FACT CHECK: এইটো অসমৰ কোনো ভূতৰ ভিডিঅ’ নহয়, এখন আহিবলগীয়া ছুটী ছবিৰ দৃশ্যাংশহে!

False Social

শেহতীয়াভাৱে অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে অসমৰ বৰপেটাত ভূত দেখা গৈছে। এটা ভিডিঅ’ আপলোড কৰা হৈছে য’ত এটা নগ্ন জীৱক ভূত বুলি দেখা গৈছে আৰু এই জীৱই এঠাইৰ পৰা আন ঠাইত ভেকুলীৰ দৰে জঁপিয়াইছে।

সেই বিশেষ পোষ্টটো ফেচবুকত ভাইৰেল হৈ পৰিছে। এনে ধৰণৰ এক বাৰ্তা হোৱাটছএপ’ৰ যোগেদিও ভাইৰেল হৈ পৰিছে ।

Original Post- Facebook | Archived Link

Archived Link to WhatsApp forward

আমি ফেক্টক্ৰেছেণ্ডো অসমীয়াই এই দাবীৰ সত্যাসত্য নিৰূপন কৰাৰ সিদ্ধান্ত ল’লো আৰু পালো যে এই ভিডিঅ”টো আচলতে এখন মুক্তি পঢ়বলগীয়া ছুটি ছবিৰ দৃশ্যহে,যাৰ ভূতৰ সৈতে কোনো সম্পৰ্কয়ে নাই।

সত্যতা নিৰূপন পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰিনশ্বট ল’লো আৰু ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলো য়েণ্ডেক্সত। ফলত জোচেফ হাসান নামৰ এজন অষ্ট্ৰেলিয়াৰ এডিলেইডৰ ভিজুৱেল আৰ্টিষ্টৰ এটা ইউট্যুৱ চেনেলত আপলোড হোৱা মূল ভিডিঅ”টো পালো।

Archived Link

আমি জোচেফ হাসানৰ ফেচবুক পেজটোও পালো আৰু তেওঁক যোগাযোগ কৰিলো। তেওঁ নিশ্চিত কৰিলে যে সেই বিশেষ ভিডিঅ’টোৰ গৰাকী তেওঁ। তেওঁ কয়,” এইটো ২০২১ৰ শেষৰ ফালে আহিবলগীয়া মোৰ ছুটি ছবি ‘ফ্ৰগলেট’ৰ এটা দৃশ্য। ইয়াৰ ভূতৰ সৈতে কোনো সম্পৰ্ক নাই। ই এই সত্যকে নিশ্চিত কৰে যে এই ভিডিঅ’ অসমৰ বৰপেটাৰ কোনো ভূতৰ ভিডিঅ’ নহয়।

ফলাফল

সেই বিশেষ ভিডিঅ’টোৰ অসমৰ বৰপেটাৰ সৈতে কোনো সম্পৰ্ক নাই, লগতে ভূতৰ লগতো সম্পৰ্ক নাই। সেই ফেচবুক পোষ্টটো মিছা আৰু মানুহৰ মাজত অদৰকাৰী আতংকৰ হে সৃষ্টি কৰিছে। সেই ভিডিঅ’টো আচলতে এখন আহিবলগীয়া ছুটি ছবিৰহে।

Avatar

Title:এইটো অসমৰ কোনো ভূতৰ ভিডিঅ’ নহয়, এখন আহিবলগীয়া ছুটী ছবিৰ দৃশ্যাংশহে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *