শেহতীয়াভাৱে ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে এখন সাগৰৰ পাৰত অসংখ্য মাছৰ উজান উঠিছে। কেইগৰাকীমান লোকে সেই মাছৰ গোটটোৰ পৰা মাছ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। যদিও ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ বৰ্তমান দুৰ্বল হৈ পৰিছে; তথাপিও বহুটো ভুৱা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। এতিয়া ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পাছত ওড়িশা উপকূলৰ পুৰীৰ এক সাগৰৰ পাৰত মাছৰ গোট এটাৰ ভিডিঅ’,এইদৰে বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো ফেচবুকত ভাইৰেল হৈছে এই কেপছনেৰে “Stunning moments in Puri sea Beach.#puribeach #puri #sea #sealife #Odisha

Archived Link

কিন্তু এই ভিডিঅ’টো সঁচাকৈয়ে পুৰীৰ ভিডিঅ’ হয়নে ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধান আৰম্ভ হৈছিল ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চেৰে। সেই অনুসন্ধানত আমি জানিব পাৰিলোঁ যে শেহতীয়াকৈ কেইবাজনো লোকে ইয়াক পুৰীৰ বুলি দাবী কৰি ইউটিউবত শ্বেয়াৰ কৰিছে।

তদুপৰি কিছুমানে ইয়াক বিশাখাপট্টনমৰ বুলিও প্ৰচাৰ কৰিছে ৷

কিন্তু এইদৰে ফেচবুক, ইউট্যুৱত প্ৰচাৰ কৰা ভিডিঅ’টো ভালদৰে চাই আমি জানিব পাৰিলোঁ যে ভিডিঅ’টোত থকা লোকসকলে মালয়ালম ভাষা কৈছে। এই সূত্ৰৰ আঁত ধৰি আমি কিছুমান মালয়ালম কী-ৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰিলোঁ আৰু ২১ আগষ্ট,২০২২ তাৰিখে শ্বেয়াৰ কৰা কৈৰালি নিউজৰ এক প্ৰতিবেদন পালোঁ ।

কৈৰালি নিউজৰ সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িব পাৰিব।

উল্লেখযোগ্য যে এনেকৈ হঠাতে পাৰলৈ উঠি অহা মাছৰ গোট এটা হৈছে চকাৰা নামৰ এক অদ্ভুত সাগৰীয় পৰিঘটনা। য’ত বহু মাছ আৰু অইন সাগৰীয় জীৱই এটা বিশেষ ঋতুত এনেকৈ একেলগে ভিৰ কৰে।

এইটোৱেই আছিল ‘চকাৰা’ নামৰ প্ৰাকৃতিক পৰিঘটনাটো, যিটো কেৰালাত বাৰিষাৰ সময়ত ঘটিছিল।এই চকাৰাত এনেকৈ সাগৰৰ পাৰলৈ প্ৰচুৰ পৰিমাণে মাছ উঠি আহিছিল। এই ঘটনাত সাগৰৰ তলৰ বোকা ওপৰলৈ উঠি আহে আৰু বোকৰ মিশ্ৰণ ঘটে। ফলত সাগৰ পৃষ্ঠত হাইড্ৰ’গ্ৰাফিক পৰিৱৰ্তন ঘটে। চকৰাত প্ৰকৃতিয়ে মাছক ইয়াৰ ফালে আকৰ্ষণ কৰে। তলৰ ইউট্যুৱ ভিডিঅ’টো হৈছে ভাইৰেল হৈ পৰা ভিডিঅটোৰ মূল ভিডিঅ। ইয়াত উল্লেখ কৰা হৈছে যে কেৰালাৰ আলাপ্পুজা বীচ্ছত এইদৰে চকাৰা সংঘটিত হৈছিল। World of MTC নামৰ ইউটিউৱ চেনেলটোত ১০ মাহ পূৰ্বেই আপলোড কৰা কেৰালাৰ সেই পুৰণি ভিডিঅ‘টোকে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ প্ৰভাৱত পুৰীত মাছৰ উজান উঠা বুলি ফেচবুক, ইউট্যুৱত প্ৰচাৰ কৰি ভাইৰেল কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টো যোৱা ৮ জুনত আৰৱ সাগৰত আৰম্ভ হোৱা ‘বিপৰ্যয়’ নামৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱত পুৰীৰ সাগৰত তীৰত মাছৰ উজান উঠাৰ দৃশ্যাৱলী নহয়। ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক মিছা । প্ৰকৃতে ভাইৰেল ভিডিঅ’টোত দেখা গৈছে ১০ মাহ পূৰ্বেই কেৰালাত সংঘটিত হোৱা চকাৰা নামৰ এক প্ৰাকৃতিক পৰিঘটনাৰ এটা পুৰণি ঘটনা। শেহতীয়াকৈ হৈ যোৱা ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ প্ৰভাৱত ওডিশাৰ পুৰীৰ সাগৰ তীৰত এইদৰে মাছৰ উজান উঠিছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False