প্ৰস্তাৱনা
দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ খবৰে মাজে সময়ে সংবাদ শিৰোণাম দখল কৰি অহা পৰিলক্ষিত হয়। আনকি আমাৰ অসমৰো বিভিন্ন প্ৰতিষ্ঠানত এইধৰণ ঘটনাৰ খবৰ পূৰ্বেও চৰ্চা লাভ কৰিছিল। আনকি আইআইটি গুৱাহাটীত এইধৰণে ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ আমি লাভ কৰিছিলোঁ। শিক্ষা প্ৰতিষ্ঠান একোখনত বিভিন্ন কাৰণত মানসিক কষ্ট লাভ কৰি ছাত্ৰ বা ছাত্ৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰা দেখা যায়। পঢ়া শুনাৰ চাপৰ পৰা আৰম্ভ কৰি অন্য বিভিন্ন প্ৰকাৰৰ মানসিক চাপ অথবা আতিশয্যৰ বলি হৈয়ো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাচি লোৱা দেখা যায়। তেনেকুৱা এটা ঘটনায়ে সংঘটিত হৈছে ওডিশাৰ কলিঙ্গ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি চমূকৈ KIITত। তাৰ পাছৰে পৰা বিষয়টোৱে সমগ্ৰ দেশতেই চৰ্চা লাভ কৰিছে। আনকি আমাৰ অসমতো ইয়াকে লৈ ব্যাপক আলোচনা দেখা গৈছে। এই লেখাত সেই বিষয়টো সন্দৰ্ভক থোৰতে কিছু কথা আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
কি এই KIIT বিতৰ্ক?
ওডিশাৰ কলিঙ্গ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি চমূকৈ KIITৰ এগৰাকী ২০ বছৰীয়া নেপালী ছাত্ৰীয়ে হোষ্টেলত আত্মহত্যা কৰাত প্রতিবেশী দেশখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নেতৃত্বত ক্ষোভৰ সৃষ্টি হয়। পাছত, প্ৰশাসনে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেলৰ পৰা উলিয়াই দিয়ে, যিয়ে এই বিতৰ্কক আৰু অধিক তীব্ৰ কৰি তোলে। ঘটনাৰ সবিশেষ অনুসৰি ব্যক্তিগত অভিযান্ত্ৰিক প্ৰতিষ্ঠানটোত এগৰাকী ২০ বছৰীয়া নেপালী ছাত্ৰীৰ মৃত্যুৰ পাছৰে পৰা প্ৰতিষ্ঠানটো সমালোচনাৰ সন্মুখীন হৈছে। ছাত্ৰীগৰাকীয়ে হোষ্টেলত আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত কেম্পাছত উত্তেজনাৰ সৃষ্টি হৈছিল। তাৰ পাছত সোমবাৰে নেপালৰ এদল ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰা উলিয়াই দিয়া হয় আৰু এই কাৰ্যই বিতৰ্কক আৰু অধিক তীব্ৰতৰ কৰি তোলে। অৱশ্যে পাছত প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেলত থাকিবলৈ অনুমতি দিয়ে। আত্মহত্যা কৰা ছাত্ৰীগৰাকীৰ নাম আছিল প্ৰকৃতি লামছাল। তেওঁ KIITত বি.টেকৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰী আছিল। ইয়াকে লৈ প্ৰতিষ্ঠানখনৰ কেম্পাছত পৰিস্থিতি বিষম হৈ অহাৰ লগে লগে KIITৰ কৰ্তৃপক্ষই কেইবাজনো নেপালী ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰা উলিয়াই দিয়ে আৰু তেওঁলোকৰ ভ্ৰমণৰ বাবে কোনো ব্যৱস্থা নকৰাকৈ কটক ৰেলৱে ষ্টেচনত এৰি দিয়ে। তাৰ পাছতেই এই বিষয়টো বনজুইৰ দৰে বিয়পি কৰে আৰু সৰ্বত্ৰ আলোচিত হয়।
