

যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ এক নতুন আৰু সতেজ ৰূপ দেখিবলৈ পোৱা গৈছে বুলি বিভিন্নজনে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কীয় বিভিন্ন পোষ্ট (ফটো/ভিডিঅ’) শ্বেয়াৰ কৰিছে ।
এনে এক ভিডিঅ’ সম্প্ৰতি ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে আৰু উক্ত ফেচবুক পোষ্টবোৰত দাবী কৰা হৈছে যে এই ভাইৰেল ভিডিঅ’টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হয় । ভিডিঅ’টোত আমি বহুতো হৰিণা পহুক একেলগে এটা ৰাস্তাৰ ওপৰেদি পাৰ হৈ থকা দেখিছোঁ ।
নিউজ নাও’ অসম এণ্ড এনই নামৰ এক ফেচবুক পে’জৰ পৰা উক্ত ভিডিঅ’টো মে’ ২, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু ভিডিঅ’টো বৰ্তমানলৈ ২৬৩ বাৰ শ্বেয়াৰ হৈছে আৰু ১০ হাজাৰবাৰ দৰ্শন কৰা হৈছে ।
ঠিক সেইদৰে আন ফেচবুক প্ৰফাইল আৰু পে’জৰ পৰাও এই ভিডিঅ’টো আপলোড কৰা হৈছে আৰু কাজিৰঙাৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে । যেনে ট্রেণ্ডিং অসম নামৰ এক ফেচবুক পে’জৰ পৰা উক্ত ভিডিঅ’টো মে’ ২, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু ভিডিঅ’টো বৰ্তমানলৈ ৩৫ বাৰ শ্বেয়াৰ হৈছে আৰু ৪.২ হাজাৰবাৰ দৰ্শন কৰা হৈছে ।

সঁচাকৈ এইটো কাজিৰঙাৰ ভিডিঅ’ নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে ভিডিঅ’টোত দেখা পোৱা হৰিণাৰ প্ৰজাতিটো, ব্লেকবাক, কাজিৰঙাত পোৱা নাযায় । আমি সন্দেহবশত ব্লেকবাক সম্পৰ্কীয় কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ইউটিউবত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ভিডিঅ’টো বৰ্তমানৰ নহয় আৰু লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই যিহেতু ইউটিউবত এটা চেনেলত উক্ত ভিডিঅ’টো মে’ ৪, ২০১৫ তাৰিখে আপলোড কৰা হৈছে । ভিডিঅ’টোৰ শিৰোনামাত লিখা হৈছে যে ভিডিঅ’টো ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হয় ।

ইউটিউব ভিডিঅ’ । সংৰক্ষিত ভিডিঅ’
এই বিষয়ে আমি নাৰায়ণ মহন্তৰ (কনজার্ভেটৰ, পূব অসম চাৰ্কুল) সৈতে যোগাযোগ কৰিছিলোঁ । তেওঁ আমাক জনালে যে ব্লেকবাক যিহেতু অসমত পোৱা নাজায় সেইবাবে এই ভিডিঅ’টো কাজিৰঙাৰ হব নোৱাৰে আৰু লগতে ভিডিঅ’টোত ঠাইটুকুৰাত যিবোৰ গছ-গছনি দেখা গৈছে সেই ধৰণৰ গছ-গছনি কাজিৰঙাত নহয় ।
আমি যদিয়ো ভিডিঅ’টোৰ আচল উৎসৰ সমন্ধে নিশ্চিত হব নোৱাৰিলোঁ কিন্তু এটা কথা স্পষ্ট হৈ পৰিল যে ভিডিঅ’টো কাজিৰঙাৰ নহয় আৰু লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই যিহেতু ভিডিঅ’টো পাঁচ বছৰ পুৰণি হয় আৰু কাজিৰঙাত ব্লেকবাক পোৱা নাযায় ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো লক ডাউনৰ সময়ত কাজিৰঙাত ৰেকৰ্ড কৰা ভিডিঅ’ নহয় বৰঞ্চ এই ভিডিঅ’টো পাঁচ বছৰ পুৰণি হয় আৰু সম্ভৱত ভাৰতৰ দক্ষিণৰ কোনো ৰাজ্যৰ হয় ।

Title:এইটো লক ডাউনৰ সময়ত কাজিৰঙাত ৰেকৰ্ড কৰা ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotkyResult: False