
হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ হোৱা এটা লিংকত দাবী কৰা হৈছে যে বৃহৎ ই-কমাৰ্ছ প্ৰতিস্থান এমাজ’নৰ ৩০সংখ্যক বাৰ্ষিকীত যিকোনো ১০০গৰাকী গ্ৰাহকক বিনামূলীয়া উপহাৰ প্ৰদান কৰা হব।
উললেখযোগ্য যে উক্ত ভাইৰেল লিংকটোত যেতিয়া এগৰাকী ব্যক্তিয়ে ক্লিক কৰে, তেতিয়া তেওঁ এমাজ’নৰ ৱেবপেজৰ দৰে পেজ খোলা দেখিব, য’ত দাবী কৰা হৈছে যে এটা সমীক্ষাত অংশ লোৱা ১০০গৰাকী যিকোনো বিজয়ীক কোম্পানীটোৱে হাউৱাই মেট ৪০ প্ৰো ৫জি মোবাইল ফোন একোটা প্ৰদান কৰিব।
এই লিংকটো অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে আৰু বহুল পৰিমানে লোকসকলে ইয়াক ফৰৱাৰ্ড কৰিছে। আমিও আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত এই লিংকটো সত্যতা নিৰূপনৰ বাবে লাভ কৰিলো। Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই লিংকটো মিছা আৰু এমাজ’নে তেনেকুৱা কোনো অফাৰ প্ৰদান কৰা নাই।
সত্যতা নিৰূপন পদ্ধতি:
আমি উক্ত লিংকটো খুলিবলৈ চেষ্টা কৰিলোঁ যদিও দেখা গৈছে যে বৰ্তমান উক্ত লিংকটো কাম কৰি থকা নাই ।
কেইটামান প্ৰাসংগিক শব্দ লৈ আমি গুগলত ছাৰ্চ কৰি চালো আৰু কেইবাটাও বাতৰি লাভ কৰিলো য’ত উল্লেখ কৰা হৈছে যে এইটো এটা ভূৱা লিংক আৰু এমাজ’নে তেনেকুৱা বিনামূলীয়া উপহাৰৰ কোনো অফাৰ দিয়া নাই।
বাতৰিত উল্লেখ কৰা হৈছে যে জাননী অনুসৰি যদিও ১০০গৰাকীহে বিজয়ী থাকিব,কিন্তু সেই সমীক্ষাটোত বাৰে বাৰে অংশ ল’ব পাৰি লগতে ই একেধৰণৰ গতিতে আগবাঢ়ে আৰু অনুশীলনৰ প্ৰতি দ্বিতীয় প্ৰচেষ্টাত একোগৰাকী বিজয়ী ঘোষণা কৰা হয়।
তাৰ পিছত ই সমীক্ষাত অংশ লোৱাজনক তেওঁৰ ঠিকনা অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু উপহাৰটো লাভ কৰিবলৈ তেওঁক সেই লিংকটো তেওঁৰ হোৱাটছএপ গ্ৰুপসমুহত শ্বেয়াৰ কৰিবলৈ নিৰ্দেশিত কৰা হয়। এই ধৰণ বা পদ্ধতিটো বিভিন্ন কেলেংকাৰীৰ ক্ষেত্ৰত মন কৰা হৈছে,যিবোৰ কেলেংকাৰীয়ে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আহৰণ কৰে আৰু তেওঁলোকৰ ইলেকট্ৰনিক ডিভাইছটো হেক কৰে।
ফলাফল
হোৱাটছএপ ফৰৱাৰ্ডটো ভূৱা আৰু এমাজ’নে তেনেকুৱা কোনো অফাৰ দিয়া নাই। মানুহে এনেকুৱা লিংকত ক্লিক কৰাৰ পৰা আঁতৰত থাকিব লাগে আৰু তেনেকুৱা লিংক ফৰৱাৰ্ড কৰিব নালাগে।

Title:এমাজ’নে কোনোধৰণৰ বিনামূলীয়া উপহাৰৰ ব্যৱস্থা কৰা নাই, হোৱাটছএপ মেছেজটো ভুৱা!
Fact Check By: Manjori BorkotokyResult: False