প্ৰকৃতি লামছালৰ বিষয়ে সবিশেষ
প্ৰকৃতি লামছালে ভুবনেশ্বৰৰ কিটত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰি আছিল। নেপালৰ তৃতীয় বৰ্ষৰ ছাত্ৰীগৰাকী আছিল এগৰাকী অন্তৰ্মুখী স্বভাৱৰ যুৱতী যিয়ে সহজে সকলো লোকৰ সৈতে যোগাযোগ নাৰাখে বুলি তেওঁৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে জনায়। লামছালে আই টি উদ্যোগৰ কেৰিয়াৰৰ সপোন দেখিছিল। যোৱা দেওবাৰে কলেজৰ এক উৎসৱৰ পৰা নিজৰ কোঠালৈ উভতি অহাৰ পাছত নিজৰ জীৱন লোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ দেউতাক সুনীল লামছালে কয় যে তেওঁ মাকক ফোনযোগে ফোন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যে উৎসৱৰ পৰা নিজৰ কোঠালৈ উভতি অহাৰ পিছত ফোন কৰিব।
শোকত ভাগি পৰা পিতৃয়ে কয় যে তেওঁ আৰু প্ৰকৃতিয়ে ২০২২ চনত কাঠমাণ্ডুত KIIT ৰ দ্বাৰা আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল । তাতেই নেপালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰতিষ্ঠানখনলৈ আকৰ্ষণ কৰা হৈছিল।
“তেওঁলোকে আমাক কলেজে প্ৰদান কৰা পৰিসৰ আৰু সুবিধাসমূহৰ বিষয়ে কৈছিল, যাৰ বাবে আমি আমাৰ ছোৱালীজনীক নামভৰ্তিৰ বাবে পঠিয়াবলৈ সিদ্ধান্ত লৈছিলো। তাই নাইকিয়া হৈ গৈছে, কিন্তু আন কোনো ছাত্ৰৰ লগত এনেকুৱা হ’ব নালাগে। দূৰৈৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল ইয়ালৈ অধ্যয়ন কৰিবলৈ আহে।’ঃ প্ৰকৃতিৰ পিতৃয়ে কয়।
প্ৰকৃতিৰ অন্তিমটো ফোনকল
ছাত্ৰীগৰাকীৰ হঠাৎ এইদৰে মৃত্যু হোৱাৰ পাছত তেওঁৰ পৰিয়ালে বৰ্তমান এক কল্পনাতীত দুখৰ সৈতে যুঁজি আছে। পৰিয়ালে জনোৱা মতে শেষবাৰৰ বাবে যেতিয়া তেওঁ কথা পাতিছিল সকলো যেন ঠিকেই আছে, তেনেকুৱা লাগিছিল। কিন্তু মাত্ৰ কেইঘণ্টামানৰ পাছতেই সাধাৰণ ফোন কল এটাৰ পাছত ছাত্ৰীগৰাকীয়ে কৰুণভাৱে নিজৰ জীৱনটো শেষ কৰি পেলালে। খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ ব্যৱসায় কৰা প্ৰাকৃতিৰ পিতৃয়ে প্ৰকাশ কৰিছিলঃ “তেওঁ দেওবাৰে দুপৰীয়া ২:৫১ বজাত মাকক ফোন কৰিছিল আৰু সকলো সম্পূৰ্ণ স্বাভাৱিক যেন লাগিছিল। তেওঁ উল্লেখ কৰিছিল যে তেওঁ এক অনুষ্ঠানলৈ ৰাওনা হৈছে। তাত নেটৱৰ্কৰ সমস্যাৰ বাবে কিছু সময়ৰ বাবে ফোন কৰিব নোৱাৰিব পাৰে। কিন্তু দেওবাৰে বিয়লি ৫ বজাৰ পৰা বিয়লি ৫:৩০ বজাৰ ভিতৰত আমি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা ফোন পালোঁ যে তেওঁ আৰু নাই”।
প্ৰকৃতি লামছালক হাৰাশাস্তি কৰা হৈছিল নেকি?
