খিলঞ্জীয়া অসমীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানঃ প্ৰতিক্ৰিয়া,প্ৰতিবাদ ইত্যাদি

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXcylHJaTL1v1OUyG97RNCF4uHynQPHZJ59EeO_WphVkpJ7xrwjqQRQrm7fMV8UJa35hoYh5x9XNA3yQQG6AYnsy60OVy3t-6ah1rTaLP9XOEe2LUthhi8OBcen4L_3vFqPvQusz?key=yQISDsL4KJziosmyv4slsQ

প্ৰস্তাৱনা 

যোৱা ২৮ মে, ২০২৫ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ খিলঞ্জীয়া মানুহক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। শেহতীয়াকৈ অসমক সন্দেহযুক্ত নাগৰিক অধ্যুসিত অঞ্চলত সেই সকল লোকৰ হাতত মাৰনাস্ত্ৰ থকাৰ কথাটো সৰৱ আলোচনা হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই তাতপৰ্য বহন কৰিছে। তাৰ পাছতে তেখেতে ঘোষণা কৰে যে এই অনুজ্ঞাপত্ৰ লাভৰ বাবে যোগ্য লোকসকলে এক নিৰ্দিষ্ট পোৰ্টেলযোগে আবেদন কৰিব পাৰিব। অতি শেহতীয়াকৈ অসম চৰকাৰে খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তক লৈ সমালোচনাৰ মাজতে যোৱা দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অস্ত্ৰৰ অনুজ্ঞাপত্ৰ “মূল্যায়ন”ৰ পাছতহে দিয়া হ’ব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয় যে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ লগতে খিলঞ্জীয়াৰ বাবেও ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাটো প্ৰয়োজন। “বন্দুকৰ প্ৰয়োজন। বন্দুক নাথাকিলে দক্ষিণ ছালমাৰা-মানকাচৰ আৰু বাগবৰত কেনেকৈ থাকিব?” তালৈ গ’লেহে বুজিব।’ বাগছাৰ এটা কাৰ্যসূচীত অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিক লৈ হোৱা সমালোচনাৰ বিষয়ে সোধাত তেওঁ এইদৰে কয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcZU2LM2gHw5a6F3tSQtOsLvtIxDV4cgxVeY7RY9SW60zxvcXRC4fbdWKSy4lPJyD_37WEhs6pu5jgOy8hHlcIkEeNvFaY9qTDkcnnIFp0HSAH9Ndc2n2wowJZNd9ULF5HHMg4J0g?key=yQISDsL4KJziosmyv4slsQ

কোন কোন অঞ্চলক চিনাক্ত কৰা হৈছে

অস্ত্ৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ভাষণ দি কয় যে “দুৰ্বল আৰু দুৰ্গম অঞ্চল”ৰ কেইখনমান জিলা হৈছে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও আৰু দক্ষিণ ছালমাৰা-মানকাচৰ। ৰূপহী, ধিং, জনীয়া আদি আন কিছুমান স্থানীয় অঞ্চলৰ নামো উল্লেখ কৰে। শৰ্মাই যিবোৰ অঞ্চল আৰু জিলাৰ কথা উল্লেখ কৰিছিল, সেইবোৰ সকলো সংখ্যালঘু প্ৰধান স্থান। ১৯৭৯-৮৫ চনত সংঘটিত হোৱা অসম আন্দোলনৰ সময়ছোৱাৰ পৰাই এনে অঞ্চলৰ খিলঞ্জীয়াই সুৰক্ষাৰ উদ্দেশ্যে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দাবী কৰি আহিছে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২৪ জুলাইত শৰ্মাই নিজৰ চৰকাৰে খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল আৰু দাবী কৰিছিল যে খিলঞ্জীয়াক আগ্নেয়াস্ত্ৰ যোগান ধৰিলেহে তেওঁলোক জীয়াই থাকিব। ২৩ জুলাইত তেওঁ কৈছিল যে আগষ্টৰ পৰা জনসাধাৰণে এক নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয় যে আমি দুৰ্বল অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে বৰ্তমানৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিছো।

প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ 

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতেই বিভিন্ন স্তৰত ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কিছুসংখ্যক লোকে ইয়াক সমৰ্থন কৰিছে যদিও সমাজৰ এটা স্তৰৰ লোকে ইয়াৰ বিৰোধিতাও কৰা দেখা গৈছে। অসমৰ নগাঁও জিলাৰ এখন নাগৰিক মঞ্চই জুলাই মাহত খিলঞ্জীয়াক সুৰক্ষাৰ হকে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে। নগাঁও নগৰিক সভাই নগাঁও চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। অসম কেবিনেটে ২৮ মে’ত সিদ্ধান্ত লৈছিল যে চৰকাৰে “দুৰ্বল আৰু দুৰ্গম” অঞ্চলত বাস কৰা খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি তেওঁলোকৰ মাজত নিৰাপত্তাৰ ভাৱ জগাই তুলিব।

“আমাক সাম্প্ৰদায়িক পিষ্টলৰ প্ৰয়োজন নাই”

নগাঁও নগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই সাংবাদিকৰ আগত কয়, “আমাক সাম্প্ৰদায়িক পিষ্টলৰ প্ৰয়োজন নাই। আমাৰ শুকান কৃষি পথাৰ বচাবলৈ আমাক জলসিঞ্চনৰ প্ৰয়োজন, চাকৰি লাগে, মাটিৰ অধিকাৰ লাগে, যেনেকৈ চৰকাৰে বৃহৎ কৰ্পৰেট ঘৰক দিছে।” তেওঁ দাবী কৰে যে প্ৰশাসনৰ কথিত ব্যৰ্থতাৰ পৰা নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে চৰকাৰে সমাজৰ এটা শ্ৰেণীক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰস্তুতি চলাইছে। 

“কাইলৈ যদি অসমত মণিপুৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বুলেট প্ৰুফ গাড়ীৰ ভিতৰত নিৰাপদে জীয়াই থকা মন্ত্ৰী আৰু শাসকীয় দলৰ বিধায়কে সাধাৰণ মানুহ আৰু শিশুৰ দায়িত্ব ল’বনে?” বৰাই প্ৰশ্ন কৰে। তেওঁ অসমৰ ৰাইজক “নিজৰ কেলেংকাৰী ঢাকিবলৈ” চেষ্টা কৰা শাসকীয় বিজেপিৰ “সাম্প্ৰদায়িক এজেণ্ডা”ৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।  

‘নাৰী নাগাৰিক মঞ্চ’ৰো প্ৰতিবাদ

অসমৰ এটা মহিলা গোষ্ঠীয়েও ৰাজ্য চৰকাৰক “স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া”ক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। ইয়াৰ ফলত অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰ আৰু আনকি সম্ভাৱ্য নাগৰিক সংঘাতৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে চৰকাৰে “নম্ৰ” নীতিৰ জৰিয়তে সাধাৰণ নাগৰিকক “অস্ত্ৰৰে সজ্জিত” কৰাৰ পৰিৱৰ্তে যিকোনো ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা আৰু কৰ্মীসকলক শক্তিশালী কৰাত গুৰুত্ব দিব লাগে।

মহিলাৰ কণ্ঠক একত্ৰিত কৰাৰ এক অৰাজনৈতিক মঞ্চ ‘নাৰী নাগাৰিক মঞ্চ’ৰ এখন সভাত খিলঞ্জীয়া লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিষয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া আৰু সমাজৰ বাবে পৰিণতিৰ বিষয়ে আলোচনা কৰা হয়।

ই বন্দুক সংস্কৃতিৰ প্ৰচাৰ কৰিব

‘নাৰী নাগাৰিক মঞ্চ’ৰ মতে এই সিদ্ধান্তই ৰাজ্যখনত বন্দুক সংস্কৃতিৰ প্ৰচাৰ কৰিব, ৰাজ্যখনে দশক দশক ধৰি চলি থকা উগ্ৰপন্থীতাৰ সাক্ষী হোৱাৰ পাছত অস্ত্ৰ সমৰ্পণৰ ওপৰত কাম কৰি আহিছে আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰই বছৰ বছৰ ধৰি চলি অহা শান্তি প্ৰক্ৰিয়াক ওলোটা কৰি তুলিব বুলি আঙুলিয়াই দিয়ে। এই সভাত চৰকাৰৰ এই সিদ্ধান্তই “গৃহযুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, লিংগ হিংসা বৃদ্ধি কৰিব পাৰে আৰু অস্ত্ৰ প্ৰসাৰণৰ কাৰণ হ’ব পাৰে” বুলি আশংকা প্ৰকাশ কৰিছে।

গণতান্ত্ৰিক পৰিৱেশত সামৰিককৰণ আৰু মেৰুকৰণৰ কোনো পৰিসৰ নাই। আইন প্ৰয়োগকাৰী সংস্থাসমূহক সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি সভাত অংশগ্ৰহণকাৰীসকলে কয়। এই বৈঠকত চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবীত এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকে ধৰি অন্যান্যসকলৰ ওচৰত দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

উপসংহাৰ

অসমত শেহতীয়াকৈ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন উচ্ছেদকে আদি কৰি বিভিন্ন ধৰণে সৰৱ হোৱা দেখা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাৰেই কঠোৰ বক্তব্যৰে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে চৰকাৰখন কোনোপধ্যেই নমনীয় নহয় বুলি কৈ আহিছে। তাৰ লগতে এই সন্দেহযুক্ত নাগৰাকীৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া লোকক সৱল কৰি ৰখাৰ ক্ষেত্ৰত এইদৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তই বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিলেও যিসমুহ স্থানত সন্দেহযুক্ত নাগৰিকৰ সংখ্যাধিক্য আছে আৰু তাত থাক খিলঞ্জীয়া অসমীয়া নাগৰিকসকলে নিজকে সুৰক্ষিত বুলি নাভাবে, তেওঁলোকে সিদ্ধান্তটোক আদৰণি জনোৱা দেখা গৈছে। ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে যোগ্যজনকহে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। গতিকে এইক্ষেত্ৰত চৰকাৰখনৰ এক নিয়ন্ত্ৰন থাকিব বুলি আশা কৰিব পাৰি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:খিলঞ্জীয়া অসমীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানঃ প্ৰতিক্ৰিয়া,প্ৰতিবাদ ইত্যাদি

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *