
শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এজন লোকে এখন চোফাত বহি উপঙি গৈ থকা বুলি দাবী কৰা হৈছিল।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো যোৱা এপ্ৰিল মাহৰ বিভিন্ন তাৰিখত ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আদিত আপলোড কৰা বিভিন্ন লিংক লাভ কৰিলোঁ । তেতিয়াই আমি পতিয়ন গ’লোঁ যে এই ভিডিঅ’টো গুৱহাটীত অতি শেহতীয়াকৈ মে’ মাহৰ শেষৰ ফালে সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ নহয়।
পৰৱৰ্তী অনুসন্ধানত আমি প্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান CNBCৰ আৰৱ সংস্কৰণৰ এটা টুইট পালোঁ। ১৩ এপ্ৰিল ২০২৫ত কৰা সেই টুইটটোত এই ভিডিঅ’টো আপলোড কৰি আৰৱী ভাষাত লিখা কেপচনটোৰ অসমীয়া অনুবাদ হৈছে- কলম্বিয়াৰ এজন লোকে বানপানীৰ মাজত ভাসমান চোফাত বহি গৈ আছে।
তাৰ পাছতেই আমি এটা ইউটিউৱ লিংক লাভ কৰিলোঁ। যোৱা ১৪ এপ্ৰিল,২০২৫ত আপলোড হোৱা সেই একেটা ভিডিঅ’তে টেক্সট ওভাৰলে কৰি লিখা ইংৰাজী কথাখিনিৰ অসমীয়া অনুবাদ হৈছে যে এগৰাকী ব্যক্তিয়ে কলম্বিয়াৰ বানপানীৰ মাজত অনায়াসে এখন চোফাত বহি ভাহি গৈ আছে। তাত লোকেছন মাৰ্ক কৰি সেয়া বাৰাংকুইলা বুলি উল্লেখ কৰা হৈছে।
তদুপৰি আমি আন এক বাতৰিৰ প্ৰতিবেদনতো সেই ভিডিঅ’টো পালোঁ। সেই প্ৰতিবেদনৰ শীৰ্ষকৰ অসমীয়া অনুবাদ হৈছে-স্বাভাৱিকভাৱে আৰু নিশ্চিন্তমনে কলম্বিয়াৰ এজন মানুহে বানপানীৰ মাজত ভাসমান চোফা এখনত বহি গৈ আছে।
আমি ১৫ এপ্ৰিল ২০২৫ত প্ৰকাশ হোৱা স্পেনিছ ভাষাৰ এক সংবাদ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনো পালোঁ, য’ত এই ভিডিঅ’টো সংলগ্ন কৰি বাতৰিটো পৰিবেশন কৰা হৈছে। বাতৰিৰ শিৰোনামটোৰ অসমীয়া ভাবানুবাদ এনেকুৱা যে প্ৰতিকুল বতৰ আৰু বানপানীৰ মাজতো এগৰাকী মানুহৰ মানসিক প্ৰশান্তিৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
সেই প্ৰতিবেদনত সুন্দৰভাৱে উল্লেখ কৰা হৈছে যে প্ৰৱল বৃষ্টিপাতে কলম্বিয়াৰ বাৰাংকুইলাত বানপানীৰ সৃষ্টি কৰি ৰাজপথসমূহক নদীৰৈ ৰূপান্তৰিত কৰিছে। তাৰ মাজতে অতি শান্তভাৱে এগৰাকী ব্যক্তিয়ে চোফা এখনত বহি বানপানীত ভাহি গৈ থকা ভিডিঅ’ এটাই সকলোৰে দৃষ্টি আকৰ্শন কৰিছে। কেনেল চিক্স নামৰ পোৰ্টেল এটাত প্ৰচাৰিত এই ভিডিঅ’টোত দিয়া বিৱৰণ অনুসৰি সেই পৰিবেশেও ব্যক্তিগৰাকীৰ মনৰ শান্তি দূৰ কৰিব পৰা নাই।
ইয়াৰ পৰায়ে প্ৰমাণ হয় যে ভিডিঅ’টো গুৱাহাটীত শেহতীয়াকৈ মে’ মাহৰ শেষৰ ফালে হোৱা কৃত্ৰিম বানপানীৰ নহয়। এইটো যোৱা এপ্ৰিলত কলম্বিয়াৰ বাৰাংকুইলাত হোৱা বানপানীৰ সময়ৰ এটা ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ভিডিঅ’টো গুৱাহাটীত শেহতীয়াকৈ মে’ মাহৰ শেষৰ ফালে হোৱা কৃত্ৰিম বানপানীৰ নহয়। এইটো যোৱা এপ্ৰিলত কলম্বিয়াৰ বাৰাংকুইলাত হোৱা বানপানীৰ সময়ৰ এটা ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:যোৱা এপ্ৰিলৰ কলম্বিয়াৰ বাৰাংকুইলাৰ বানপানীৰ ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
