শেহতীয়াভাৱে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা আৰু পাছত উদ্ধাৰ হোৱা শ্ৰমিকসকলক লৈ বিভিন্ন ভুল তথ্য, ফটো, ভিডিঅ’ আদি ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে এই ধৰণৰ বিভিন্ন ভুল তথ্যৰ সত্যতা নিৰূপণ কৰিছে। অসমৰ হোৱাটছএপত এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে। এগৰাকী অশীতিপৰ শ্ৰমিকৰ ফটো এখন ব্যৱহাৰ কৰি নিৰ্দিষ্ট সেই ফেচবুক পোষ্টত দাবী কৰা হৈছিল যে সেই ফটোখন উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা এগৰাকী শ্ৰমিকৰ।

Archived Link

সেই স্ক্ৰীণশ্বটটো আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰি তাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে এগৰাকী ব্যৱহাৰকাৰীয়ে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি ভাইৰেল ছবিখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ফলত আমি এটা ফেচবুক পেজত ভাইৰেল ছবিখন আপলোড হৈ থকা অৱস্থাত পাইছিলোঁ। এই ফটোখন ২৮ ছেপ্টেম্বৰ ২০২০ তাৰিখে আপলোড কৰা হৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ছবিখন পুৰণি।

অধিক তদন্ত কৰি আমি আন এটা ফেচবুক পোষ্টত একেখন ভাইৰেল ছবি পাইছিলোঁ। ইয়াত ছবিখন ২০১৯ চনৰ ২ মে’ত আপলোড কৰা হৈছিল। এই ছবিখন ২০১৯ চনৰ পৰাই ইণ্টাৰনেটত আছে। ইয়াৰ সৈতে উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই।

উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ সুৰংগৰ পৰা আটাইকেইজন শ্ৰমিককে ইতিমধ্যে নিৰাপদে উলিয়াই অনা হৈছে। উত্তৰকাশীত অৱস্থিত ছিল্কয়াৰাৰ নিৰ্মাণাধীন সুৰংগত বিগত ১৭ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা দৃশ্য ইতিমধ্যেই প্ৰচাৰ হৈছে। ওলাই অহা শ্ৰমিকসকলক এম্বুলেন্সৰ জৰিয়তে পোনপটীয়াকৈ চিনিয়ালিছাউৰৰ স্বাস্থ্য কেন্দ্ৰলৈ অনা হয়। য’ত তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ছবিখনৰ সৈতে কৰা দাবীটো মিছা। তথ্য পৰীক্ষা কৰি আমি দেখিলোঁ যে অসহায় যেন লগা এজন বৃদ্ধ ব্যক্তিৰ এই ছবিখনৰ উত্তৰকাশী সুৰংগ দুৰ্যোগৰ লগত কোনো সম্পৰ্ক নাই। ২০১৯ চনৰ পৰা ইণ্টাৰনেটত এই ছবিখন উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই বৃদ্ধ শ্ৰমিকজন উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা এজন শ্ৰমিক হয় নে নহয়, জানক।

Written By: Pranjal Sharma

Result: False