
শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং ।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কাৰিকৰীভাৱে বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথমে TV9 Bangla ত ২৭ ফেব্ৰুৱাৰী ২০২২ত আপলোড হোৱা এটা ভিডিঅ’ লাভ কৰিলোঁ। সেই ভিডিঅ’টোত উপলব্ধ তথ্য অনুসৰি পশ্চিমবংগৰ দক্ষিণ দমদম পৌৰনিগমৰ ৩৩ নং ৱাৰ্ডৰ লেকভিউ স্কুলৰ ভোটকেন্দ্ৰত সেই ঘটনাটো সংঘটিত হৈছিল। ভোটাৰৰ সলনি এজেণ্টে তেনেদৰে ভোট প্ৰদান কৰিছিল।
ইয়াৰ পাছত আমি ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত বংগৰ ভাৰতীয় জনতা পাৰ্টীয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰি এক্সত সেই ভিডিঅ’টো আপলোড কৰি টুইট কৰা ৰূপত পালোঁ।
তদুপৰি স্থানীয় বাংলা সংবাদ মাধ্যমতো সেই ঘটনাটো সম্পৰ্কত বাতৰি প্ৰকাশ কৰা হৈছিল। সেই বাতৰিও আমি লাভ কৰিলোঁ।

কেৱল ইমানেই নহয়,সেই একেটা ভিডিঅ’কে শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত হায়দৰাবাদত হোৱা ভোট ৰিগিঙৰ দৃশ্য বুলিও ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল। সেই সম্পৰ্কত এক্সত এটা স্পষ্টীকৰণ দি টুইট কৰিছিল হায়দৰাবাদ চিটী পুলিচে। সেই টুইটটোও আমি লাভ কৰিলোঁ।
এই সকলোখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভিডিঅ’টো ২০২২ চনৰে। পশ্চিমবংগৰ দমদমত হোৱা এক ৰিগিঙৰ ভিডিঅ’ শেহতীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি মিছাকৈ প্ৰচাৰ কৰা হৈছে। অসমৰ লোকসভা নিৰ্বাচন তথা বৰপেটা লোকসভা সমষ্টিৰ সৈতে সেই ভিডিঅ’ৰ কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো ২০২২ চনতে পশ্চিমবংগৰ দমদমৰ এটা ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ। শেহতীয়া লোকসভা নিৰ্বাচন তথা অসমৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ লগত তাৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
