অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামকাজসমুহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক জনাই আহিছে। কেৱল কামকাজেই নহয়, বিভিন্ন নতুন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন নিৰ্দেশ তথা ঘোষণাও তেখেতৰ ফেচবুক, টুইটাৰ আদি একাউণ্টৰ জৰিয়তে ৰাইজক অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া পৰিচালনা কৰাৰ বাবে এটা নিৰ্দিষ্ট কৰ্মীৰ দলো নিয়োজিত হৈ আছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতিটো গতিবিধি, প্ৰতিটো ঘোষণা, প্ৰতিটো আঁচনি ফেচবুক,টুইটাৰ, ইউটিউৱৰ মাধ্যমেৰে সাধাৰণ ৰাইজে পোৱাকৈ প্ৰচাৰ কৰি থাকে। এয়া প্ৰতিটো দিনৰ এক নৈমিত্তিক কৰ্ম।

কিন্তু তাৰ মাজতে এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট অসমত ভাইৰেল হৈ পৰিছে। বিশেষকৈ হোৱাটএছপত ভাইৰেল হৈ পৰা স্ক্ৰিণশ্বটটো বহুতেই নিজৰ ফেচবুকত আপলোড কৰি সেয়া হিমন্ত বিশ্ব শৰ্মাই দিছে নেকি বুলি প্ৰশ্ন কৰাও দেখা গৈছে। স্ক্ৰিণশ্বটটোত দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৪ চনৰ

নিৰ্বাচনত তেওঁলোকক জয়ী কৰাব নে সেই কথা ৰাইজক সুধিছে। লিখা হৈছে “২৪ত জিকাবনে ৰাইজ”। দেখা গৈছে যে সেই পোষ্টটোত ৭ঘণ্টাত ১২৩টা ৰিয়েকছন, ১০৬টা কমেণ্ট আৰু ৩টা শ্বেয়াৰ হৈছে। বহুতে নিজৰ হোৱাটছএপ ষ্টেটাছটো এই স্ক্ৰিণশ্বটটো লগোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল।

Archived Link

কিন্তু সঁচাকৈয়ে অসম মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এই পোষ্ট কৰা হৈছেনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ আনুষ্ঠানিক ছ’চিয়েল মিডিয়া একাউণ্টসমুহ পৰীক্ষা কৰিলোঁ। প্ৰথমেই আমি ফেচবুকত ছাৰ্চ কৰি চাওতে মুখ্যমন্ত্ৰীগৰাকীৰ ভেৰিফাইড ব্লু টিক সম্পন্ন ফেচবুক পেজটোৰ লগতে আন কেইবাটাও একাউণ্ট দেখিলোঁ।

ইয়াৰে ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হালধীয়া বৰণৰ চোলা পিন্ধি থকা প্ৰ’ফাইল ফটো লগোৱা একাউণ্টটো আমাৰ চকুত পৰিল। কাৰণ ভাইৰলে হোৱা স্ক্ৰিণশ্বটটোতো তেনেকুৱা এখন ফটোৱেই লগোৱা আমি দেখিছিলোঁ। আমি সেই একাউণ্টটো এফালৰ পৰা পৰীক্ষা কৰিলোঁ। কিন্তু তাত তেনেকুৱা পোষ্ট দিয়া আমি দেখা নাপালোঁ।

ইয়াৰ পাছতে আমি মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ আৰু ইউটিউৱ একাউণ্ট দুটাও পৰীক্ষা কৰিলোঁ। ভাইৰলে ফটোখন ফেচবুকৰ যদিও, টুইটাৰ বা ইউটিউৱতো এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিবা স্পষ্টীকৰণ থাকিব পাৰে নেকি চালোঁ। কিন্তু তেনেকুৱা একো আমাৰ চকুত নপৰিল।

এইবাৰ আমি এই সম্পৰ্কে নিশ্চিতি লাভ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলোঁ। আমি জানিব বিচাৰিছিলোঁ যে তেনেকুৱা কিবা পোষ্ট মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কৰা হৈছিল নেকি অথবা অসাৱধানতাবসতঃ হৈ গৈছিল নেকি। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টভাৱে এই কথা অস্বীকাৰ কৰি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ ভেৰিফাইড একাউণ্টসমুহ হে তেওঁলোকৰ ছ’চিয়েল মিডিয়া চেলে পৰিচালনা কৰে। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক কাৰ্যসূচী,ঘোষণা,আঁচনি,ভ্ৰমণ আদি সম্পৰ্কে এই ছ’চিয়েল মিডিয়া চেলে মুখ্যমন্ত্ৰীৰ ভেৰিফাইড একাউণ্টৰ পৰা প্ৰচাৰ কৰে। আমি উল্লেখ কৰা স্ক্ৰিণশ্বটটো সম্পূৰ্ণ ভূৱা বুলি উল্লেখ কৰে কাৰ্যালয়ৰ ফালৰ পৰা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ২০২৪ত তেওঁক বা তেওঁৰ দলক জয়ী কৰাব নে নাই বুলি কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাই। যদিও স্ক্ৰিণশ্বটটোৰ প্ৰ’ফাইল ফটোখনৰ সৈতে মুখ্যমন্ত্ৰীৰ নামত থকা এটা আনভেৰিফাইড একাউণ্টৰ প্ৰ’ফাইল ফটোৰ মিল আছে, কিন্তু সেই প্ৰ’ফাইলটোৰ পৰাও এই পোষ্টটো কৰা চকুত নপৰিল। গতিকে এয়া ভুৱা পোষ্ট বুলি আমি অভিহিত কৰিম। হয়তো কোনো লোকে কাৰিকৰী কোনো ব্যৱস্থাৰে সম্পাদনা কৰি এই পোষ্টটো সৃষ্টি কৰি ভাইৰেল কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ফেচবুক পোষ্ট ভাইৰেল। ২০২৪ নিৰ্বাচনত জয়ী কৰাবনে সুধিছে বুলি দাবী।

Written By: Pranjal Sharma

Result: False