

যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ এক নতুন আৰু সতেজ ৰূপ দেখিবলৈ পোৱা গৈছে বুলি বিভিন্নজনে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কীয় বিভিন্ন পোষ্ট (ফটো/ভিডিঅ’) শ্বেয়াৰ কৰিছে ।
এনে এক ফেচবুক পোষ্ট বৰ্তমান অসমত ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টটোত থকা নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তোলা বুলি দাবী কৰা হৈছে । এই পোষ্টটো ভাৰত পৌদ্দাৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা মে’ ১, ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে ১৩৫ বাৰ শ্বেয়াৰ কৰা হৈছে । এই ফটোবোৰ আৰু বিভিন্ন ফেচবুক আৰু টুইটাৰ প্ৰফাইলৰ পৰা একই ধৰণৰ দাবী কৰি শ্বেয়াৰ কৰা হৈছে । বহুতে আনকি দাবী কৰিছে যে লক ডাউনৰ সময়ত গাড়ী-মটৰ কমকৈ চলাৰ বাবেই ঠাই টুকুৰা ইমান ধুনীয়া হৈ পৰিছে ।

সঁচাকৈ এই নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত কাজিৰঙাত তোলা নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ফেচবুকত কাজিৰঙাৰ এই ফটোবোৰ সম্পৰ্কে বিভিন্ন পোষ্টবোৰ ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে কিছু পোষ্টত এদিলা হাজৰিকা নামৰ এগৰাকী মহিলাক উক্ত ফটোবোৰৰ বাবে ক্ৰেডিট দিয়া হৈছে ।
আমি উক্ত ফেচবুক প্ৰফাইলটো বিচাৰি উলিয়ালোঁ আৰু দেখিলোঁ যে তেখেতে ইতিমধ্যে নিজৰ ফেচবুক টাইমলাইনত এই সম্পৰ্কে এক স্পষ্টীকৰণ দিছে । তেখেতে লিখিছে যে উক্ত ফটোবোৰ আচলতে ২০১৫ চনৰ মে’ মাহত তোলা আৰু ভাইৰেল হোৱাৰ দৰে লক ডাউনৰ সময়ত তোলা নহয় ।

ইয়াৰ উপৰিয়ো আমি উক্ত ফটো এলবামটোত সেই সময়তে তোলা আন ফটোও দেখা পালোঁ আৰু তাৰে কিছু ফটোত মহিলা গৰাকী নিজেই উপস্থিত থকা আমি দেখিলোঁ । ইয়াৰ দ্বাৰা আমি নিশ্চিত হলোঁ যে উক্ত ফেচবুক প্ৰফাইলটোত প্ৰথমে ভাইৰেল ফটোবোৰ আপলোড কৰা হৈছিল ।

ফলাফল
ভাইৰেল হোৱা কাজিৰঙাৰ নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত তোলা নহয় বৰঞ্চ এই ফটোবোৰ কেইবাবছৰো পুৰণি হয় আৰু এই ফটোবোৰ যদিয়ো কাজিৰঙাৰ হয় লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই ।

Title:কাজিৰঙাৰ এই নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত তোলা নহয়!
Fact Check By: Manjori BorkotokyResult: False