭ অক্টোবৰৰ মাজনিশা সেনা শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে আলফা স্বাধীনে। তাৰ পাছতেই দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লাগে। গুলীয়াগুলীত ৩ সেনা জোৱান আহত হৈছিল।

ই-মেইলযোগে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে, যি আক্ৰমণক সংগঠনটোৱে ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰিছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলিছিল য’ত আলফা স্বাধীনৰ কেইবাজনো সদস্যৰ মৃত্যু হৈছিল। সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আলফা স্বাধীনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
অৰুণাচলৰ নামছাইত হোৱা সংঘৰ্ষৰ পৰৱৰ্তী পদক্ষেপ :
অৰুণাচলৰ নামছাইত ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত হোৱা অভিযানত আলফা (স্বাধীন)ৰ কেডাৰজনৰ মৃত্যুৰ পাছত এই অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ডিফেন্স পি আৰ অ’, গুৱাহাটী, লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে জনায় যে নিৰাপত্তা বাহিনীয়ে এটা ৰাইফল, এটা আৰ পি জি (ৰকেট চালিত গ্ৰেনেড) গুলী আৰু অত্যাৱশ্যকীয় সামগ্ৰী থকা তিনিটা ৰকচেকো উদ্ধাৰ কৰে, যাৰ পৰা অনুমান কৰিব পাৰি যে গোটটোৱে হয়তো বিধ্বংসী কাৰ্যকলাপ চলোৱাৰ সম্ভাৱ্য পৰিকল্পনাৰে অঞ্চলটোৰ মাজেৰে যাতায়ত কৰি আছিল।
ঘটনাৰ পাছতে এনকাউণ্টাৰ জ’ন আৰু ইয়াৰ আশে-পাশে অনুসন্ধান তীব্ৰতৰ কৰিবলৈ সেনা, আছাম ৰাইফলছ, চি আৰ পি এফ, আৰু স্থানীয় আৰক্ষীৰ অতিৰিক্ত দল নিয়োগ কৰা হৈছে। যোৱা কেইমাহমানত আলফা (স্বাধীন)ৰ কেইবাজনো সদস্য নিষ্ক্ৰিয় বা গ্ৰেপ্তাৰ হোৱাৰ পাছত নামছাইৰ শেহতীয়া অভিযানো নিশ্চিতভাৱে এক উল্লেখযোগ্য সফলতা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।
Fact Check By: Fact Crescendo AssameseResult: Insight


