FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

Altered International

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে।

একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল।

Elizabeth WA.png

Archived Link

ফেক্ট ক্ৰেছেণ্ড অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু ফটোখন মৰ্ফ কৰা। মূল ফটোখনত লিখা কথাখিনিয়ে ভেকচিন বা মোদী সন্দৰ্ভত একো কোৱা নাছিল।

সত্যতা নিৰূপন পদ্ধতি:

আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো। আমি বিভিন্ন ৰিজাল্ট লাভ কৰিলো। প্ৰতিখন ফটোতে দেখা গৈছে বিলব’ৰ্ড এখনত কুইন এলিজাবেথৰ ফটো আছে আৰু বেলেগ কথা লিখা আছে।

২০২০চনৰ ২০এপ্ৰিলত বিবিচিয়ে একেখন ফটোকে টুইট কৰিছিল। বিলব’ৰ্ডখনত লিখা আছিল,” আমি আমাৰ মিত্ৰগনৰ সৈতে আকৌ থাকিম;আমি আমাৰ পৰিয়ালবৰ্গৰ সৈতে আকৌ থাকিম;আমি আকৌ লগ হ’ম”।

Archived Link

ইয়াৰ পিছত কুইন এলিজাবেথে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ভেকচিনৰ বাবে ধন্যবাদ জ্ঞাপন কৰা কিবা বাতৰি পাওঁ নেকি চালো। আমি বিভিন্ন বাতৰি পালো য’ত ব্ৰিটেইনৰ এক মুখপাত্ৰই কৈছে,”ব্ৰিটিছ চৰকাৰে আষ্ট্ৰাজেনেকা কৰ’ণা ভেকচিনৰ ১০০মিলিয়ন ডোজৰ বাবে অনুৰোধ কৰিছো আৰু তাৰে ১০মিলিয়ন আহিব ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ পৰা”। কিন্তু আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুইন এলিজাবেথে ধন্যবাদ জ্ঞাপন কৰা কোনো বাতৰি লাভ নকৰিলো।

Original Link- India TV | Archived Link

মূল ফটোখন আৰু ভাইৰেল ফটোখনৰ এক তুলনা ইয়াত দিয়া হৈছে।

Good boy comparision.jpg

ফলাফল

এখন বিলব’ৰ্ডত কুইন এলিজাবেথে নৰেন্দ্ৰ মোদীক ধন্যবাদ দিয়া ফটোখন মৰ্ফ কৰা। ভাইৰেল ফটোখনৰ কথাখিনি আৰু মূল ফটোখনৰ কথাখিনি বেলেগ বেলেগ।

Avatar

Title:FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *