শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হোৱা দেখা গৈছে। এটা ৰেলৰ আলিত শিল আৰু অন্য সামগ্ৰী দি থোৱা দৃশ্যৰ ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেয়া কেৰালাৰ দৃশ্য। কেৰালাত মুছলমান লোকে তেনেকৈ ৰেলৰ ক্ষতিসাধন কৰাৰ বাবে ৰেলৰ আলিত শিল দি থোৱা বুলি কোৱা হৈছে। এটা ফেচবুক পেজত সেই ভিডিঅ’টো আপলোড কৰি লিখা হৈছে - #BreakingNews কেৰেলাত মুছলমানে ৰে'ল বগৰাবলৈ চেষ্টা কৰাৰ দৃশ্য।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? সেই দৃশ্য সঁচাকৈয়ে কেৰালাৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো নিৰ্দিষ্ট কী-ফ্ৰেমত বিশেষ কাৰিকৰি উপায়েৰে ভাগ কৰি লৈ তাৰ পৰা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ৰেইলহুইছ্পাৰে ২০২৩ চনৰ ২ অক্টোবৰতেই সেই ভিডিঅ’টো আপলোড কৰি এক্সত কৰা এটা টুইট পালোঁ। সেই টুইট অনুসৰি উদয়পুৰৰ পৰা জয়পুৰলৈ গৈ থকা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাপথত ভিলৱাৰাৰ ৰেলৰ আলিত কোনো দুৰ্বৃত্তই শিল পেলাই থৈছিল।

Archived Link

অধিক অনুসন্ধান কৰোতে আমি একাধিক বাতৰিৰ প্ৰতিবেদন লাভ কৰিলোঁ। এনডিটিভিয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি ২ অক্টোবৰ ২০২৩ত তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰিছিল।

Archived Link

তদুপৰি নিউজ ১৮ৰ বাতৰি মতে, ২০২৩ চনৰ ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত ৰাজস্থানৰ চিত্তৰগড় জিলাৰ গংগাৰাৰ-ছোনিয়ানা অঞ্চলত এই ঘটনা সংঘটিত হৈছিল। উত্তৰ পশ্চিম ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কেপ্তেইন শশী কিৰণৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে এই ঘটনাৰ বাবে ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ৰে’ল আইনৰ অধীনত এক গোচৰ ৰুজু কৰে।

Archived Link

চিএনএন নিউজ১৮ৰ ইউটিউৱ চেনেলতো একে দিনাই প্ৰচাৰ কৰা সেই বাতৰিটো আমি পালোঁ।

Archived Link

ইয়াৰ উপৰিও আমি ইণ্ডিয়া টুডে’ই ২০২৩ চনৰ ২ অক্টোবৰত প্ৰকাশ কৰা এক প্ৰতিবেদনত পালোঁ যে গংৰাৰ আৰু চোনিয়ানাৰ মাজত এই ঘটনাটো সংঘটিত হৈছিল। ৰেলখনৰ লোকোপাইলতে আপাতকালীন ব্ৰেক লগাই ৰেলখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পৰা ৰক্ষা কৰিছিল।

Archived Link

তেওঁলোকৰ ইউটিউৱ চেনেলতো আমি সেই ভিডিঅ’টোৰ সৈতে কৰা বাতৰিটো লাভ কৰিলোঁ।

Archived Link

এই আটাইখিনি তথ্য প্ৰমানৰ পৰা আমি নিশ্চিত হ’লোঁ যে ঘটনাটো কেৰালাৰ নহয়, ৰাজস্থানৰ হে। সেয়া এই লেখাৰ আৰম্ভনীতে উল্লেখ কৰা অসমৰ ফেচবুক পেজটোৱে দাবীটোৰে সৈতে আপলোড কৰা সময়ৰো নহয়। সেয়া প্ৰায় ছমাহ পুৰণি এক ঘটনা।

এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে পেজটোৱে দাবী কৰিছিল যে কেৰালাত মুছলমানে ৰেল বগৰাবলৈ এইদৰে ৰেলৰ আলিত শিল-ৰড আদি ৰাখিছিল। কিন্তু প্ৰকৃততে ৰাজস্থানত সংঘটিত হোৱা ঘটনাটোত মুছলমান কোনো লোক জৰিত হৈ আছে নেকি, সেই তথ্য আমি লাভ কৰা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ঘটনাটো কেৰালাত নহয় ৰাজস্থানত হে সংঘটিত হৈছিল। সেয়াও ছমাহ আগতেই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাজস্থানৰ ছমাহ পুৰণি ঘটনাৰ দৃশ্য কেৰালাৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False