এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

Misleading Social

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে ৰাজহুৱা স্থানত অৱজ্ঞা কৰা দৃশ্যটো দেখি আমি বৰ দুখ পাইছো | কাৰণ বিদেশৰ মাটিত আন কোনোবাই প্ৰধানমন্ত্ৰীক অৱজ্ঞা কৰাৰ অৰ্থই হল আমাক আৰু আমাৰ দেশক অপমান কৰা | গুৰুত্বপূৰ্ণ কথা হল এই ঘটনাৰ পিছটো ভাৰতে ফ্ৰাঞ্চৰ পৰা ২৬ খন ৰাফেল যুদ্ধ বিমান আৰু ৩ খন চাবমেৰিণ কিনিবৰ বাবে ভাৰতীয় মূদ্ৰাৰ হিচাপত ৯০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে |৷

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe3XiQIlvoyq8EER7Dz16sjHJjai_yLz9-qREdA1Sx18-T6J8l__aB9OXT_-wlH7iAHHzN_Owx5_sD6JBWWHRqi6Z2Cboe5F8xzymyFgHUQPkqtY7ryeBHoYlePuEspAufLHxFc?key=BwSGbPb2DbD2_HYqHZaKI0Wn

Facebook Link Archived Link

অন্য এগৰাকী ব্যৱহাৰকাৰীয়েও একেটা ভিডিঅ’ শ্বেয়াৰ কৰি একেধৰণৰ দাবী উত্থাপন কৰিছিল। লিখিছিলঃ ভিডিঅ’ টো দেখি বহুত কষ্ট পালোঁ। ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে ৰাজহুৱা স্থানত অৱজ্ঞা কৰা দৃশ্যটো দেখি আমি বৰ দুখ পাইছো | ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিক ধিক্কাৰ…

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcOQzwfeVMGFWzYWxWSNPI38mus7a8YModXC3jeNBAi1QiKK8EbIQYK3mWL6xo013264hfeVfb5loTKJs8wnxCMEsW0jsjrt0h3QieY6iJdVK1EhTT1lBvqgyWsgKPJzDZVAtceWw?key=BwSGbPb2DbD2_HYqHZaKI0Wn

Facebook Link Archived Link

অনুৰূপ দাবীৰে কৰা আন এটা পোষ্ট ইয়াত চাব পাৰিব। 

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি কিছুমান প্ৰাসংগিক কী-ৱৰ্ড লৈ সন্ধান আৰম্ভ কৰিলোঁ। তাৰ ফলত আমি কিছুমান সংবাদ মাধ্যমৰ বাতৰি পালোঁ,য’ত লিখা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰ সময়ত ফ্ৰান্সত উপস্থিত হৈছিল। য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-সভাপতি আছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু মেক্ৰনৰ মাজতো দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত অমৰ উজালাত প্ৰকাশিত প্ৰতিবেদন চালে জনা যায় যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেৰিছত অনুষ্ঠিত হোৱা এআই শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰি আদৰণি জনাইছিল আৰু তেওঁক বন্ধু বুলি অভিহিত কৰিছিল। এই প্ৰতিবেদনত দুয়োজন নেতাৰ কিছুমান ফটো ব্যৱহাৰ কৰা হৈছে। ফটোত দুয়োজনে ইজনে সিজনক সাৱটি ধৰা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfvjMDl6MS1t_w83GORcCGUOuBwwxUD63qoDb8f67iI6cMamZNT9AboZWRlvVNA7rEr8C0jND5dk3VIl7EbmzZNwO8cx9KnGjOHK-96ooy2FkifwJkAGG8kuAhsNcp0rQ2E96_c?key=BwSGbPb2DbD2_HYqHZaKI0Wn

একে তথ্যৰে আমি এছিয়ানেটৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদনো পালোঁ। প্রতিবেদনত প্রকাশিত ফটোসমূহ চালে বুজা যায় যে ফ্ৰান্সত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁক বিশেষ সময় আৰু সম্পূৰ্ণ সন্মানো দিছিল।

২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত ফ্ৰান্সত অনুষ্ঠিত হোৱা এআই সন্মিলনৰ সৈতে জড়িত ফটোসমূহ সংবাদ সংস্থা এএনআইৰ এক্স হেণ্ডেলত পোষ্ট কৰা হৈছে। দুয়োগৰাকী নেতাৰ ঘনিষ্ঠতা সেই ফটোত দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfki5bA0mLOOcWqP-vfe5yIr1jP6sDp7rAXZ3c7rMSS84HCh5XjX5eu_3fnuPQsijnLoiO3_axvQvjYYT8sByWKTx3l_QnAKbnnKhrbl2nVfGahbjoLK5K2JL1z-v10y0BjUn7hlg?key=BwSGbPb2DbD2_HYqHZaKI0Wn

অধিক অনুসন্ধান কৰাৰ পাছত আমি মেক্ৰনৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত দেখা গৈছে যে পেৰিছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হৈছিল।

তাৰ পাছত আমি প্ৰধানমন্ত্ৰী মোদীৰ অফিচিয়েল এক্স হেণ্ডেলৰ ৰ পৰা কৰা এটা টুইট পালোঁ। তাত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণিৰ ফটো শ্বেয়াৰ কৰিছে, য’ত মেক্ৰনে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বিদায় দিয়া দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfCeV4SqakFJdmekHonVUwf2fOU_VCrfK1cZHG1QSGaFGegE4_wDwYEB6ImF6ugoOySBprV9lvie3A77dmLvRKZZKEhHkYrmN7s4YlQ5gcPxRbWOVTY1ldtlsMMEHb3rsZIeWAYiQ?key=BwSGbPb2DbD2_HYqHZaKI0Wn

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক বিবৃতিত আমি দেখিলোঁ যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সহ-সভাপতি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হিচাপে উদ্বোধনী ভাষণ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল। 

আমাৰ অনুসন্ধানৰ সময়ত আমি আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা এছোচিয়েটেড প্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত এই সন্মিলনৰ সম্পূৰ্ণ ভিডিঅ’টো পাইছিলোঁ। তাত আমি ৮.৪৭ মিনিটত দেখিবলৈ পাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক্ৰনৰ সৈতে সন্মিলনত উপস্থিত হৈছে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সকে ধৰি আন আন নেতাসকলক লগ পায় আৰু অৱশেষত মোদীৰ কাষত আহি বহে।

  

ভিডিঅ’টোত ১৪.২২ মিনিটত দেখা গৈছে যে মেক্ৰনে অনুষ্ঠানটোত ভাষণ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীক (১৭.১৫ মিনিটত) মঞ্চলৈ আমন্ত্ৰণ জনাইছে আৰু দুয়োজনে আকৌ এবাৰ ইজনে সিজনক উষ্মভাৱে সাৱটি ধৰিছে।

এই ভ্ৰমণৰ সময়ত মেক্ৰনে ইলিচি পেলেচত আয়োজিত নৈশ আহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাইছিল আৰু দুয়োজনে দীৰ্ঘ সময় ধৰি ইজনে সিজনক সাৱটি থকা দেখা গৈছিল।

আমি এই অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ’ দ্য ডেইলী গাৰ্ডিয়ানৰ ইউটিউব চেনেলত পাইছিলোঁ। ৩ ঘণ্টা ৮ মিনিট ৪৭ ছেকেণ্ডৰ এই লাইভ ষ্ট্ৰীমিং ভিডিঅ’টোৰ ৪৩ মিনিট ১৮ ছেকেণ্ডৰ পৰা ৫৪ মিনিট ১৩চেকেণ্ডলৈকে অংশটো চালে স্পষ্ট হৈ পৰে যে বাস্তৱত ভাইৰেল কৰা ভিডিঅ’টো এটা সৰু অংশ যিটো ইয়াৰ মূল প্ৰসংগৰ লগত সংগতিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।

 

অনুষ্ঠানটোৰ ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। ভাইৰেল ভিডিঅ’টো বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে। আনহাতে মূলতঃ এ আই একচন ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে একেবাৰেই আওকাণ কৰা নাছিল। অনুষ্ঠানটোৰ এটা ভিডিঅ’ ক্লিপ বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *