
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে –
“৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। প্ৰথমে আমি “ConquerTheWater” নামৰ ৱেবছাইট এটাত “The History And Evolution Of Snorkeling” শীৰ্ষক প্ৰবন্ধ এটা পালোঁ। তাত “Assyrian Divers” বুলি যিখন ফটো সংলগ্ন আছিল, সেইখন আছিল আমালৈ অহা পোষ্টটোত থকা পুৰণি ভাস্কৰ্যৰ ফটোখনৰ সৈতে সাইলাখ একেই।

তাত উল্লেখ আছিল যে ব্ৰিটিছ মিউজিয়ামত কিছুমান খোদিত শিল্প আছে য’ত এজন সৈন্যই পানীৰ তলত জন্তুৰ ছালৰ পৰা উশাহ লৈ থকা দেখা যায়। যদিও সেয়া ওপঙা সঁজুলি নে শ্বাস-প্ৰশ্বাস লোৱা সঁজুলি সেই ক্ষেত্ৰত তৰ্কৰ অৱতাৰণা হয়, কিন্তু ভাস্কৰ্যত থকা মাছৰ পৰা বুজিব পাৰি যে সেয়া পানীৰ তল। ( There are carved artworks in the British Museum (circa 865BC-860BC) that appears to depict a soldier underwater breathing from animal skins. There’s some debate as to whether it’s a flotation device or underwater breathing equipment, but there is a fish visibly present suggesting it’s underwater.)
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
এইবাৰ আমি কীৱ’ৰ্ড চাৰ্চ কৰি ব্ৰিটিছ মিউজিয়ামৰ ৱেবছাইটত আমালৈ অহা পোষ্টটোত থকা ফটোখন পালোঁ।

ফটোখনৰ বিৱৰণত স্পষ্টকৈ উল্লেখ আছিল যে সেয়া এক এচ্ছিৰিয়ান কলা (Assyrian Art)- “Gypsum wall panel relief: showing the crossing of a river. Horses swim, led by grooms, while a chariot, bed and jar are carried on coracles. Figures are shown complete and not half submerged which is typical of Assyrian art. There is an inscription written in cuneiform script.”
বিৱৰণত সেই ভাস্কৰ্যৰ নিৰ্মাণৰ সময় ৮৬৫-৮৬০বি চি (865BC-860BC) বুলি উল্লেখ আছিল। অৰ্থাৎ সেই ভাস্কৰ্য প্ৰায় তিনি হাজাৰ বছৰ পুৰণি। সেই সময়ত শাসক আছিল “অশুৰনাছিৰপাল দ্বিতীয়” (Ashurnasirpal II) ।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
এচ্ছিৰিয়ান কলা
এচ্ছিৰিয়া হ’ল মধ্য প্ৰাচ্যৰ অঞ্চল। এচ্ছিৰিয়ান সকলে তেওঁলোকৰ স্থাপত্য শিল্পৰ বাবে জিপ্চাম ব্যৱহাৰ কৰিছিল আৰু লোহা আৰু ক’পাৰৰ সৰঞ্জামেৰে খোদিত কৰিছিল।
গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে আমালৈ অহা পোষ্টটোত থকা ফটোখনৰ ভাস্কৰ্য তিনি হাজাৰ বছৰ পুৰণি এচ্ছিৰিয়ান কলা। এয়া পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয়।
ফলাফল
ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ নিচিনাকৈ ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয়, বৰং তিনি হাজাৰ বছৰ পুৰণি এচ্ছিৰিয়ান কলাহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয়
Fact Check By: Debanjana BaishyaResult: False
