শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ই-কমাৰ্ছ প্ৰতিস্থান ‘মিন্ত্ৰা’ই নিৰ্দিষ্ট গ্ৰাহকক ফেশ্ব্যন গিফ্ট অফাৰ প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

তাৰ তলত এক কমেণ্ট চেকছন আছিল। তাত বহুলোকে কমেণ্ট কৰা আমি দেখা পালোঁ। কিন্তু সেই প্ৰোফাইলসমুহত ক্লিক কৰি আমি সফলতা লাভ নকৰিলোঁ। কমেণ্টসমুহ ভুৱা আছিল।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে আমি কেইটামান প্ৰশ্নৰ উত্তৰ দিয়াত এনেকুৱা এটা প্ৰম্প্ট লাভ কৰিলোঁ। আমাক জনোৱা হ’ল যে আমি এটা এয়াৰপড লাভ কৰিছোঁ উপহাৰ হিচাপে।

ক্ৰমে ক্লিক কৰি গৈ গৈ আমি সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ।

নিৰ্দিষ্ট প্ৰকাৰে আমি সেই লিংক শ্বেয়াৰ কৰাৰ অন্তত প্ৰম্প্ট আহিল যে ১২ ঘণ্টাৰ ভিতৰত আমালৈ সেই উপহাৰ প্ৰেৰণ কৰা হ’ব।

কিন্তু কোনোধৰণ ফলপ্ৰসু ব্যৱস্থাৰ ইংগিত লাভ নকৰাত আমি প্ৰথমে মিন্ত্ৰাৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ মিন্ত্ৰাৰ ফেচবুক পেজটো। তাত আমি এই ধৰণৰ কোনো সুবিধাৰ কথা উল্লেখ কৰি দিয়া পোষ্ট নাপালোঁ।

আনকি মিন্ট্ৰাৰ এক্স হেণ্ডেলতো কোনো ধৰণৰ তেনেকুৱা অফাৰ বা সুবিধাৰ কথা উল্লেখ কৰি দিয়া টুইট নেদেখিলোঁ।

মিন্ট্ৰাৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই কোনো অফাৰ বা উপহাৰৰ পোষ্ট নেদেখিলোঁ।

মিন্ট্ৰাৰ ৱেবছাইট তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত তেনে কোনো অফাৰৰ পোষ্ট নাপালোঁ । ইয়াৰ পৰা আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। মিন্ট্ৰাই কোনো ধৰণৰ অফাৰ এই সময়খিনিত প্ৰদান কৰা নাই। এই দাবী মিছা।

এইখিনিটো উল্লেখ কৰিব বিচাৰিছোঁ যে সময়ে সময়ে এইধৰণ ভুৱা লিংক প্ৰচাৰ হৈ থাকে। আমি ফেক্ট ক্ৰেছেণ্ডোৱে এইধৰণৰ ভুৱা লিংকৰ সত্যতা নিৰূপণ কৰি আহিছোঁ। অতি শেহতীয়াকৈ যোৱা ২ মাৰ্চ ২০২৪ত ভাৰতীয়া ডাক সেৱাৰ চাবচিডী দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা লিংক এটাৰ সত্যতা নিৰূপণ কৰি আপোনালোকক জনাইছিলোঁ যে সেই লিংকটো ভুৱা।

সেই লেখাটো আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

পাঠক সকললৈ আহ্বান

সময়ে সময়ে এইধৰণৰ ভুৱা লিংক হোৱাটছএপত ভাইৰেল হৈ থাকে। দেখা মাত্ৰকে সেই লিংকত ক্লিক কৰি বিপদত নপৰিব। এইধৰণৰ লিংকৰ জাল পাতি দুষ্ট চক্ৰই ডাটা হৰলুকি কৰাৰ পৰা আৰম্ভ কৰি হেকিঙলৈকে বিভিন্ন অপৰাধ সংঘটিত কৰে। তেনেকুৱা কোনো লিংক পালেই আমাৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰক আৰু সেই লিংকৰ সত্যতা জানক। আমাৰ 24/7 ফেক্ট লাইন নম্বৰ 9049053770

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। মিন্ট্ৰাই কোনোধৰণৰ ফেশ্ব্যন গিফ্ট অফাৰ আগবঢ়োৱা নাই। লিংকটো ভুৱা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মিন্ট্ৰাই গ্ৰাহকসকলৰ বাবে ফেশ্ব্যন গিফ্ট অফাৰ আগবঢ়োৱা নাই। লিংকটো ভুৱা।

Fact Check By: Pranjal Sharma

Result: False