FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

Missing Context Political

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সমষ্টিৰ জালুকবাৰীৰ বাবে মনোনয়ন দাখিল কৰাৰ পূৰ্বে তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ শুভকামনা জ্ঞাপন কৰি তেওঁক সাক্ষাৎ কৰিছিল। 

Zubeen FB.png

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ফটোখন কেইমাহমান পূৰ্বৰ আৰু এক ভুল ব্যাখ্যাৰে ফটোখন শ্বেয়াৰ কৰি থকা হৈছে।

সত্যতা নিৰূপন পদ্ধতি: 

আমি কিছু প্ৰাসংগিক শব্দ লৈ এটা ফেচবুক ছাৰ্চ কৰিলো আৰু এনকে নিউজ নামৰ এটা সংবাদ প্ৰতিস্থানে কৰা এটা বাতৰি লাভ কৰিলো, য’ত কোৱা হৈছে যে ফটোখন ২০২০চনৰ চেপ্টেম্বৰ মাহৰ।

Zubeen News.png

Original Link- Facebook | Archived Link

কিন্তু বাতৰিত স্থান,উৎস আৰু আন কোনো তথ্য প্ৰদান কৰা হোৱা নাই। সেয়ে আমি আৰু অধিক অনুসন্ধান কৰিলো।

আমি ফটোখন ভালকৈ চাই দেখিলো যে ফটোখনত জুবিন গাৰ্গৰ মোছ আছে। আমি তেওঁৰ অতি শেহতীয়া কিছুমান ফটো আৰু সংবাদ মাধ্যমত তেওঁ শেহতীয়াভাৱে দিয়া মন্তব্যৰ কিছুমান ভিডিঅ’ চালো, য’ত তেওঁ সম্পূৰ্ণ দাড়ি খুৰোৱা অৱস্থাত আছে।

News Link | New video Link

আমি তাৰকাগৰাকীৰ ঘনিষ্ঠ মহলৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে স্পষ্ট কৰি দিলে যে ফটোখন কেইবামাহো পুৰণি আৰু তেওঁৰ ব্যৱসায়িক প্ৰতিস্থান বৃন্দাবন মাৰ্টত ২০২০ত তোলা ফটো। তেওঁ নিৰ্বাচনৰ বাবে মনোনয়ন দিয়াৰ পূৰ্বে শুভকামনা দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ তেওঁক লগ কৰা নাই।

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জুবিন গাৰ্গৰ পত্নীৰ সৈতে যোগাযোগ কৰাত গৰিমা শইকীয়া গাৰ্গেও কৈছে যে ফটোখন পুৰণি।

ফলাফল: 

ই প্ৰসঙ্গ সংগতিহীন। মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু আন ৰাজনৈতিক নেতাৰ সৈতে জুবিন গাৰ্গে তোলা পুৰণি ফটো এখন শ্বেয়াৰ কৰা হৈছে আৰু কোৱা হৈছে যে মন্ত্ৰীগৰাকীৰ মনোনয়নৰ পূৰ্বে তেওঁক জুবিনে লগ কৰিছে।

Avatar

Title:জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

Fact Check By: Manjori Borkotoky 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *