
শেহতীয়াকৈ উত্তৰাখণ্ডত হোৱা ভূমিস্খলনৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত পাহাৰৰ পৰা বোকা-শিল-পানীৰ ঢল বৈ অহা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডৰ গড়ৱালৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২৭ জুলাইত এটা ফেচবুক পেজত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি সেয়া ফিলিপাইনৰ ইট’গ’নৰ ভিৰেকৰ আকুপেন নদীৰ দৃশ্য (Acupan river, virac, Itogon)। এইদৰে বৈ অহা বোকা-পানীৰ ঢলে বহুতো ঘৰ ধ্বংস কৰা বুলি কেপশ্বনত উল্লেখ কৰা হৈছিল। ভিডিঅ’টোৰ সৌজন্যত Vandamme Layaban নামটো লিখা আছিল।
একেটা ভিডিঅ’ আমি ফিলিপাইনৰ এটা সংবাদ প্ৰতিষ্ঠান Baguio Herald Expressৰ ফেচবুক পেজত যোৱা ২০ জুলাইত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ভিডিঅ’টো ফিলিপাইনৰ ইট’গ’নৰ ভিৰেকৰ আকুপেনৰ। তাতো ভিডিঅ’টোৰ সৌজন্যত Van Damme নামটো উল্লেখ কৰা হৈছিল।
আন এটা ফেচবুক পোষ্টত এই ভিডিঅ’টো Vandamme Layaban নামৰ টিকটক একাউণ্টত পোৱা বুলি উল্লেখ কৰা হৈছিল।
যিহেতু টিকটক ভাৰতত নিষিদ্ধ, গতিকে আমাৰ কম্বোডিয়া টীমৰ সহযোগত আমি উল্লিখিত টিকটক একাউণ্টটো পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল।
টিকটক একাউণ্টটোত উল্লেখ কৰা হৈছিল যে সেয়া ফিলিপাইনৰ ইট’গ’নৰ ভিৰেকৰ আকুপেনৰ দৃশ্য।
আমি এই ব্যৱহাৰকাৰীজনৰ ফেচবুক একাউণ্টটো পালোঁ আৰু তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ কয় যে ভিডিঅ’টো তেওঁ ৰেকৰ্ড কৰিছিল আকুপেনত ২০২৫ চনৰ ২০ জুলাইত।
যোৱা জুলাইত মাহত ফিলিপাইনৰ বেংগেটৰ ইট’গ’নত হোৱা ভূমিস্খলন সম্পৰ্কে ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ সময়ৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোৰ উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ সময়ৰ নহয়। এই ভিডিঅ’টো যোৱা জুলাই মাহত ফিলিপাইনৰ বেংগেটৰ ইট’গ’নৰ ভিৰেকত হোৱা এক ভূমিস্খলনৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফিলিপাইনৰ পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