প্ৰকৃতি লামছালৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে অভিযোগ কৰিছে যে লক্ষ্ণৌৰ বাসিন্দা কিটৰ ২১ বছৰীয়া বিটেকৰ ছাত্ৰ এডভিক শ্ৰীবাস্তৱে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছিল।
লামছালৰ পিতৃৰ সৈতে ভুবনেশ্বৰলৈ যোৱা নিচান কেনেলে কয়ঃ “মোৰ কন্যা আৰু প্ৰকৃতি ঘনিষ্ঠ বান্ধৱী আছিল। তাই বৰ্তমান কানাডাত থকা মোৰ মোৰ ছোৱালীজনীক হাৰাশাস্তিৰ কথা কৈছিল যদিও লাজৰ আশংকা কৰি এই কথা কাকো নক’বলৈ তাইক অনুৰোধো কৰিছিল। তাই আত্মহত্যাৰ ফলত মৃত্যুৰ পাছতহে এই কথা জানিব পাৰিলোঁ।”
প্ৰকৃতিয়ে তেওঁৰ পূৰ্বৰ প্ৰেমিক এডভিকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয়খনত থকা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কাৰ্যালয়ৰ (আই আৰ অ’) কাষ চাপিছিল বুলি জানিব পৰা গৈছে।
কিটৰ পঞ্জীয়ক ঝ্ননা ৰঞ্জন মোহন্তিয়ে নিশ্চিত কৰিছে যে প্ৰকৃতিয়ে অভিযুক্তৰ বিৰুদ্ধে আই আৰ অ’ত দুৰ্ব্যৱহাৰৰ অভিযোগ দাখিল কৰিছে। তেওঁৰ অভিযোগৰ ভিত্তিত আই আৰ অ’ৰ বিষয়াসকলে দুয়োজনকে মাতি নিছিল আৰু তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিছিল আৰু অভিযুক্তক সকীয়ায়ো দিছিল।
উল্লেখযোগ্য যে সোমবাৰে আদভিককক গ্ৰেপ্তাৰ কৰা হৈছে।
নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মাওলীৰ প্ৰতিক্ৰিয়া
নেপালী ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই দিয়াৰ অভিযোগে সামাজিক মাধ্যমত ক্ষোভৰ সৃষ্টি কৰে। যাৰ ফলত নেপালৰ প্ৰধানমন্ত্ৰী কে.পি.শৰ্মাওলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সোমবাৰে শৰ্মাওলীয়ে নেপালী ভাষাত ফেচবুকত পোষ্ট কৰি কয়ঃ, “বিভিন্ন মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ যে ওডিশাৰ KIIT বিশ্ববিদ্যালয়ৰ হোষ্টেলত এগৰাকী নেপালী ছাত্ৰীৰ মৃত্যু হৈছে আৰু নেপালী ছাত্ৰ-ছাত্ৰীসকলক জোৰকৈ উলিয়াই দিয়া হৈছে। চৰকাৰে কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে এই বিষয়ত কাম কৰি আছে আৰু ইয়াৰ লগত সম্বন্ধিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।”
এই ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ আৰু পদক্ষেপ
২০ বছৰীয়া ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ ফলত প্ৰতিবাদ কৰা নেপালী ছাত্ৰ-ছাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ইতিমধ্যে তিনিজন কৰ্মচাৰীক নিলম্বন কৰিছে আৰু দুজন নিৰাপত্তাৰক্ষীক অব্যাহতি দিয়া হৈছে। তদুপৰি মঙলবাৰে কলিংগা ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি (কেআইআইটি) বিশ্ববিদ্যালয়ে ক্ষমাও বিচাৰে। ইফালে, মঙলবাৰে আৰক্ষীয়ে এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ সঞ্চালক প্ৰধান আৰু প্ৰশাসনৰ সঞ্চালককে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে যদিও দিনটোৰ পাছত মুকলি কৰি দিয়া হয়। বিশ্ববিদ্যালয়খনে কয় যে তেওঁলোকে নেপালৰ ওপৰত কৰা বিৰূপ মন্তব্যক লৈ ছাত্ৰীগৰাকী থকা হোষ্টেলৰ পৰিচালক জয়ন্তী নাথ আৰু কম্পিউটাৰ বিজ্ঞানৰ সহযোগী অধ্যাপক মঞ্জুছা পাণ্ডেক নিলম্বিত কৰিছে।
অধ্যাপক তথা কৰ্মচাৰীৰ ক্ষমা প্ৰাৰ্থনা
শিক্ষা প্ৰতিষ্ঠানখনৰ কেম্পাছৰ প্ৰতিবাদৰ সময়ত বিতৰ্কিত এক ভিডিঅ’ প্ৰচাৰ হোৱাৰ পীছত ওড়িশাৰ কলিংগা ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি (KIIT)ৰ অধ্যাপকসকলে ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, কৰ্মচাৰীৰ মঞ্জুছা পাণ্ডে আৰু জয়ন্তী নাথে বিশ্ববিদ্যালয়খনৰ বাজেট আৰু নেপালৰ ৰাষ্ট্ৰীয় বাজেটৰ মাজত তুলনা কৰা ভাষণ প্ৰদান কৰা মন্তব্য কেমেৰাত বন্দী কৰা হৈছিল, যাৰ ফলত ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল। ভাইৰেল ভিডিঅ’টোত পাণ্ডেয়ে কৈছিলঃ “আমি ৪০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ খুৱাই আৰু পাঠদান কৰি আছো।”
ইফালে জয়ন্তী নাথে নেপালী ছাত্ৰ-ছাত্ৰীক কোৱা শুনা গৈছিলঃ “সেয়া তোমালোকৰ দেশৰ বাজেটৰ সমান।” পাণ্ডে আৰু নাথ দুয়োজনেই এতিয়া তেওঁলোকৰ মন্তব্যক লৈ দুখ প্ৰকাশ কৰিছে আৰু সেয়া তাতক্ষনিকভাৱে কৰা মন্তব্য বুলি স্বীকাৰ কৰিছে। পাণ্ডেয়ে স্পষ্ট কৰি দিয়ে যে যোৱা ১৬ ফেব্ৰুৱাৰীত কৰা তেওঁৰ মন্তব্যই বিশ্ববিদ্যালয়ৰ মতামত প্ৰতিফলিত নকৰে। নেপালী ছাত্ৰ-ছাত্ৰী বা নেপালৰ জনসাধাৰণৰ বাবে হোৱা যিকোনো অসুবিধাৰ বাবে তেওঁ ক্ষমা বিচাৰে।
নেপাল দূতাবাসৰ ২ বিষয়াৰ ওডিশাৰ প্ৰতিষ্ঠানলৈ যোৱাৰ সম্ভাৱনা
ইয়াৰ মাজতে দিল্লীস্থিত নেপাল দূতাবাসৰ দুগৰাকী বিষয়াৰ ওডিশাৰ ব্যক্তিগত অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনলৈ যোৱাৰ সম্ভাৱনা আছে। বিষয়াদুগৰাকীয়ে যিসকলক হোষ্টেলৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উঠিছিল সেইদল ছাত্ৰ-ছাত্ৰীৰ সৈতেও সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।
পশ্চিমীয়া দেশসমূহতকৈ কম খৰচত গুণগত শিক্ষা আগবঢ়োৱাৰ বাবে বিগত কেইবাবছৰত ভাৰতৰ দক্ষিণ পূব এছিয়াত এক উল্লেখযোগ্য শিক্ষাকেন্দ্র হিচাপে উত্থান হৈছে । নেপাল, আফগানিস্তান আৰু ভূটানৰ দৰে প্রতিবেশী দেশসমূহৰ পৰা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাৰতলৈ পঢ়িবলৈ আহে। আফ্ৰিকান দেশসমূহৰ যুৱক-যুৱতীসকলেও ভাৰতলৈ আহে। ভাৰতত বিদেশী ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে ভাৰতক নিৰাপদ স্থান হিচাপে প্ৰদৰ্শন কৰে। কিন্তু KIIT বিশ্ববিদ্যালয়ৰ দৰে ঘটনাই দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে।
ভাৰতত বিদেশী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কি কি অধিকাৰ আছে
ভাৰতবৰ্ষত বিভিন্ন সমস্যা এৰাই চলিবলৈ বিদেশী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বাবে থকা মৌলিক আইনী অধিকাৰসমুহৰ বিষয়ে জানিব লাগে। এই আইনে তেওঁলোকক যিকোনো অবাঞ্চিত ঘটনাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে।
ভাৰতীয় আইনে বিদেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট সুৰক্ষা প্ৰদান কৰে। ভাৰত ৰাষ্ট্ৰসংঘৰ (UN) সদস্য, গতিকে বিদেশী ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ সনদত বিদেশীসকলক দিয়া সকলো অধিকাৰ লাভ কৰিব পাৰে।
ভাৰতত বিদেশী ছাত্ৰ-ছাত্ৰীসকলে যোগ্যতাৰ চৰ্ত পূৰণ কৰিলে ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে। তেওঁলোকৰ শিক্ষাগত তথ্যৰ গোপনীয়তা, প্ৰয়োজন হ’লে আইনী প্ৰতিনিধিত্ব আৰু আইনী সমস্যাৰ সন্মুখীন হ’লে তেওঁলোকৰ প্ৰতিষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা সহায় বিচাৰিব পৰাৰ দৰে মৌলিক অধিকাৰ আছে। তেওঁলোকৰ ভাৰতত থকা নিজৰ দেশৰ দূতাবাসলৈ প্ৰৱেশাধিকাৰো আছে।
বিদেশী ছাত্ৰ-ছাত্ৰীসকলে ভাৰতত লাভ কৰা অন্যান্য অধিকাৰসমূহ কি
বিদেশী ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত পঢ়িবলৈ ভাৰতীয় কনচুলেটৰ পৰা বৈধ ছাত্ৰ ভিছা লাভ কৰিব লাগে।
বিদেশী ছাত্ৰ-ছাত্ৰীসকলে কোনো প্ৰকাৰৰ বৈষম্য নোহোৱাকৈ গুণগত শিক্ষা আৰু শিক্ষাগত কাৰ্যত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে। প্ৰয়োজন হ’লে উত্থাপিত অভিযোগ নিষ্পত্তি পদ্ধতিৰ জৰিয়তে তেওঁলোকে উদ্বেগ উত্থাপন কৰাৰ অধিকাৰ আছে।
বিদেশী ছাত্ৰ-ছাত্ৰীসকলে কেম্পাছৰ ভিতৰত আৰু বাহিৰত সুৰক্ষিত পৰিৱেশৰ অধিকাৰ আছে, য’ত স্বাস্থ্য সেৱা আৰু জৰুৰীকালীন সহায়ো অন্তৰ্ভুক্ত।
অৱশ্যে, ভিছাৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান সেৱা আৰু কাম কৰাৰ অধিকাৰত নিষেধাজ্ঞা প্ৰযোজ্য হ’ব পাৰে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে এই বিষয়টোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তথা দেশ দুখনৰ মাজৰ কুটনৈতিক প্ৰৰ্যায়ত এক আলোচনাৰ স্থান লাভ কৰিছে। সম্প্ৰতিয়ো বিষয়টো তদন্তৰ পৰ্যায়তেই আছে বাবে এই মুহূৰ্ততে শেষ সিদ্ধান্তমূলক কোনো মন্তব্য প্ৰদান কৰি পৰা নাযায়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:KIIT বিশ্ববিদ্যালয়ৰ বিতৰ্কঃ নেপালী ছাত্ৰীৰ আত্মহত্যা; কৰ্তৃপক্ষৰ কাৰ্য-ব্যৱস্থা আৰু শেহতীয়া স্থিতি।
Fact Check By: Pranjal SharmaResult: Insight
