শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু ভিডিঅ’ বিভিন্ন মিছা, বিভ্ৰান্তিকৰ,সংগতিহীন দাবীৰে ভাইৰেল হৈ আছে। তেনেকুৱা এটা ভিডিঅ’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰি দাবী কৰিছে যে শেহতীয়া এই কৃষক আন্দোলনৰ আঁৰত আছে পাকিস্তানী বিচ্ছিন্নতাবাদী আৰু ই আন্তৰ্জাতিক ইছলামিক ইক'চিষ্টেমৰ দ্বাৰা প্ৰযোজিত তথা ভাৰতত অতীতৰ পৰা চলি অহা গজৱা-এ-হিন্দ বিপ্লৱ আৰু ভাৰতক খণ্ডিত কৰা এক ষড়যন্ত্ৰ। পোষ্টটোত লিখিছে - ভয়ংকৰ ভিডিওটো চাওকচোন...কৃষক আন্দোলনটো যে আন্তৰ্জাতিক ইছলামিক ইক'চিষ্টেমৰ দ্বাৰা প্ৰযোজিত আৰু ভাৰতত অতীতৰ পৰা চলি অহা #গজৱা_এ_হিন্দ আৰু ভাৰত খণ্ডিত কৰা এক ষড়যন্ত্ৰৰ অংগ সেই কথা প্ৰমাণ হ'ল।

পাকিস্তানৰ নিৰাপত্তা বিশ্লেষক জনৰ কথা খিনি শুনকচোন।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’ ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তাত VashiAgniveer বুলি এটা ৱাটাৰমাৰ্ক আছে। ৱাটাৰ মাৰ্কটোৰ পৰা সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰ)ত আপলোড হোৱা ভিডিঅ’ বুলি অনুমান কৰি এক্সত তাৰ সন্ধান কৰোঁতে আমি ২০২০ চনৰ ৩০ নৱেম্বৰত Pakistan Untold নামৰ হেণ্ডেলটোৰ সেই ভিডিঅ’টো আপলোড কৰি থোৱা অৱস্থাত পালোঁ। তাত লিখা হৈছিল- Those who say "Ghazwa e Hind- destruction of Hindus" is "yet another hoax like Love Jihad" furthered by "Hindutva bigots", watch. This honest Pakistani Zaid Hamid explains it on Pak national TV with his gun on the wall. Problem of pigeon is cat doesn't vanish by closing eyes.(যিসকলে কয় যে "গাজৱা ই হিন্দ- হিন্দু ধ্বংস" হৈছে "হিন্দুত্ববাদী কুসংস্কাৰ"ৰ দ্বাৰা আগুৱাই নিয়া "লাভ জেহাদৰ দৰে আন এক প্ৰৱঞ্চনা", চাওক। এই সৎ পাকিস্তানী জাইদ হামিদে পাক ৰাষ্ট্ৰীয় টিভিত দেৱালত বন্দুক লৈ বুজাইছে। পাৰ চৰাইৰ সমস্যাটো হৈছে মেকুৰী চকু মুদিলে নাইকিয়া নহয়।)

Archived Link

এই এক্স পোষ্টটোৰ আঁত ধৰি আমি ইউটিউৱত সেই বিশেষ টেলিভিছন চেনেলটোৰ সন্ধান কৰিলোঁ আৰু জানিব পাৰিলোঁ য়ে সেইটো পাকিস্তানৰ BOL News নামৰ টিভি চেনেল, য’ত এই কথাবতৰাখিনি হৈছিল। ২০১৯ চনৰ ২৯ ফেব্ৰুৱাৰীত চেনেলটোত আপলোড কৰা Aisay Nahi Chalay Ga With Fiza Akbar Khan 23rd Aug 2019 | BOL News শীৰ্ষক এটা অনুষ্ঠানত সেই ভাইৰেল হোৱা ভিডিঅ’টোৰ পূৰ্ণাংগ ৰূপটো আমি পালোঁ। তাত পাকিস্তানী নিৰাপত্তা বিশ্লেষক জাইদ হামিদক গজৱা-এ-হিন্দ সন্দৰ্ভত এংকৰগৰাকীয়ে প্ৰশ্ন কৰাত তেওঁ উল্লেখ কৰিছে যে গজৱা-এ-হিন্দ ভাৰতৰ বিৰুদ্ধে চলি অহা এক বহু পুৰণি বিপ্লৱ। তেওঁ মহম্মদ ঘোৰীৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি শেহতীয়া সীমান্তত চলা আক্ৰমণ তথা চোছিয়েল মিডিয়াৰ আক্ৰমণলৈ সকলো ভাৰতবিৰোধী বিপ্লৱকেই গজৱা-এ-হিন্দৰ অন্তৰ্গত বুলি উল্লেখ কৰিছে। তেওঁ ১৯৪৮চনৰ পৰা বৰ্তমানলৈ চলা সীমান্তৰ বহু যুদ্ধৰ কথা উল্লেখ কৰিছে।

Archived Link

৩৪ মিনিট ১৮ চেকেণ্ডৰ ভাৰতবিৰোধী কথাবতৰাৰ এই অনুষ্ঠানটোত ভাৰতৰ পৰা নিৰ্মিত ৱেব চিৰিজৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰসংগই স্থান লাভ কৰিছিল। কিন্তুত তাত কতো কৃষক আন্দোলনৰ কথা উল্লেখ নাই। কৃষক আন্দোলনক গজৱা-এ-হিন্দৰ অন্তৰ্গত বুলি জাইদ হামিদে কোৱা আমি নেদেখিলোঁ।

গতিকে ইয়াৰ পৰা আমি এই সত্যত উপনিত হ’ব পাৰোঁ যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে ২০১৯ চনতে পাকিস্তানৰ এটা টিভি চেনেলত এগৰাকী পাকিস্তানী নিৰাপত্তা বিশ্লেষকে সম্পূৰ্ণ পৃথক বিষয় এটাৰ সন্দৰ্ভত কোৱা কথাখিনিকে বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে সংযুক্ত বুলি এক বিভ্ৰান্তিকৰ দাবী উত্থাপন কৰি প্ৰচাৰ কৰিছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। সেই ভিডিঅ’টো ২০১৯চনৰ ২৯ ফেব্ৰুৱাৰীৰে য’ত পাকিস্তানী নিৰাপত্তা বিশ্লেষক জাইদ হামিদে সম্পূৰ্ণ ভিন্ন বিষয় এটা সন্দৰ্ভত কথা কৈছিল। সেই কথাৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই কৃষক আন্দোলন পাকিস্তানী গজৱা-এ-হিন্দৰ অন্তৰ্গত আক্ৰমণ নহয়। এই দাবী বিভ্ৰান্তিকৰ।

Fact Check By: Pranjal Sharma

Result: Misleading