শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ প্ৰাৰ্থী তালিকা আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ দুই লোকসভা সমষ্টি অমেথি আৰু ৰাইবৰেলীৰ পৰা কংগ্ৰেছ দলে ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে.চি.ভেনুগোপালৰ স্বাক্ষৰ সম্বলিত সেই তালিকাখন আপলোড কৰি এই দাবী কৰা হৈছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই তালিকাখন আপলোড কৰি দাবী কৰি লিখিছে- আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব পোৱা কঠোৰ পৰিশ্ৰমী, দূৰদৰ্শী আৰু সাহসী নেতা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু ৰায়বেৰেলী লোক সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰথম বাৰৰ বাবে সংসদীয় নিৰ্বাচনত প্ৰতিদন্দিতা কৰা জনপ্ৰিয় নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীলৈ শুভকামনা জনালো।....

Facebook LinkArchived Link

অনুৰূপভাৱে আন এক ব্যৱহাৰকাৰীয়েও একেই দাবীৰে সেই তালিকাখন আপলোড কৰিছে আৰু আমেথি আৰু ৰাইবৰেলীত ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থীত্ব লাভ কৰা বুলি প্ৰচাৰ কৰিছে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ আনুষ্ঠানিক ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত এই সম্পৰ্কে কোনো প্ৰেছ বিবৃতি আছে নেকি চালোঁ। কিন্তু আমেথি আৰু ৰাইবৰেলী সম্পৰ্কত কোনো ধৰণৰ প্ৰেছ বিবৃতি আমি লাভ নকৰিলোঁ। ইয়াৰ পাছত আমি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰাৰ্থী তালিকা সম্পৰ্কত কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে দিয়া একেবাৰে শেহতীয়া প্ৰেছ বিবৃতিটো বিচাৰি উলিয়ালোঁ আৰু পৰীক্ষা কৰি চালোঁ।

৩০ এপ্ৰিল ২০২৪,মঙলবাৰে প্ৰকাশ কৰা প্ৰেছ বিবৃতিটোত হাৰিয়ানা,হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰা তালিকাখন আমি লাভ কৰিলোঁ। সেইমৰ্মে ৯ নং গুৰগাওঁ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে ৰাজ বাব্বৰে, ১ নং কাংগ্ৰা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে আনন্দ শৰ্মাই, ৩নং হামিৰপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে সতপাল ৰাইজাদাই আৰু ২৬ নং উত্তৰ মুম্বাই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে ভূষণ পাটিলে।

Archived Link

এই তথ্য লাভৰ অন্তত আমি দেশৰ আগশাৰীৰ প্ৰতিস্থিত, নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানসমুহে এই সম্পৰ্কে কৰা বাতৰিৰ সন্ধান কৰিলোঁ আৰু দ্য হিন্দুৱে কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ উদ্ধৃতি দি প্ৰকাশ কৰা এটা বাতৰি লাভ কৰিলোঁ। তাত কোৱা হৈছে যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই হে বহুচৰ্চিত অমেথি আৰু ৰাইবৰেলী সমষ্টি দুটাৰ প্ৰাৰ্থী ঘোষণা কৰিব। কংগ্ৰেছ নিৰ্বাচনী কমিটীয়ে সভাপতি খাৰ্গেক সেই এক্তিয়াৰ প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে। ১মে’ ২০২৪,সোমবাৰে বিয়লি ৩ বাজি ৫৩ মিনিটত প্ৰকাশ কৰা এই বাতৰিটোত উল্লেখ কৰা হৈছে যে ২৪ঘণ্টাৰ ভিতৰতেই হয়তো এই ঘোষণা কৰা হ’ব। অৰ্থাত এই প্ৰতিবেদন লিখি থকা সময়লৈ সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম সভাপতি খাৰ্গেই ঘোষণা কৰা নাই।

Archived Link

তদুপৰি কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা, আমি ইতিমধ্যেই ওপৰত উল্লেখ কৰা শেহতীয়া প্ৰাৰ্থী তালিকাখনক লৈ এনডিটিভিয়ে ৩০ এপ্ৰিল,২০২৪, মঙলবাৰে কৰা বাতৰিতো উল্লেখ কৰা হৈছে যে আলোচিত সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা হোৱা নাই।

Archived Link

কেৱল ইমানেই নহয় টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিটো শেহতীয়া চাৰিটা সমষ্টিৰ কথা উল্লেখ কৰি আমেথি আৰু ৰাইবৰেলীৰ প্ৰাৰ্থী ঘোষণা নোহোৱাৰ কথাটো লিখা হৈছে।

Archived Link

আমি মিন্টে কৰা এক বাতৰি লাভ কৰিলোঁ, য’ত লিখা হৈছে যে যদিও কংগ্ৰেছ দলৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতাই সেই সমষ্টি দুটাৰ পৰা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে কিন্তু প্ৰিয়ংকা গান্ধীয়ে ৰাইবৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰাতকৈ দলৰ নিৰ্বাচনী প্ৰচাৰতহে অধিক মনোনিবেশ কৰাত গুৰুত্ব আৰোপ কৰা বুলি লিখা হৈছে। একেদৰে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো একেধৰণৰ কথায়ে কংগ্ৰেছ দলৰ সূত্ৰৰ আঁত ধৰি সেই বাতৰিত লিখা হৈছে। বাতৰিটো অনুসৰি এইবাৰ গান্ধী পৰিয়ালৰ এই দুই উত্তৰাধিকাৰীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা নকৰিবও পাৰে।

Archived Link

সদৌ শেষত আমি অধিক নিশ্চিতিৰ বাবে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰু এই নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সৈতে এই সম্পৰ্কত কথা পাতোতে তেখেতে জানিবলৈ দিয়ে যে এই মুহূৰ্তলৈকে উল্লিখিত সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সেই ঘোষণা কৰিব বুলি তেখেতেও আমাক জানিবলৈ দিয়ে।

এই সমষ্ট তথ্যৰ পৰা এটা কথা নিশ্চিত হয় যে যিখন তালিকা ফেচবুকৰ জৰিয়তে একাংশ ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিছে,সেইখন ভুৱা। কংগ্ৰেছ দলৰ তৰফৰ পৰা এতিয়ালৈকে আমেথি আৰু ৰাইবৰেলীৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফেচবুকত বহুল প্ৰচাৰ হোৱা তালিকাখন ভুৱা। কংগ্ৰেছ দলৰ তৰফৰ পৰা এতিয়ালৈকে আমেথি আৰু ৰাইবৰেলীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমেথি আৰু ৰাইবৰেলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব দিয়া বুলি ভুৱা প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False