
শেহতীয়াকৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত নিজৰ অফিচিয়েল পে’জত আপলোড কৰা এখন বিশেষ ফটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন ধেমাজিত অনুষ্ঠিত হৈ যোৱা এক বিজেপি ৰেলিৰ হয় । উক্ত ফটোখনত দেখা পোৱা এখন পতাকাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ।

ফেচবুকত অক্ষয় বাংঠাই নামৰ এটা প্ৰফাইলৰ পৰা উক্ত ফটো থকা মন্ত্রীজনৰ ফেচবুক পোষ্টটো ১০ জানুৱাৰী, ২০২০ তাৰিখে আগবেলা ১০:২৩ বজাত শ্বেয়াৰ কৰা হৈছে । তেওঁ পোষ্টটোত লগতে লিখিছে “দুই নম্বৰী মন্ত্ৰীয়ে প্ৰচাৰ কৰা ফটো দুখনৰ BJP দলৰ সভা বুলি দাবী কৰা ফটো খনত বাংলাদেশৰ জাতীয় পতাকা দেখিবলৈ পোৱা গৈছে । সেই কাৰণে পবিত্ৰ সদনৰ মজিয়াত”জয় বাংলাদেশ” ধ্বনি দিয়ে চাগে …”
ইয়াৰ উপৰিয়ো ফেচবুকত বিভিন্নজনে দাবী আৰু মন্তব্য কৰিছে যে উক্ত ফটোখনত দেখা পোৱা পতাকাখন বাংলাদেশৰ হয় । বহুতে প্ৰশ্ন কৰিছে যে বিজেপিৰ মিটিংত বাংলাদেশৰ পতাকা কিয় দেখা গৈছে । মন্ত্ৰীজনৰ ফেচবুক পোষ্টটোতে কমেণ্টছ চেক্সনত বিভিন্নজনে এই ধৰণৰ প্ৰশ্ন কৰিছে ।
সঁচাকৈ বিজেপিৰ মিটিংত বাংলাদেশী পতাকা উৰি আছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি মন্ত্ৰীজনৰ ফেচবুক পোষ্টটোৰ কমেণ্টছ চেক্সনত থকা নানা কমেণ্টছ বোৰ পঢ়িলোঁ আৰু তাতেই আমি দেখিলোঁ যে কিছু লোকে তাত লিখিছে যে পতাকাখন আচলতে সন্মিলিত গণশক্তি নামৰ এটা অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ হয় ।

আমি এই বিষয়ে আৰু অনুসন্ধান কৰিবলৈ গুগলত প্ৰাসংগিক কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু টেলিগ্ৰাফ নিউজ পেপাৰত নৱেম্বৰ ১, ২০১৬ তাৰিখে প্ৰকাশ পোৱা এক বাতৰি দেখা পালোঁ ।

বাতৰিটোত ব্যৱহাৰ হোৱা ফটোখনত থকা বেনাৰখনত আমি উক্ত পতাকাখনৰ ছবি দেখা পালোঁ । ফটোখনত আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বক্তৃতা দিয়া দেখিবলৈ পাইছোঁ, লগতে আন সহযোগী দলৰ মন্ত্ৰী-বিধায়ক সকলক দেখিবলৈ পাইছোঁ । বাতৰিটোত স্পষ্টকৈ সেই সভাখনত গণশক্তি দলৰ নেতাৰ উপস্থিতি বিষয়ে লিখা হৈছে ।
ইয়াৰ পাছত আমি পূৰ্বৰ গণশক্তি দলৰ নেতা আৰু বৰ্তমানৰ বিজেপি বিধায়ক ৰনোজ পেগুৰ লগত এই বিষয়ে যোগাযোগ কৰিলোঁ । তেখেতে নিশ্চিত কৰিলে যে উক্ত পতাকাখন বাংলাদেশৰ নহয় বৰঞ্চ অসমত বিজেপিৰ সহযোগী দল সন্মিলিত গণশক্তি দলৰ হয় ।

ইয়াৰ পাছত আমি গুগলত বাংলাদেশৰ পতাকাখন বিচাৰিলোঁ আৰু দেখিলোঁ যে ভাইৰেল হোৱা পতাকা আৰু বাংলাদেশৰ পতাকাৰ মাজত যথেষ্ট পার্থক্য আছে ।
ফলাফল
উক্ত ভাইৰেল ফটোখনত দেখা পোৱা পতাকাখন বিভিন্নজনে দাবী কৰাৰ দৰে বাংলাদেশৰ নহয় বৰঞ্চ অসমৰ এক আঞ্চলিক ৰাজনৈতিক দলৰ হয় । বাংলাদেশৰ পতাকা বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:অসমৰ ধেমাজিত বিজেপিৰ মিটিংত বাংলাদেশৰ পতাকা দেখা গৈছিল নেকি?
Fact Check By: Manjori BorkotokyResult: False